--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এতিয়াও কমা নাই ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ আক্ৰমণ। শেহতীয়াকৈ বিস্ফোৰণত কঁপি উঠিল ইউক্ৰেইনৰ পূব দিশৰ এখন চহৰ লুহানস্ক। বৰ্তমান চহৰখন ৰাছিয়াৰ দখলত আছে। সেই অনুসৰি এই চহৰখন বৰ্তমান ৰাছিয়াৰ “বিশেষ সামৰিক অভিযান”ৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ।

শুকুৰবাৰে নিশা সংঘটিত হৈছে বিস্ফোৰণৰক ঘটনা। স্থানীয় বিষয়াসকলে এই কথা জনাইছে। অৱশ্যে লুহানস্কত সংঘটিত হোৱা এই আক্ৰমণ সন্দৰ্ভত ইউক্ৰেইনে কোনো মন্তব্য কৰা নাই।

আনহাতে স্বঘোষিত লুহানস্ক পিপলছ ৰিপাব্লিকৰ মুৰব্বী লিঅ’নিড পাচেচনিকে এই আক্ৰমণৰ বাবে ইউক্ৰেইনক দোষাৰোপ কৰে। তেওঁৰ মতে, কিয়েভৰ সন্ত্ৰাসবাদী চৰকাৰে সাধাৰণ নাগৰিকক ভয় খুৱাবলৈ কৰা এয়া আন এক প্ৰচেষ্টা। টেলিগ্ৰাম চেনেলত তেওঁলোকে প্ৰকাশ কৰা অনুসৰি চহৰখনৰ ঔদ্যোগিক অঞ্চলত দুটা ক্ষেপণাস্ত্ৰই আঘাত হানে। তেওঁলোকে দাবী কৰে যে এইবোৰ ইউক্ৰেইনৰ দ্বাৰা নিৰ্মিত “গ্ৰোম” মিছাইল।

উল্লেখ্য যে ৰাছিয়াৰ দখলত থকা চহৰখনত ইয়াৰ আগতে অতি কমেইহে আক্ৰমণ কৰা হৈছিল। কিয়নো এই অঞ্চলটো ইউক্ৰেইনৰ দীৰ্ঘ দূৰত্বৰ ৰকেট আৰু হিমাৰ্ছৰ দৰে মিছাইল ব্যৱস্থাৰ পৰিসৰৰ বাহিৰত। লুহানস্কৰ এজন প্ৰাক্তন বিষয়াৰ উদ্ধৃতি দি ৰাছিয়াৰ সংবাদ সংস্থা টাছে প্ৰকাশ কৰা অনুসৰি প্ৰথমবাৰৰ বাবে ইউক্ৰেইনৰ সশস্ত্ৰ বাহিনীয়ে ১৫০ কিলোমিটাৰ দূৰত্বৰ ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস