--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সত্য কাহিনীৰ আধাৰত নিৰ্মিত ‘টুৱেলভ ফেইল’ ছবিখনত ২০০৫ চনৰ বেচৰ আই পি এছ বিষয়া মনোজকুমাৰ শৰ্মাৰ চৰিত্ৰত অভিনয় কৰা দেখা গৈছে বিক্ৰান্ত মেছেই। এই ছবিখনত বিক্ৰান্তৰ বিপৰীতে যোৰ কৰা হৈছে মেধা শংকৰ। এই ছবিখনত মেধাই আই পি এছ মনোজ শৰ্মাৰ পত্নী শ্ৰদ্ধা যোশীৰ চৰিত্ৰত অভিনয় কৰিছিল। এই ছবিখনত তেওঁৰ অভিনয়ৰ শলাগ লোৱা হৈছিল। কেৱল সেয়াই নহয়, ৰশ্মিকা মণ্ডনা, তৃপ্তী ডিমৰিৰ পিছত ৰাতিটোৰ ভিতৰতে ‘নেচনেল ক্ৰাছ’ৰ তালিকাত মেধৰৰ নাম সংযোজন হৈছে।

২০১৮ চনৰ পৰা আৰম্ভ হৈছিল মেধাৰ অভিনয় জীৱন। কিন্তু তাৰ মাজতে covid আহে। সেইসময়তে সৰ্বস্বাস্ত হৈ পৰে মেধা। বেংক একাউণ্টত মুঠ ২৫৭ টকা আছিল।

শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত মেধাই কয় যে, "২০২০ বিশ্বৰ সকলোৰে বাবে এক কঠিন বছৰ।" মোৰ বাবেও একেই আছিল। মোৰ একাউণ্টত মাত্ৰ ২৫৭ টকা আছিল।''

সৰুৰে পৰাই মেধাই ডাক্তৰ হ'ব বিচাৰিছিল। কিন্তু পিছলৈ ফেশ্বনৰ প্ৰতি তেওঁৰ আগ্ৰহ বাঢ়ি অহাৰ লগে লগে তেওঁ নতুন দিল্লীৰ এখন কলেজত ফেশ্বন মেনেজমেণ্টৰ সৈতে নামভৰ্তি কৰে। কলেজত থাকোঁতে মেধাই এখন চুটি ছবিৰ অডিচন দিছিল। অডিচনৰ পৰা নিৰ্বাচিত হৈছিল তেওঁক। কিন্তু সেই ছবিখনৰ শ্বুটিং সম্পূৰ্ণ হ’লেও কেতিয়াও মুক্তি নাপালে। কিন্তু সেই সময়ৰ পৰাই মেধাই অভিনয়ৰ কেৰিয়াৰ গঢ়ি তোলাৰ সপোন দেখিছিল। কলেজত থাকোঁতে মেধাই কেইবাখনো সৌন্দৰ্য প্ৰতিযোগিতাত অংশ লৈছিল। 

অভিনয়ৰে জীৱনত আগবাঢ়ি যাবলৈ ২০১৮ চনত নয়ডাৰ পৰা মুম্বাইলৈ গুচি যায়। যদিও তাৰ পিছত তিনি বছৰ অতি ধুমুহাময় হৈ গৈছে। ইয়াৰ পিছত ২০২২ চনত মেধাই বিধু বিনোদ চোপ্ৰাৰ ছবিৰ অডিচন দিয়ে। তেতিয়াই মেধাই অনুমান কৰিলে যে তেওঁ ৰ’লটো কৰিবলৈ ওলাইছে। মেধাই কয়, "প্ৰথম স্ক্ৰীণ টেষ্টৰ সময়ত মই উপলব্ধি কৰিছিলো যে এই ভূমিকা মোৰ বাবেহে। অৱশেষত বিধু ছাৰৰ পৰা ফোন আহিল যে মোক ছবিখনৰ মহিলা নায়িকা হিচাপে নিৰ্বাচিত কৰা হৈছে।''

তিনি বছৰ অভিনয় কৰাৰ পিছতো মেধাই নিজৰ পৰিচয় গঢ়ি তুলিব পৰা নাছিল। ২০২৩ চনত মুক্তি পোৱা ‘টুৱেলভথ ফেইল’ ছবিখনে তেওঁক কেৰিয়াৰৰ মাজভাগলৈ লৈ যায়। এই ছবিখনত তেওঁ এটি গীতো গাইছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু