--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পংকজ পুৰোহিতৰ নেতৃত্বত গঠিত উচ্চ ন্যায়ালয়ৰ একক ন্যায়াধীশৰ বিচাৰপীঠে শেহতীয়াকৈ কৈছে  যে কেৱল পিতৃয়েই নহয়, পিতৃ-মাতৃ উভয়েই  সন্তানৰ লালন-পালনৰ  বাবে দায়বদ্ধ।  চিআৰপিচিৰ ধাৰা ১২৫-ৰ শেহতীয়া সংশোধনৰ আধাৰত খণ্ডপীঠে এই ৰায় দিয়ে।

 অংশু গুপ্তাৰ নামৰ লোকজনে দাখিল কৰা  আবেদনৰ শুনানি গ্ৰহণ কৰি আদালতে এই ৰায় দিয়ে। আবেদনখনত ২০১৩ চনৰ পাৰিবাৰিক আদালতৰ এক আদেশক প্ৰত্যাহ্বান জনাই দাখিল কৰা হৈছিল।  পাৰিবাৰিক আদালতে লোকজনক  পুত্ৰৰ ৰক্ষণাবেক্ষণৰ খৰচ হিচাবে  ৃপ্ৰতি মাহে ২,০০০ টকা পৰিশোধ কৰিবলৈ নিৰ্দেশ দিছিল।১৯৯৯ চনত অংশু গুপ্তাই উধম সিং নগৰৰ বাসিন্দা নাথু লালৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। অংশু গুপ্তা এজন চৰকাৰী শিক্ষক। বিবাহৰ পিছত ২০০৬ চনত দম্পতীহালৰ বিচ্ছেদ হৈছিল। সেই সময়ত তেওঁলোক দুয়োৰে এটা পুত্ৰ আছিল। 

আবেদনকাৰীৰ অধিবক্তা বিবেক ৰাস্তোগীয়ে কৈছিল যে পাৰিবাৰিক আদালতে অংশু গুপ্তাক শিশুটোৰ তত্বাৱধানৰ বাবে ধন পৰিশোধ কৰিবলৈ নিৰ্দেশ দিছিল।অধিবক্তা বিবেক ৰাস্তোগীয়ে কৈছিল যে নাথু লালে তেওঁৰ আৰ্থিক অৱস্থাৰ কথা উল্লেখ কৰি শিশুটোৰ বাবে গুণগত শিক্ষা, লালন-পালনৰ ব্যয় বহন কৰিবলৈ অক্ষম বুলি প্ৰকাশ কৰিছিল। ২০১৩  চনত পাৰিবাৰিক আদালতে অংশু গুপ্তাক শিশুটোৰ বাবে মাহে ২,০০০ টকাকৈ দিবলৈ  নিৰ্দেশ দিছিল। অংশু গুপ্তাই সেই সময়ত মাহিলী ২৭,০০০ টকা দৰমহা লাভ কৰিছিল। অংশু গুপ্তাই পাৰিবাৰিক আদালতৰ সিদ্ধান্তক  প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত আবেদন জনাইছিল। 

উচ্চ ন্যায়ালয়ে দুয়োপক্ষৰ কথা শুনি এই বিষয়ত  সিদ্ধান্ত ঘোষণা কৰে। ন্যায়াধীশ পংকজ পুৰোহিতৰ আদালতে চিআৰপিচিৰ ধাৰা ১২৫ ৰ শেহতীয়া সংশোধনীৰ কথা উল্লেখ কৰি সন্তানৰ ভৰণ-পোষণৰ দায়িত্ব পিতৃ-মাতৃ উভয়ৰে বুলি ৰায় দিয়ে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল