--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সত্য কাহিনীৰ আধাৰত নিৰ্মিত ‘টুৱেলভ ফেইল’ ছবিখনত ২০০৫ চনৰ বেচৰ আই পি এছ বিষয়া মনোজকুমাৰ শৰ্মাৰ চৰিত্ৰত অভিনয় কৰা দেখা গৈছে বিক্ৰান্ত মেছেই। এই ছবিখনত বিক্ৰান্তৰ বিপৰীতে যোৰ কৰা হৈছে মেধা শংকৰ। এই ছবিখনত মেধাই আই পি এছ মনোজ শৰ্মাৰ পত্নী শ্ৰদ্ধা যোশীৰ চৰিত্ৰত অভিনয় কৰিছিল। এই ছবিখনত তেওঁৰ অভিনয়ৰ শলাগ লোৱা হৈছিল। কেৱল সেয়াই নহয়, ৰশ্মিকা মণ্ডনা, তৃপ্তী ডিমৰিৰ পিছত ৰাতিটোৰ ভিতৰতে ‘নেচনেল ক্ৰাছ’ৰ তালিকাত মেধৰৰ নাম সংযোজন হৈছে।

২০১৮ চনৰ পৰা আৰম্ভ হৈছিল মেধাৰ অভিনয় জীৱন। কিন্তু তাৰ মাজতে covid আহে। সেইসময়তে সৰ্বস্বাস্ত হৈ পৰে মেধা। বেংক একাউণ্টত মুঠ ২৫৭ টকা আছিল।

শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত মেধাই কয় যে, "২০২০ বিশ্বৰ সকলোৰে বাবে এক কঠিন বছৰ।" মোৰ বাবেও একেই আছিল। মোৰ একাউণ্টত মাত্ৰ ২৫৭ টকা আছিল।''

সৰুৰে পৰাই মেধাই ডাক্তৰ হ'ব বিচাৰিছিল। কিন্তু পিছলৈ ফেশ্বনৰ প্ৰতি তেওঁৰ আগ্ৰহ বাঢ়ি অহাৰ লগে লগে তেওঁ নতুন দিল্লীৰ এখন কলেজত ফেশ্বন মেনেজমেণ্টৰ সৈতে নামভৰ্তি কৰে। কলেজত থাকোঁতে মেধাই এখন চুটি ছবিৰ অডিচন দিছিল। অডিচনৰ পৰা নিৰ্বাচিত হৈছিল তেওঁক। কিন্তু সেই ছবিখনৰ শ্বুটিং সম্পূৰ্ণ হ’লেও কেতিয়াও মুক্তি নাপালে। কিন্তু সেই সময়ৰ পৰাই মেধাই অভিনয়ৰ কেৰিয়াৰ গঢ়ি তোলাৰ সপোন দেখিছিল। কলেজত থাকোঁতে মেধাই কেইবাখনো সৌন্দৰ্য প্ৰতিযোগিতাত অংশ লৈছিল। 

অভিনয়ৰে জীৱনত আগবাঢ়ি যাবলৈ ২০১৮ চনত নয়ডাৰ পৰা মুম্বাইলৈ গুচি যায়। যদিও তাৰ পিছত তিনি বছৰ অতি ধুমুহাময় হৈ গৈছে। ইয়াৰ পিছত ২০২২ চনত মেধাই বিধু বিনোদ চোপ্ৰাৰ ছবিৰ অডিচন দিয়ে। তেতিয়াই মেধাই অনুমান কৰিলে যে তেওঁ ৰ’লটো কৰিবলৈ ওলাইছে। মেধাই কয়, "প্ৰথম স্ক্ৰীণ টেষ্টৰ সময়ত মই উপলব্ধি কৰিছিলো যে এই ভূমিকা মোৰ বাবেহে। অৱশেষত বিধু ছাৰৰ পৰা ফোন আহিল যে মোক ছবিখনৰ মহিলা নায়িকা হিচাপে নিৰ্বাচিত কৰা হৈছে।''

তিনি বছৰ অভিনয় কৰাৰ পিছতো মেধাই নিজৰ পৰিচয় গঢ়ি তুলিব পৰা নাছিল। ২০২৩ চনত মুক্তি পোৱা ‘টুৱেলভথ ফেইল’ ছবিখনে তেওঁক কেৰিয়াৰৰ মাজভাগলৈ লৈ যায়। এই ছবিখনত তেওঁ এটি গীতো গাইছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী