--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশিষ্ট লেখক, স্তম্ভ লেখক, অৱসৰপ্ৰাপ্ত বেংক বিষয়া  অনন্ত কলিতা আৰু নাই।  প্ৰগতিশীল চিন্তা-চৰ্চাৰে দেশ তথা জাতিৰ সংকটৰ মুহূৰ্তসমূহত নিজৰ কলমেৰে মানুহক পথৰ সন্ধান দিয়া অনন্ত কলিতাৰ   দেওবাৰে পুৱা ৭ বজাত মৃত্যু ঘটে।বিশিষ্ট লেখকগৰাকীয়ে বিগত  কিছুদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ গুৱাহাটী  মহানগৰীৰ নেমকেয়াৰ হাস্পতালৰ চিকিৎসকৰ পৰামৰ্শ অনুসৰি চলি আহিছিল। কিন্তু আজি পুৱা তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু মৃত্যু ঘটে। 

অনন্ত কলিতা এগৰাকী বেংকৰ কৰ্মচাৰী আছিল যদিও চাকৰিৰ সমান্তৰালভাবে তেওঁ লেখা-মেলাও অব্যাহত ৰাখিছিল।তেওঁ ষ্টেট বেংক অৱ ইণ্ডিয়াৰ উত্তৰ-পূৱ মণ্ডলৰ সঞ্চালক হিচাবে অৱসৰ গ্ৰহণ কৰিছিল।  একাধিক প্ৰতিষ্ঠিত কাকতত তেওঁ বিভিন্ন সমসাময়িক বিষয়ত স্তম্ভ লিখিছিল। লেখক কলিতাৰ  তেওঁৰ সদ্য প্ৰকাশিত কেইখনমান  গ্ৰন্থ হৈছে-  বিশ্বায়িত সমাজখনৰ ভিন্ন চিন্তা, নব্য-উদাৰ অৰ্থনীতি/বিকল্প অন্বেষণ, অসম আৰু অসমৰ জাতীয় সমস্যা। 


বিশিষ্ট লেখকগৰাকীয়ে চিকিৎসাবিজ্ঞানৰ গৱেষণাৰ বাবে মৃত্যুৰ পূৰ্বে তেওঁৰ দেহদান কৰি গৈছে। মহানগৰীৰ মঠঘৰীয়াস্থিত ষ্টেট বেংক কলনীৰ বাসিন্দা কলিতাৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে তেওঁৰ গুণমুগ্ধসকলৰ মাজত শোকৰ ছাঁ পৰে। 
 কলিতা মহানগৰীৰ মঠঘৰীয়াস্থিত ষ্টেট বেংক কলনীৰ বাসিন্দা আছিল।

বিশিষ্ট লেখকগৰাকীৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে তেখেতৰ হেঙেৰাবাৰীস্থিত  বাসগৃহত আত্মীয়, সহকৰ্মী আৰু গুণমুগ্ধসকলে  শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।  নতুন সাহিত্য পৰিষদৰ কাৰ্যালয়তো কলিতাক শেষ বিদায় জনোৱা হয়।  চিপিআই(এম) ৰ কাৰ্যালয়ত প্ৰয়াত কলিতাৰ প্ৰতি  শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে  মাক্সবাদী নেতাসকলে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস