--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিদেশৰ পিছত এইবাৰ ভাৰততে বিষাক্ত কফ চিৰাপ খাই কেইবাজনো লোকৰ মৃত্যু ঘটিছে। গুজৰাটত আয়ুৰ্বেদিক কফ চিৰাপ খাই পাঁচজন লোকৰ মৃত্যু ঘটাৰ খবৰ পোৱা গৈছে। আন দুজনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। জানিব পৰা মতে  কফ চিৰাপত বিষাক্ত ৰাসায়নিক পদাৰ্থ আছিল। 

সেই ঔষধ গ্ৰহণ কৰাৰ পিছত বহুলোক অসুস্থ হৈ পৰে। যোৱা দুদিনত পাঁচজন লোকৰ মৃত্যু হৈছে। স্থানীয় আৰক্ষীয়ে ইতিমধ্যে কফ চিৰাপ বিক্ৰীৰ সৈতে জড়িত তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে। তেওঁলোকক কফ চিৰাপৰ বিষয়ে প্ৰশ্ন কৰা হৈছে।

গুজৰাটৰ খেদা জিলাত এই শোকাৱহ ঘটনাটো সংঘটিত হৈছে। আৰক্ষীয়ে জনোৱা অনুসৰি, এখন দোকানত কালমেঘ্শৱ-আচাব অৰিষ্টা নামৰ এটা কফ  চিৰাপ বিক্ৰী হৈ আছিল। কফ  চিৰাপবিধ   বিল্ডোৰা গাঁৱত কমেও ৫০ জন লোকক বিক্ৰী কৰা হৈছিল। বিষাক্ত কফ  চিৰাপ খোৱাৰ পিছত বহুলোক অসুস্থ হৈ পৰে। শেহতীয়া প্ৰতিবেদন অনুসৰি, এই কফ  চিৰাপ খোৱাৰ পিছত পাঁচজন লোকৰ মৃত্যু হৈছে। 

বহুতে ধাৰণা কৰা অনুসৰি  কফ  চিৰাপত বিষাক্ত ৰাসায়নিক মিথাইল এলকহল আছিল। খেদাৰ  এছপি ৰাজেশ গাৰিয়াই কয়, "এজন গাওঁবাসীয়ে কৰা তেজ পৰীক্ষাত প্ৰকাশ পাইছে যে কফ চিৰাপত মিথাইল এলকহল মিহলি কৰা হৈছিল। মিথাইল এলকহল বিক্ৰীৰ ওপৰত নিষেধাজ্ঞা আছে।’’ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
শিলচৰত মৰ্মান্তিক ঘটনা! পুত্ৰই কৰা অপৰাধ সহ্য কৰিব নোৱাৰি চৰম সিদ্ধান্ত পিতৃৰ
ত্ৰিফলাৰ আছে আশ্বৰ্যকৰী গুণ! ই কেনেকৈ আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে জানো আহক
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব