--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৰিচালক বিনয় শৰ্মাৰ আগন্তুক ছবি ‘JNU: Jahangir National University’ৰ প্ৰথমখন পোষ্টাৰ মুকলি কৰা হৈছে। দীৰ্ঘদিন ধৰি এই ছবিখনে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। ৰবি কিষানে আকৌ এবাৰ ছবিখনত নিজৰ শক্তিশালী চৰিত্ৰৰে চলচ্চিত্ৰপ্ৰেমীক আকৰ্ষণ কৰিবলৈ ওলাইছে। ৰবি কিষানৰ সৈতে ছানী দেউলৰ ছবি ‘সিং চাহেব দ্য গ্ৰেট’ৰ জৰিয়তে হিন্দী চিনেমাত আত্মপ্ৰকাশ কৰা অভিনেত্ৰী উৰ্বশী ৰাউটেলায়ো অভিনয়ৰ দক্ষতা দেখুৱাবলৈ ওলাইছে। ছবিখনৰ প্ৰথমখন পোষ্টাৰৰ লগতে ছবিখনৰ মুক্তিৰ তাৰিখো উন্মোচন কৰিছে নিৰ্মাতাসকলে।

প্ৰায়ে দেখা গৈছে যে শেহতীয়া সময়চোৱাত বলীউডত বিভিন্ন বিষয়ত হিন্দী ছবি নিৰ্মাণ কৰা হয়। এইবাৰ পাল JNU ৰ, যাৰ ওপৰত পৰিচালক বিনয় শৰ্মাৰ এতিয়া আহি আছে এখন চিনেমা। উল্লেখ্য যে, চলিত বৰ্ষৰ এপ্ৰিল মাহত মুক্তি পাব ছবিখনে।

ছবিখনৰ পোষ্টাৰখনৰ কথা যদি উল্লেখ কৰোঁ পোষ্টাৰখনত গেৰুৱা ৰঙৰ ভাৰতৰ মানচিত্ৰখন দেখা গৈছে, য’ত লিখা আছে, ‘এখন শৈক্ষিক বিশ্ববিদ্যালয়ে দেশ ভাঙিব পাৰেনে?’ পোষ্টাৰখন শ্বেয়াৰ কৰাৰ সময়ত উৰ্বশী ৰাউটেলাই লিখিছে - ‘শিক্ষাৰ আঁৰত বন্ধ দেৱাল, দেশ বিভাজনৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে, বাওঁ আৰু সোঁ আদৰ্শৰ সংঘৰ্ষৰ লগে লগে, আধিপত্যৰ এই যুদ্ধত কোন জয়ী হ’ব? মহাকাল চিনেমাৰ উপহাৰ #Jahangir National University.’

ছবিখনৰ এই পোষ্টাৰখনলৈ চাই সহজেই অনুমান কৰিব পাৰি যে বোলছবিখনত কলেজৰ ৰাজনীতি দেখুওৱা হ’ব, য’ত উৰ্বশী ৰাউটেলা আৰু ৰবি কিষানৰ দৰে অভিনেতা বিশ্ববিদ্যালয়ৰ ৰাজনীতিৰ অংগ হৈ পৰা দেখা যাব। পোষ্টাৰৰ লগতে ছবিখনৰ মুক্তিৰ তাৰিখো ঘোষণা কৰা হৈছে। ২০২৪ চনৰ ৫ এপ্ৰিলত ছবিগৃহত মুক্তি পাব।

উৰ্বশী ৰাউটেলা আৰু ৰবি কিষানৰ উপৰিও পীযূষ মিশ্ৰ, সিদ্ধাৰ্থ বোধকে, সোণালী ছেহগাল, ৰশ্মী দেশাই আৰু বিজয় ৰাজৰ দৰে বহুজনী ছবিখনত গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ণ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী