--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাগজী মুদ্ৰা দেশৰ অৰ্থনীতিৰ গুৰুত্বপূৰ্ণ দলিল৷শেহতীয়াকৈ ২০০০ টকীয়া নোট নিষিদ্ধ কৰাৰ বিষয়টোৱে সংসদ ভৱনতো প্ৰতিধ্বনিত হোৱাৰ সমান্তৰালভাৱে এই প্ৰশ্নটোও সংসদৰ সন্মুখত আহিল যে ১০০০ টকীয়া নোট পুনৰ আৰম্ভ হ’ব নেকি? ইয়াৰ বাহিৰেও সংসদত প্ৰশ্ন উত্থাপন হ’ল যে ২০০০ টকীয়া নোট জমা কৰাৰ অন্তিম তাৰিখ আৰু অধিক বৃদ্ধি কৰিব পৰা যাব নেকি? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ চৰকাৰে অতি স্পষ্টভাৱে প্ৰদান কৰিলে। উল্লেখযোগ্য যে মে’ মাহত চৰকাৰে ২০০০ টকীয়া নোট বন্ধ কৰি ছেপ্টেম্বৰৰ ভিতৰত বেংকত জমা কৰাৰ কথা ঘোষণা কৰিছিল। বেংকত নোট জমা কৰাৰ সময় ৩০ ছেপ্টেম্বৰ নিৰ্ধাৰণ কৰা হৈছিল। 

বিৰোধীৰ একাংশ নেতাৰ হৈ এই সন্দৰ্ভত চৰকাৰক প্ৰশ্ন কৰা হয়। যাৰ উত্তৰত বিত্ত বিভাগৰ ৰাজ্যিক মন্ত্ৰী পংকজ চৌধুৰীয়ে উত্তৰ প্ৰদান কৰে। তেওঁ কয় যে বেংকত ২০০০ টকীয়া নোট জমা কৰাৰ সময়সীমা বৃদ্ধি নহ’ব। ৩০ ছেপ্টেম্বৰলৈ সময়সীমা আছে। নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সমগ্ৰ দেশে ২০০০ টকীয়া নোট জমা কৰিব লাগিব। এই মুহূৰ্তত সাধাৰণ ৰাইজে ২০০০ টকীয়া নোট জমা কৰিবলৈ ২ মাহতকৈ অধিক সময় বাকী আছে। 

সংসদত বিত্ত মন্ত্ৰালয়ক প্ৰশ্ন কৰা হৈছিল যে চৰকাৰে ক’লা ধন নিৰ্মূল কৰিবলৈ পুনৰ বিমুদ্ৰাকৰণৰ পৰিকল্পনা কৰিছে নেকি? ইয়াৰ উত্তৰত বিত্ত বিভাগৰ ৰাজ্যিক মন্ত্ৰী পংকজ চৌধৰীয়ে কয় যে চৰকাৰে বিমুদ্ৰাকৰণ কৰাৰ কোনো পৰিকল্পনা কৰা নাই।উল্লেখ্য যে ২০১৬ চনৰ নৱেম্বৰ মাহত চৰকাৰে ৫০০ আৰু ১০০০ টকীয়া নোট বন্ধ কৰি দিছিল। একে সময়তে ২০০০ টকীয়া নোট প্ৰৱৰ্তন কৰা হয়। ইয়াৰ পাছত ২০২৩ চনৰ মে’ মাহত ২০০০ টকীয়া নোট বন্ধ কৰাৰ ঘোষণা কৰা হয়। একেটাকে সন্দৰ্ভত গোটেই প্ৰক্ৰিয়াটো চলি আছে।

ইয়াৰ পিছত বিত্ত মন্ত্ৰালয়ক সোধা হৈছিল যে চৰকাৰে পুনৰ ১০০০ টকীয়া নোট আৰম্ভ কৰিব পাৰিবনে? ইয়াৰ পোনপটীয়া উত্তৰ নিদি বিত্ত বিভাগৰ ৰাজ্যিক মন্ত্ৰীয়ে কয় যে ৰিজাৰ্ভ বেংকৰ মতে ২০০০ টকীয়া নোট উলিওৱাৰ মূল উদ্দেশ্য আছিল মুদ্ৰা ব্যৱস্থাপনা পৰিচালনা। ইয়াৰ লগতে বেংকত জমা হৈ থকা বা বিনিময় কৰা ২০০০ টকীয়া নোটৰ বিনিময়ত দিয়া আন নোটৰ পৰিমাণ যথেষ্ট। এনে পৰিস্থিতিত দেশৰ জনসাধাৰণৰ কোনো চিন্তা নাই। বিত্তমন্ত্ৰীগৰাকীয়ে বুজাব বিচাৰিছিল যে শেহতীয়াকৈ চৰকাৰে ১০০০ টকীয়া নোট পুনৰ প্ৰৱৰ্তনৰ পৰিকল্পনা কৰা নাই। বৰ্তমান ভাৰতৰ সৰ্ববৃহৎ মুদ্ৰা ৫০০ টকীয়া নোটৰ ৰূপত বাহাল আছে।













FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু