--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ জীৱন বিপদাপন্ন! অতি শীঘ্ৰেই ৰঙা ঘৰৰ আলহী হ’ব পাৰে প্ৰাক্তন পাক প্ৰধানমন্ত্ৰীগৰাকী। বিপদে লগ নেৰা হৈছে প্ৰাক্তন পাক প্ৰধানমন্ত্ৰী ইমৰান খানক। কিছুদিন পূৰ্বে ক্ষমতাৰ পৰা অপসাৰিত হোৱাৰ পিছত এইবাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী কাৰগাৰমুখী হোৱাৰ সম্ভাৱনা গা কৰি উঠিছে। ৰাজধানী ইছলামবাদকে ধৰি সমগ্ৰ পাকিস্তানত তেওঁৰ বিৰুদ্ধে কেইবাটাও গোচৰ ৰুজু কৰা হৈছে বুলি খবৰ ওলাইছে। ইমৰাণক গ্ৰেপ্তাৰৰ বাবে তেওঁৰ ঘৰৰ বাহিৰত মোতায়েন কৰা হৈছে আৰক্ষী। আদালতে তেওঁলোকক প্ৰদান কৰা প্ৰত্যাশিত জামিন কেতিয়া শেষ হ’ব তাৰ বাবে অপেক্ষা কৰি আছে।

পিটিআইৰ মুৰব্বী ইমৰাণ খানে শেহতীয়াকৈ খাইবাৰ পাখতুনখোৱা প্ৰদেশৰ পৰা নিজৰ দলৰ ‘আজাদী মাৰ্চ’ আৰম্ভ কৰিছিল। ৰাজধানী ইছলামবাদত পদযাত্ৰা সমাপ্ত কৰি তেওঁ খাইবাৰ পাখতুনখোৱালৈ উভতি আহে। ইয়াত তেওঁৰ দলৰে চৰকাৰ। আনহাতে, আজাদী মাৰ্চৰ সময়ত আৰক্ষীৰ সৈতে হোৱা হিংসাত্মক সংঘৰ্ষৰ বাবে ৰাজধানী ইছলামবাদকে ধৰি সমগ্ৰ পাকিস্তানত ইমৰাণ খানৰ বিৰুদ্ধে কেইবাটাও গোচৰ ৰুজু হৈছে। এনে ঘটনাৰ পৰিপ্ৰেক্ষিততে ইমৰান খানৰ গ্ৰেপ্তাৰ আসন্ন বুলি ধাৰণা কৰি লোৱা হৈছে।

দেওবাৰে স্বৰাজ মন্ত্ৰী ৰানা ছানাউল্লাই কয় যে, পাকিস্তান তেহৰিক-ই-ইনছাফৰ অধ্যক্ষ ইমৰাণ খানৰ বানী গালাৰ বাসগৃহৰ বাহিৰত নিৰাপত্তাৰ বাবে আৰক্ষী নিয়োগ কৰা হৈছে। তেওঁক গ্ৰেপ্তাৰৰ বাবে অপেক্ষা কৰি আছে আৰক্ষীয়ে। গ্ৰেপ্তাৰৰ পূৰ্বে জামিন শেষ হোৱাৰ লগে লগে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব প্ৰাক্তন পাক প্ৰধানমন্ত্ৰীগৰাকীক। নিয়াজীৰ বিৰুদ্ধে সংঘৰ্ষ, ৰাষ্ট্ৰদ্ৰোহ আৰু অৰাজকতা বিয়পোৱাৰ অভিযোগত ২৪টাতকৈ অধিক গোচৰ ৰুজু হৈছে তেওঁৰ বিৰুদ্ধে।

আনহাতে, পিটিআইৰ নেতা শ্বাহবাজ গীলে প্রাক্তন প্রধানমন্ত্রী ইমৰাণ খানৰ নিৰাপত্তা প্রত্যাহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে৷ ইমৰান খানৰ জীৱন বিপদত পৰিছে। আক্ৰমণ হ’ব পাৰে। ইমৰাণ খানৰ ভতিজা হাছান নিয়াজীয়ে কয় যে, ‘প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ কিবা হ’লে পাকিস্তানৰ ওপৰত আক্ৰমণ বুলি গণ্য কৰা হ’ব। আমি ইয়াৰ আঁৰত থকাসকলক আক্ৰমণাত্মক উত্তৰ দিবলৈ সাজু।’ 

ইমৰাণ খান আৰু অন্যান্য পিটিআই নেতাৰ বিৰুদ্ধে উত্থাপিত অগ্নিসংযোগ আৰু ভেঙুচালিৰ অভিযোগ সন্দৰ্ভত ইছলামবাদৰ থানাত কেইবাটাও গোচৰ ৰুজু কৰা হৈছে। পেছৱাৰ উচ্চ ন্যায়ালয়ৰ পৰা ২৫ জুনলৈকে অগ্ৰিম জামিন লাভ কৰিছে তেওঁ।জামিনৰ ম্যাদ উকলি যোৱাৰ পূৰ্বে ইছলামবাদৰ সত্ৰ ন্যায়াধীশ আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে ইমৰাণ খানক।

ইফালে, ইছলামবাদ আৰক্ষীয়ে জনোৱা মতে, ইমৰাণ খানৰ আগমনৰ খবৰ পোৱাৰ পাছতে তেওঁৰ বাসগৃহত বাণী গালাৰ আশে-পাশে নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে। ইছলামবাদত বলবৎ কৰা হৈছে ১৪৪ ধাৰা।

মন কৰিবলগীয়া যে,  খেলুৱৈ জীৱনৰ শেষত ৰাজনীতিৰ সৈতে জড়িত হৈ পৰিছিল ইমৰাণ খান। বিশ্ব ক্ৰিকেটৰ সৰ্বকালৰ শ্ৰেষ্ঠ অলৰাউণ্ডাৰসকলৰ ভিতৰত অন্যতম আছিল ইমৰাণ খান। তেওঁৰ অধিনায়কত্বতে পাকিস্তানে ১৯৯২ চনৰ বিশ্বকাপ জয় কৰিছিল। ১৯৯২ চনৰ বিশ্বকাপ জয়ৰ পিছত ১৯৯৬ চনত ইমৰাণ খানে ৰাজনীতিত প্ৰৱেশ কৰে। দুৰ্নীতি বিৰোধী শ্ল’গানেৰে ১৯৯৬ চনৰ এপ্ৰিলত প্ৰতিষ্ঠা কৰে পাকিস্তান তেহৰিক-ই-ইনছাফ নামৰ এটা ৰাজনৈতিক দল।

পৰবৰ্তী বছৰত ১৯৯৭ চনত তেওঁ নিৰ্বাচনত দুটা কেন্দ্ৰৰ পৰা প্ৰতিদ্বন্দ্বীতা আগবঢ়াই যদিও দুয়োটাতে পৰাজিত হয়। পিছত তেওঁ ২০০২ চনৰ নিৰ্বাচনত জয়ী হয়। ২০১৩ চনত পাকিস্তানৰ নিৰ্বাচনত তেওঁৰ দল দ্বিতীয় বৃহত্তম দল হিচাপে আসন লাভ কৰে। আৰু ২০১৮ চনৰ ২৫ জুলাইত পাকিস্তানৰ জাতীয় পৰিষদৰ নিৰ্বাচনত তেওঁৰ দল সৰ্ববৃহৎ দলত পৰিণত হয়। তেওঁ ২০১৮ চনৰ ১৮ আগষ্টত প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ইমৰান খানে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দৰভংগা আদালতত গ্ৰেপ্তাৰ বিখ্যাত অধিবক্তা অম্বাৰ ইমাম হাছমী
কানাডাৰ পৰা ভাৰত জ্বলোৱাৰ পৰিকল্পনা খালিস্তানীৰ
মণিপুৰৰ ফুটবল ফৰ চেইঞ্জ ছেমি ফাইনেলত
ৰাজ্যত কঠোৰভাৱে বলৱৎ হ'ব গো-সুৰক্ষা আইন
যুদ্ধত জড়িত হ'ব নে নহয় দুসপ্তাহত সিদ্ধান্ত ল'ব ট্রাম্পে
১০০০ ভাৰতীয়ক উদ্ধাৰৰ বাবে ইৰানে খুলি দিলে বন্ধ হৈ থকা আকাশমার্গ
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত