--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰকৃত বন্ধু কেতিয়াবা গোটেই জীৱনৰ বাবে আৰ্শীবাদ স্বৰূপ হৈ পৰে৷ প্ৰকৃত বন্ধুয়ে দান দিব পাৰে নতুন জীৱনো৷ আৰু সততে শুনিবলৈ পোৱা এনে কথাবোৰকে সঁচা প্ৰমাণ কৰিলে উত্তৰ প্ৰদেশৰ নয়ডাৰ কেইগৰাকীমান বন্ধুয়ে৷ 

এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ গুৰুতৰভাৱে আহত হৈছিল বি.টেকৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰী ছুইটী। দূৰ্ঘটনাত পতিত ছুইটীক সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছিল কৈলাশ হাস্পতালত৷ কিন্তু ছুইটীৰ চিকিৎসাৰ ব্যয় বহন কৰিব পৰাকৈ আৰ্থিকভাৱে সবল নাছিল ছুইটীৰ পৰিয়াল৷ কিন্তু ছুইটীৰ  সাহস হৈ থিয় হ’ল তেওঁৰ অন্তৰংগ কেইজনমান বন্ধু৷ 

ছুইটীৰ চিকিৎসাৰ  বাবে দিন -ৰাতি একাকাৰ কৰি ধন সংগ্ৰহ কৰাত ব্যস্ত হৈ পৰিল ছুইটীৰ বন্ডা° আশীৰ্বাদ মণি ত্ৰিপাঠী, কৰণ পাণ্ডে, আদৰ্শ সিং, ৰাজ শ্ৰীবাস্তৱ, অনুভৱ যাদৱ, ৰাজমণি, চন্দন সিং, শুভম, আৰু প্ৰতীক৷ সামাজিক মাধ্যমৰ জৰিয়তে তেওঁলোকে ছুইটীৰ বাবে ধন সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰে৷ 

সেয়ে ৮ যুৱকে মিলি প্ৰথমে কলেজৰ অন্য ছাত্ৰ-ছাত্ৰীৰ সহযোগত এক লাখ টকা যোগাৰ কৰি ছুইটীৰ চিকিৎসা আৰম্ভ কৰে। কিন্তু চিকিৎসকে প্ৰকাশ কৰে যে ছুইটীৰ চিকিৎসাৰ বাবদ প্ৰয়োজন হ’ব প্ৰায় ৩০-৩৫ লাখ টকা।

এনে সময়ত ছুইটীৰ বন্ধু আশীৰ্বাদ মণি ত্ৰিপাঠী, কৰণ পাণ্ডে, আদৰ্শ সিং, ৰাজ শ্ৰীবাস্তৱ, অনুভৱ যাদৱ, ৰাজমণি, চন্দন সিং, শুভম, প্ৰতীকে বান্ধৱীৰ চিকিৎসাৰ ব্যয়ৰ বাবে সহায় লয় সামাজিক মাধ্যমৰ।

ফেচবুক, হোৱাটছএপ, ইনষ্টাগ্ৰাম আদি সামাজিক মাধ্যমত দিনে নিশাই ছুইটীৰ হৈ সহায় বিচাৰি ১০ দিনত ৩০ লাখ টকা সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৮ বন্ধুৱে।

একে সময়তে যুৱক কেইজনৰ বন্ধুত্ব আৰু ছুইটীৰ পৰিয়ালৰ আৰ্থিক দুৰাৱস্থাৰ বিষয়ে জানিব পাৰি আৰক্ষী আয়ুক্ত লক্ষ্মী সিঙে আৰক্ষী বিভাগৰ সহকৰ্মীসকলৰ সৈতে মিলি ১০ লাখ টকা ছুইটীৰ চিকিৎসাৰ বাবে প্ৰদান কৰে।

আনকি  ছুইটীৰ বাবে ধন সংগ্ৰহৰ সময়ত বন্ধু কেইজনে মহাবিদ্যালয়ৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিছিল যদিও একমাত্ৰ বান্ধৱীক জীয়াই তোলাৰ খাতিৰতে তেওঁলোকে পৰীক্ষালৈও ভ্ৰুক্ষেপ কৰা নাছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক