--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৰিচালক বিনয় শৰ্মাৰ আগন্তুক ছবি ‘JNU: Jahangir National University’ৰ প্ৰথমখন পোষ্টাৰ মুকলি কৰা হৈছে। দীৰ্ঘদিন ধৰি এই ছবিখনে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। ৰবি কিষানে আকৌ এবাৰ ছবিখনত নিজৰ শক্তিশালী চৰিত্ৰৰে চলচ্চিত্ৰপ্ৰেমীক আকৰ্ষণ কৰিবলৈ ওলাইছে। ৰবি কিষানৰ সৈতে ছানী দেউলৰ ছবি ‘সিং চাহেব দ্য গ্ৰেট’ৰ জৰিয়তে হিন্দী চিনেমাত আত্মপ্ৰকাশ কৰা অভিনেত্ৰী উৰ্বশী ৰাউটেলায়ো অভিনয়ৰ দক্ষতা দেখুৱাবলৈ ওলাইছে। ছবিখনৰ প্ৰথমখন পোষ্টাৰৰ লগতে ছবিখনৰ মুক্তিৰ তাৰিখো উন্মোচন কৰিছে নিৰ্মাতাসকলে।

প্ৰায়ে দেখা গৈছে যে শেহতীয়া সময়চোৱাত বলীউডত বিভিন্ন বিষয়ত হিন্দী ছবি নিৰ্মাণ কৰা হয়। এইবাৰ পাল JNU ৰ, যাৰ ওপৰত পৰিচালক বিনয় শৰ্মাৰ এতিয়া আহি আছে এখন চিনেমা। উল্লেখ্য যে, চলিত বৰ্ষৰ এপ্ৰিল মাহত মুক্তি পাব ছবিখনে।

ছবিখনৰ পোষ্টাৰখনৰ কথা যদি উল্লেখ কৰোঁ পোষ্টাৰখনত গেৰুৱা ৰঙৰ ভাৰতৰ মানচিত্ৰখন দেখা গৈছে, য’ত লিখা আছে, ‘এখন শৈক্ষিক বিশ্ববিদ্যালয়ে দেশ ভাঙিব পাৰেনে?’ পোষ্টাৰখন শ্বেয়াৰ কৰাৰ সময়ত উৰ্বশী ৰাউটেলাই লিখিছে - ‘শিক্ষাৰ আঁৰত বন্ধ দেৱাল, দেশ বিভাজনৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে, বাওঁ আৰু সোঁ আদৰ্শৰ সংঘৰ্ষৰ লগে লগে, আধিপত্যৰ এই যুদ্ধত কোন জয়ী হ’ব? মহাকাল চিনেমাৰ উপহাৰ #Jahangir National University.’

ছবিখনৰ এই পোষ্টাৰখনলৈ চাই সহজেই অনুমান কৰিব পাৰি যে বোলছবিখনত কলেজৰ ৰাজনীতি দেখুওৱা হ’ব, য’ত উৰ্বশী ৰাউটেলা আৰু ৰবি কিষানৰ দৰে অভিনেতা বিশ্ববিদ্যালয়ৰ ৰাজনীতিৰ অংগ হৈ পৰা দেখা যাব। পোষ্টাৰৰ লগতে ছবিখনৰ মুক্তিৰ তাৰিখো ঘোষণা কৰা হৈছে। ২০২৪ চনৰ ৫ এপ্ৰিলত ছবিগৃহত মুক্তি পাব।

উৰ্বশী ৰাউটেলা আৰু ৰবি কিষানৰ উপৰিও পীযূষ মিশ্ৰ, সিদ্ধাৰ্থ বোধকে, সোণালী ছেহগাল, ৰশ্মী দেশাই আৰু বিজয় ৰাজৰ দৰে বহুজনী ছবিখনত গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ণ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু