--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমবাসীৰ বাবে সুখবৰ৷ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত ৰাজস্থান ৰয়েলছৰ হৈ খেলা সুযোগ্য অসমীয়া অল ৰাউণ্ডাৰ ৰিয়ান পৰাগে উন্নত প্ৰদৰ্শনৰ সৈতে সকলোৰে মাজত খলকনিৰ সৃষ্টি কৰিছে। ২০২৩ চনৰ দেওধৰ ট্ৰফীত ইষ্ট জ’নৰ হৈ খেলি থকা ৰিয়ান পৰাগে নৰ্থ জ’নৰ বলাৰসকলৰ মাজত চাপৰ সৃষ্টি কৰিছে৷ তদুপৰি আজি ৰিয়ান পৰাগে মাত্ৰ ১০২ বলত ১৩১ ৰানৰ বিধ্বংসী শতকীয় ইনিংছ খেলিছে। এই শতকত ৰিয়ানৰ ১১টা ছিক্সাৰ আৰু ৫টা ফ’ৰৰ অৰিহণা যোগাইছে৷

ছয় নম্বৰত বেটিং কৰিবলৈ অহা ৰিয়ান পৰাগে ৫০ অভাৰৰ এই মেচখনত মাত্ৰ ৮৪টা বলতে শতক অৰ্জন কৰে৷ ৰিয়ান পৰাগ যেতিয়া বেটিং কৰিবলৈ আহিছিল তেতিয়া তেওঁৰ দলৰ স্ক’ৰ আছিল ৫৭ ৰানৰ বিনিময়ত ৫টা উইকেট। পৰাগে ষষ্ঠ উইকেটৰ বাবে কুশাগ্ৰাৰ সৈতে ২৩৫ ৰানৰ অংশীদাৰীত্ব ভাগ কৰে। কুশাগ্ৰাই ৮৭ বলত ৯৮ ৰানৰ ইনিংছ প্ৰদৰ্শন কৰে৷

উল্লেখযোগ্য যে দেওধৰ ট্ৰফীৰ এটা ইনিংছত সৰ্বাধিক ছিক্সাৰ কোবোৱা বেটছমেন হিচাপে পৰিগণিত হয় ৰিয়ান পৰাগ। এই ক্ষেত্ৰত তেওঁ ইউছুফ পাঠানৰ পূৰ্বৰ অভিলেখ ভংগ কৰে। পাঠানে ২০১০ চনত ৱেষ্ট জ’নৰ হৈ খেলি থকাৰ সময়ত নৰ্থ জ’নৰ বিৰুদ্ধে ৯টা ছিক্সাৰ কোবাইছিল। একে সময়তে ২০১৮ চনত ইণ্ডিয়া চিৰ বিৰুদ্ধে ইণ্ডিয়া বিৰ হৈ শ্ৰেয়াছ আয়াৰে আঠটা ছিক্স কোবাইছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ