--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গীৰ্জাত চলি আছিল প্ৰাৰ্থনা ৷ হঠাতে গাৰ্জাৰ ভিতৰত প্ৰৱেশ কৰিলে অস্ত্ৰ-শস্ত্ৰৰে সু-সজ্জিত সন্ত্ৰাসবাদৰ এটা দলে৷ কোনো কথাৰ অৱতাৰণা নকৰাকৈয়ে সন্ত্ৰাসবাদীয়ে আৰম্ভ কৰিলে গুলীবৰ্ষণ৷ ঘটনাটো ঘটিছে দক্ষিণ-পশ্চিম নাইজেৰিয়াৰ এটা কেথলিক গীৰ্জাত৷ 

গীৰ্জাঘৰটোত দেওবাৰে সন্ত্ৰাসবাদীয়ে প্ৰৱেশ কৰি প্ৰাৰ্থনা কৰি থকা লোকসকলৰ ওপৰত  গুলীচালনা কৰাত  ৫০ জনৰো অধিক লোকৰ মৃত্যু ঘটাৰ খবৰ আহিছে৷সন্ত্ৰাসবাদীয়ে গীৰ্জাটোত বোমা বিস্ফোৰণ ঘটোৱা বুলিও জানিব পৰা গৈছে৷

এজন আৰক্ষী বিষয়াই জনোৱা অনুসৰি আক্ৰমণকাৰীসকলে ওণ্ডো প্ৰদেশৰ ছেইণ্ট ফ্ৰান্সিছ কেথলিক গীৰ্জাত এই আক্ৰমণৰ ঘটনা সংঘটিত কৰে৷  নিহতসকলৰ ভিতৰত বহু কেইটা শিশুও থকা বুলি আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে৷
নাইজেৰিয়াৰ এগৰাকী চৰকাৰী বিষয়া এডেলেগবে টিমাইলিনে কয় যে আক্ৰমণ সংঘটিত কৰি  সন্ত্ৰাসবাদীয়ে গীৰ্জাটোৰ ফাদাৰজনকো অপহৰণ কৰি নিয়ে৷

নিহতৰ সংখ্যা আৰু অধিক বৃদ্ধি পাব পাৰে বুলি টিমাইলিনে প্ৰকাশ কৰে৷ নাইজেৰিয়াৰ ৰাষ্ট্ৰপতি মহম্মদ বুহাৰীয়ে এই আক্ৰমণৰ ঘটনাক গৰিহণা দি সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে৷ 

গীৰ্জাঘৰটোত কোনে আক্ৰমণ সংঘটিত কৰিলে সেয়া এতিয়াও স্পষ্ট হোৱা নাই৷ কোনো সন্ত্ৰাসবাদী সংগঠনেও আক্ৰমণৰ ঘটনাৰ দায়িত্ব স্বীকাৰ কৰা নাই৷ ঘটনাটোত দেশ খনৰ সন্ত্ৰাসবাদী সংগঠন বকো হাৰাম জৰিত থাকিব পাৰে বুলি বহুতে সন্দেহ কৰিছে৷ 

ইছলামিক সন্ত্ৰাসবাদী সংগঠনটোৱে ইয়াৰ পূৰ্বেও নাইজেৰিয়াৰ কেইবাটাও গীৰ্জাত আক্ৰমণ চলাই বহুলোকৰ প্ৰাণ কাঢ়ি নিছিল৷চলিত বৰ্ষৰ ৮ মাৰ্চত সন্ত্ৰাসবাদীয়ে নাইজেৰিয়াৰ কে বি প্ৰদেশত এটা গাওঁৰক্ষী বাহিনীৰ দলৰ ওপৰত আক্ৰমণ চলাই ৬২ জন লোকক হত্যা কৰিছিল৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
হাইলাকান্দিত পুনৰ জব্দ ৬০ লাখ টকাৰ য়াবা টেবলেট; দুজনক গ্ৰেপ্তাৰ
চাৰ্টৰ জেপত ফোন ৰাখিলে হাৰ্টবিটত কি প্ৰভাৱ পৰে?
এল নিন'ৰ প্ৰভাৱত বতৰৰ পৰিৱৰ্তন! খৰাঙৰ কবলত দেশৰ ৫১% অঞ্চল
জন্মদিনৰ দিনাই দেশবাসীলৈ সোণালী উপহাৰ;এছিয়ান গেমছত স্বৰ্ণজয় লাভলীনা বৰগোহাঁইৰ
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?