--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰকৃত বন্ধু কেতিয়াবা গোটেই জীৱনৰ বাবে আৰ্শীবাদ স্বৰূপ হৈ পৰে৷ প্ৰকৃত বন্ধুয়ে দান দিব পাৰে নতুন জীৱনো৷ আৰু সততে শুনিবলৈ পোৱা এনে কথাবোৰকে সঁচা প্ৰমাণ কৰিলে উত্তৰ প্ৰদেশৰ নয়ডাৰ কেইগৰাকীমান বন্ধুয়ে৷ 

এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ গুৰুতৰভাৱে আহত হৈছিল বি.টেকৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰী ছুইটী। দূৰ্ঘটনাত পতিত ছুইটীক সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছিল কৈলাশ হাস্পতালত৷ কিন্তু ছুইটীৰ চিকিৎসাৰ ব্যয় বহন কৰিব পৰাকৈ আৰ্থিকভাৱে সবল নাছিল ছুইটীৰ পৰিয়াল৷ কিন্তু ছুইটীৰ  সাহস হৈ থিয় হ’ল তেওঁৰ অন্তৰংগ কেইজনমান বন্ধু৷ 

ছুইটীৰ চিকিৎসাৰ  বাবে দিন -ৰাতি একাকাৰ কৰি ধন সংগ্ৰহ কৰাত ব্যস্ত হৈ পৰিল ছুইটীৰ বন্ডা° আশীৰ্বাদ মণি ত্ৰিপাঠী, কৰণ পাণ্ডে, আদৰ্শ সিং, ৰাজ শ্ৰীবাস্তৱ, অনুভৱ যাদৱ, ৰাজমণি, চন্দন সিং, শুভম, আৰু প্ৰতীক৷ সামাজিক মাধ্যমৰ জৰিয়তে তেওঁলোকে ছুইটীৰ বাবে ধন সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰে৷ 

সেয়ে ৮ যুৱকে মিলি প্ৰথমে কলেজৰ অন্য ছাত্ৰ-ছাত্ৰীৰ সহযোগত এক লাখ টকা যোগাৰ কৰি ছুইটীৰ চিকিৎসা আৰম্ভ কৰে। কিন্তু চিকিৎসকে প্ৰকাশ কৰে যে ছুইটীৰ চিকিৎসাৰ বাবদ প্ৰয়োজন হ’ব প্ৰায় ৩০-৩৫ লাখ টকা।

এনে সময়ত ছুইটীৰ বন্ধু আশীৰ্বাদ মণি ত্ৰিপাঠী, কৰণ পাণ্ডে, আদৰ্শ সিং, ৰাজ শ্ৰীবাস্তৱ, অনুভৱ যাদৱ, ৰাজমণি, চন্দন সিং, শুভম, প্ৰতীকে বান্ধৱীৰ চিকিৎসাৰ ব্যয়ৰ বাবে সহায় লয় সামাজিক মাধ্যমৰ।

ফেচবুক, হোৱাটছএপ, ইনষ্টাগ্ৰাম আদি সামাজিক মাধ্যমত দিনে নিশাই ছুইটীৰ হৈ সহায় বিচাৰি ১০ দিনত ৩০ লাখ টকা সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৮ বন্ধুৱে।

একে সময়তে যুৱক কেইজনৰ বন্ধুত্ব আৰু ছুইটীৰ পৰিয়ালৰ আৰ্থিক দুৰাৱস্থাৰ বিষয়ে জানিব পাৰি আৰক্ষী আয়ুক্ত লক্ষ্মী সিঙে আৰক্ষী বিভাগৰ সহকৰ্মীসকলৰ সৈতে মিলি ১০ লাখ টকা ছুইটীৰ চিকিৎসাৰ বাবে প্ৰদান কৰে।

আনকি  ছুইটীৰ বাবে ধন সংগ্ৰহৰ সময়ত বন্ধু কেইজনে মহাবিদ্যালয়ৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিছিল যদিও একমাত্ৰ বান্ধৱীক জীয়াই তোলাৰ খাতিৰতে তেওঁলোকে পৰীক্ষালৈও ভ্ৰুক্ষেপ কৰা নাছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু