--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাগজী মুদ্ৰা দেশৰ অৰ্থনীতিৰ গুৰুত্বপূৰ্ণ দলিল৷শেহতীয়াকৈ ২০০০ টকীয়া নোট নিষিদ্ধ কৰাৰ বিষয়টোৱে সংসদ ভৱনতো প্ৰতিধ্বনিত হোৱাৰ সমান্তৰালভাৱে এই প্ৰশ্নটোও সংসদৰ সন্মুখত আহিল যে ১০০০ টকীয়া নোট পুনৰ আৰম্ভ হ’ব নেকি? ইয়াৰ বাহিৰেও সংসদত প্ৰশ্ন উত্থাপন হ’ল যে ২০০০ টকীয়া নোট জমা কৰাৰ অন্তিম তাৰিখ আৰু অধিক বৃদ্ধি কৰিব পৰা যাব নেকি? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ চৰকাৰে অতি স্পষ্টভাৱে প্ৰদান কৰিলে। উল্লেখযোগ্য যে মে’ মাহত চৰকাৰে ২০০০ টকীয়া নোট বন্ধ কৰি ছেপ্টেম্বৰৰ ভিতৰত বেংকত জমা কৰাৰ কথা ঘোষণা কৰিছিল। বেংকত নোট জমা কৰাৰ সময় ৩০ ছেপ্টেম্বৰ নিৰ্ধাৰণ কৰা হৈছিল। 

বিৰোধীৰ একাংশ নেতাৰ হৈ এই সন্দৰ্ভত চৰকাৰক প্ৰশ্ন কৰা হয়। যাৰ উত্তৰত বিত্ত বিভাগৰ ৰাজ্যিক মন্ত্ৰী পংকজ চৌধুৰীয়ে উত্তৰ প্ৰদান কৰে। তেওঁ কয় যে বেংকত ২০০০ টকীয়া নোট জমা কৰাৰ সময়সীমা বৃদ্ধি নহ’ব। ৩০ ছেপ্টেম্বৰলৈ সময়সীমা আছে। নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সমগ্ৰ দেশে ২০০০ টকীয়া নোট জমা কৰিব লাগিব। এই মুহূৰ্তত সাধাৰণ ৰাইজে ২০০০ টকীয়া নোট জমা কৰিবলৈ ২ মাহতকৈ অধিক সময় বাকী আছে। 

সংসদত বিত্ত মন্ত্ৰালয়ক প্ৰশ্ন কৰা হৈছিল যে চৰকাৰে ক’লা ধন নিৰ্মূল কৰিবলৈ পুনৰ বিমুদ্ৰাকৰণৰ পৰিকল্পনা কৰিছে নেকি? ইয়াৰ উত্তৰত বিত্ত বিভাগৰ ৰাজ্যিক মন্ত্ৰী পংকজ চৌধৰীয়ে কয় যে চৰকাৰে বিমুদ্ৰাকৰণ কৰাৰ কোনো পৰিকল্পনা কৰা নাই।উল্লেখ্য যে ২০১৬ চনৰ নৱেম্বৰ মাহত চৰকাৰে ৫০০ আৰু ১০০০ টকীয়া নোট বন্ধ কৰি দিছিল। একে সময়তে ২০০০ টকীয়া নোট প্ৰৱৰ্তন কৰা হয়। ইয়াৰ পাছত ২০২৩ চনৰ মে’ মাহত ২০০০ টকীয়া নোট বন্ধ কৰাৰ ঘোষণা কৰা হয়। একেটাকে সন্দৰ্ভত গোটেই প্ৰক্ৰিয়াটো চলি আছে।

ইয়াৰ পিছত বিত্ত মন্ত্ৰালয়ক সোধা হৈছিল যে চৰকাৰে পুনৰ ১০০০ টকীয়া নোট আৰম্ভ কৰিব পাৰিবনে? ইয়াৰ পোনপটীয়া উত্তৰ নিদি বিত্ত বিভাগৰ ৰাজ্যিক মন্ত্ৰীয়ে কয় যে ৰিজাৰ্ভ বেংকৰ মতে ২০০০ টকীয়া নোট উলিওৱাৰ মূল উদ্দেশ্য আছিল মুদ্ৰা ব্যৱস্থাপনা পৰিচালনা। ইয়াৰ লগতে বেংকত জমা হৈ থকা বা বিনিময় কৰা ২০০০ টকীয়া নোটৰ বিনিময়ত দিয়া আন নোটৰ পৰিমাণ যথেষ্ট। এনে পৰিস্থিতিত দেশৰ জনসাধাৰণৰ কোনো চিন্তা নাই। বিত্তমন্ত্ৰীগৰাকীয়ে বুজাব বিচাৰিছিল যে শেহতীয়াকৈ চৰকাৰে ১০০০ টকীয়া নোট পুনৰ প্ৰৱৰ্তনৰ পৰিকল্পনা কৰা নাই। বৰ্তমান ভাৰতৰ সৰ্ববৃহৎ মুদ্ৰা ৫০০ টকীয়া নোটৰ ৰূপত বাহাল আছে।













FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement