--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গীৰ্জাত চলি আছিল প্ৰাৰ্থনা ৷ হঠাতে গাৰ্জাৰ ভিতৰত প্ৰৱেশ কৰিলে অস্ত্ৰ-শস্ত্ৰৰে সু-সজ্জিত সন্ত্ৰাসবাদৰ এটা দলে৷ কোনো কথাৰ অৱতাৰণা নকৰাকৈয়ে সন্ত্ৰাসবাদীয়ে আৰম্ভ কৰিলে গুলীবৰ্ষণ৷ ঘটনাটো ঘটিছে দক্ষিণ-পশ্চিম নাইজেৰিয়াৰ এটা কেথলিক গীৰ্জাত৷ 

গীৰ্জাঘৰটোত দেওবাৰে সন্ত্ৰাসবাদীয়ে প্ৰৱেশ কৰি প্ৰাৰ্থনা কৰি থকা লোকসকলৰ ওপৰত  গুলীচালনা কৰাত  ৫০ জনৰো অধিক লোকৰ মৃত্যু ঘটাৰ খবৰ আহিছে৷সন্ত্ৰাসবাদীয়ে গীৰ্জাটোত বোমা বিস্ফোৰণ ঘটোৱা বুলিও জানিব পৰা গৈছে৷

এজন আৰক্ষী বিষয়াই জনোৱা অনুসৰি আক্ৰমণকাৰীসকলে ওণ্ডো প্ৰদেশৰ ছেইণ্ট ফ্ৰান্সিছ কেথলিক গীৰ্জাত এই আক্ৰমণৰ ঘটনা সংঘটিত কৰে৷  নিহতসকলৰ ভিতৰত বহু কেইটা শিশুও থকা বুলি আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে৷
নাইজেৰিয়াৰ এগৰাকী চৰকাৰী বিষয়া এডেলেগবে টিমাইলিনে কয় যে আক্ৰমণ সংঘটিত কৰি  সন্ত্ৰাসবাদীয়ে গীৰ্জাটোৰ ফাদাৰজনকো অপহৰণ কৰি নিয়ে৷

নিহতৰ সংখ্যা আৰু অধিক বৃদ্ধি পাব পাৰে বুলি টিমাইলিনে প্ৰকাশ কৰে৷ নাইজেৰিয়াৰ ৰাষ্ট্ৰপতি মহম্মদ বুহাৰীয়ে এই আক্ৰমণৰ ঘটনাক গৰিহণা দি সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে৷ 

গীৰ্জাঘৰটোত কোনে আক্ৰমণ সংঘটিত কৰিলে সেয়া এতিয়াও স্পষ্ট হোৱা নাই৷ কোনো সন্ত্ৰাসবাদী সংগঠনেও আক্ৰমণৰ ঘটনাৰ দায়িত্ব স্বীকাৰ কৰা নাই৷ ঘটনাটোত দেশ খনৰ সন্ত্ৰাসবাদী সংগঠন বকো হাৰাম জৰিত থাকিব পাৰে বুলি বহুতে সন্দেহ কৰিছে৷ 

ইছলামিক সন্ত্ৰাসবাদী সংগঠনটোৱে ইয়াৰ পূৰ্বেও নাইজেৰিয়াৰ কেইবাটাও গীৰ্জাত আক্ৰমণ চলাই বহুলোকৰ প্ৰাণ কাঢ়ি নিছিল৷চলিত বৰ্ষৰ ৮ মাৰ্চত সন্ত্ৰাসবাদীয়ে নাইজেৰিয়াৰ কে বি প্ৰদেশত এটা গাওঁৰক্ষী বাহিনীৰ দলৰ ওপৰত আক্ৰমণ চলাই ৬২ জন লোকক হত্যা কৰিছিল৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান