--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিদেশৰ পিছত এইবাৰ ভাৰততে বিষাক্ত কফ চিৰাপ খাই কেইবাজনো লোকৰ মৃত্যু ঘটিছে। গুজৰাটত আয়ুৰ্বেদিক কফ চিৰাপ খাই পাঁচজন লোকৰ মৃত্যু ঘটাৰ খবৰ পোৱা গৈছে। আন দুজনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। জানিব পৰা মতে  কফ চিৰাপত বিষাক্ত ৰাসায়নিক পদাৰ্থ আছিল। 

সেই ঔষধ গ্ৰহণ কৰাৰ পিছত বহুলোক অসুস্থ হৈ পৰে। যোৱা দুদিনত পাঁচজন লোকৰ মৃত্যু হৈছে। স্থানীয় আৰক্ষীয়ে ইতিমধ্যে কফ চিৰাপ বিক্ৰীৰ সৈতে জড়িত তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে। তেওঁলোকক কফ চিৰাপৰ বিষয়ে প্ৰশ্ন কৰা হৈছে।

গুজৰাটৰ খেদা জিলাত এই শোকাৱহ ঘটনাটো সংঘটিত হৈছে। আৰক্ষীয়ে জনোৱা অনুসৰি, এখন দোকানত কালমেঘ্শৱ-আচাব অৰিষ্টা নামৰ এটা কফ  চিৰাপ বিক্ৰী হৈ আছিল। কফ  চিৰাপবিধ   বিল্ডোৰা গাঁৱত কমেও ৫০ জন লোকক বিক্ৰী কৰা হৈছিল। বিষাক্ত কফ  চিৰাপ খোৱাৰ পিছত বহুলোক অসুস্থ হৈ পৰে। শেহতীয়া প্ৰতিবেদন অনুসৰি, এই কফ  চিৰাপ খোৱাৰ পিছত পাঁচজন লোকৰ মৃত্যু হৈছে। 

বহুতে ধাৰণা কৰা অনুসৰি  কফ  চিৰাপত বিষাক্ত ৰাসায়নিক মিথাইল এলকহল আছিল। খেদাৰ  এছপি ৰাজেশ গাৰিয়াই কয়, "এজন গাওঁবাসীয়ে কৰা তেজ পৰীক্ষাত প্ৰকাশ পাইছে যে কফ চিৰাপত মিথাইল এলকহল মিহলি কৰা হৈছিল। মিথাইল এলকহল বিক্ৰীৰ ওপৰত নিষেধাজ্ঞা আছে।’’ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক