--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশিষ্ট লেখক, স্তম্ভ লেখক, অৱসৰপ্ৰাপ্ত বেংক বিষয়া  অনন্ত কলিতা আৰু নাই।  প্ৰগতিশীল চিন্তা-চৰ্চাৰে দেশ তথা জাতিৰ সংকটৰ মুহূৰ্তসমূহত নিজৰ কলমেৰে মানুহক পথৰ সন্ধান দিয়া অনন্ত কলিতাৰ   দেওবাৰে পুৱা ৭ বজাত মৃত্যু ঘটে।বিশিষ্ট লেখকগৰাকীয়ে বিগত  কিছুদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ গুৱাহাটী  মহানগৰীৰ নেমকেয়াৰ হাস্পতালৰ চিকিৎসকৰ পৰামৰ্শ অনুসৰি চলি আহিছিল। কিন্তু আজি পুৱা তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু মৃত্যু ঘটে। 

অনন্ত কলিতা এগৰাকী বেংকৰ কৰ্মচাৰী আছিল যদিও চাকৰিৰ সমান্তৰালভাবে তেওঁ লেখা-মেলাও অব্যাহত ৰাখিছিল।তেওঁ ষ্টেট বেংক অৱ ইণ্ডিয়াৰ উত্তৰ-পূৱ মণ্ডলৰ সঞ্চালক হিচাবে অৱসৰ গ্ৰহণ কৰিছিল।  একাধিক প্ৰতিষ্ঠিত কাকতত তেওঁ বিভিন্ন সমসাময়িক বিষয়ত স্তম্ভ লিখিছিল। লেখক কলিতাৰ  তেওঁৰ সদ্য প্ৰকাশিত কেইখনমান  গ্ৰন্থ হৈছে-  বিশ্বায়িত সমাজখনৰ ভিন্ন চিন্তা, নব্য-উদাৰ অৰ্থনীতি/বিকল্প অন্বেষণ, অসম আৰু অসমৰ জাতীয় সমস্যা। 


বিশিষ্ট লেখকগৰাকীয়ে চিকিৎসাবিজ্ঞানৰ গৱেষণাৰ বাবে মৃত্যুৰ পূৰ্বে তেওঁৰ দেহদান কৰি গৈছে। মহানগৰীৰ মঠঘৰীয়াস্থিত ষ্টেট বেংক কলনীৰ বাসিন্দা কলিতাৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে তেওঁৰ গুণমুগ্ধসকলৰ মাজত শোকৰ ছাঁ পৰে। 
 কলিতা মহানগৰীৰ মঠঘৰীয়াস্থিত ষ্টেট বেংক কলনীৰ বাসিন্দা আছিল।

বিশিষ্ট লেখকগৰাকীৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে তেখেতৰ হেঙেৰাবাৰীস্থিত  বাসগৃহত আত্মীয়, সহকৰ্মী আৰু গুণমুগ্ধসকলে  শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।  নতুন সাহিত্য পৰিষদৰ কাৰ্যালয়তো কলিতাক শেষ বিদায় জনোৱা হয়।  চিপিআই(এম) ৰ কাৰ্যালয়ত প্ৰয়াত কলিতাৰ প্ৰতি  শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে  মাক্সবাদী নেতাসকলে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল