--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এতিয়াও কমা নাই ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ আক্ৰমণ। শেহতীয়াকৈ বিস্ফোৰণত কঁপি উঠিল ইউক্ৰেইনৰ পূব দিশৰ এখন চহৰ লুহানস্ক। বৰ্তমান চহৰখন ৰাছিয়াৰ দখলত আছে। সেই অনুসৰি এই চহৰখন বৰ্তমান ৰাছিয়াৰ “বিশেষ সামৰিক অভিযান”ৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ।

শুকুৰবাৰে নিশা সংঘটিত হৈছে বিস্ফোৰণৰক ঘটনা। স্থানীয় বিষয়াসকলে এই কথা জনাইছে। অৱশ্যে লুহানস্কত সংঘটিত হোৱা এই আক্ৰমণ সন্দৰ্ভত ইউক্ৰেইনে কোনো মন্তব্য কৰা নাই।

আনহাতে স্বঘোষিত লুহানস্ক পিপলছ ৰিপাব্লিকৰ মুৰব্বী লিঅ’নিড পাচেচনিকে এই আক্ৰমণৰ বাবে ইউক্ৰেইনক দোষাৰোপ কৰে। তেওঁৰ মতে, কিয়েভৰ সন্ত্ৰাসবাদী চৰকাৰে সাধাৰণ নাগৰিকক ভয় খুৱাবলৈ কৰা এয়া আন এক প্ৰচেষ্টা। টেলিগ্ৰাম চেনেলত তেওঁলোকে প্ৰকাশ কৰা অনুসৰি চহৰখনৰ ঔদ্যোগিক অঞ্চলত দুটা ক্ষেপণাস্ত্ৰই আঘাত হানে। তেওঁলোকে দাবী কৰে যে এইবোৰ ইউক্ৰেইনৰ দ্বাৰা নিৰ্মিত “গ্ৰোম” মিছাইল।

উল্লেখ্য যে ৰাছিয়াৰ দখলত থকা চহৰখনত ইয়াৰ আগতে অতি কমেইহে আক্ৰমণ কৰা হৈছিল। কিয়নো এই অঞ্চলটো ইউক্ৰেইনৰ দীৰ্ঘ দূৰত্বৰ ৰকেট আৰু হিমাৰ্ছৰ দৰে মিছাইল ব্যৱস্থাৰ পৰিসৰৰ বাহিৰত। লুহানস্কৰ এজন প্ৰাক্তন বিষয়াৰ উদ্ধৃতি দি ৰাছিয়াৰ সংবাদ সংস্থা টাছে প্ৰকাশ কৰা অনুসৰি প্ৰথমবাৰৰ বাবে ইউক্ৰেইনৰ সশস্ত্ৰ বাহিনীয়ে ১৫০ কিলোমিটাৰ দূৰত্বৰ ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
গুলবীৰ সিঙৰ ৩ হাজাৰ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ
কুকুৰৰ পুনৰবাসনৰ আৱেদন বিবেচনাৰ আশ্বাস মুখ্য ন্যায়াধীশৰ
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ