--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পংকজ পুৰোহিতৰ নেতৃত্বত গঠিত উচ্চ ন্যায়ালয়ৰ একক ন্যায়াধীশৰ বিচাৰপীঠে শেহতীয়াকৈ কৈছে  যে কেৱল পিতৃয়েই নহয়, পিতৃ-মাতৃ উভয়েই  সন্তানৰ লালন-পালনৰ  বাবে দায়বদ্ধ।  চিআৰপিচিৰ ধাৰা ১২৫-ৰ শেহতীয়া সংশোধনৰ আধাৰত খণ্ডপীঠে এই ৰায় দিয়ে।

 অংশু গুপ্তাৰ নামৰ লোকজনে দাখিল কৰা  আবেদনৰ শুনানি গ্ৰহণ কৰি আদালতে এই ৰায় দিয়ে। আবেদনখনত ২০১৩ চনৰ পাৰিবাৰিক আদালতৰ এক আদেশক প্ৰত্যাহ্বান জনাই দাখিল কৰা হৈছিল।  পাৰিবাৰিক আদালতে লোকজনক  পুত্ৰৰ ৰক্ষণাবেক্ষণৰ খৰচ হিচাবে  ৃপ্ৰতি মাহে ২,০০০ টকা পৰিশোধ কৰিবলৈ নিৰ্দেশ দিছিল।১৯৯৯ চনত অংশু গুপ্তাই উধম সিং নগৰৰ বাসিন্দা নাথু লালৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। অংশু গুপ্তা এজন চৰকাৰী শিক্ষক। বিবাহৰ পিছত ২০০৬ চনত দম্পতীহালৰ বিচ্ছেদ হৈছিল। সেই সময়ত তেওঁলোক দুয়োৰে এটা পুত্ৰ আছিল। 

আবেদনকাৰীৰ অধিবক্তা বিবেক ৰাস্তোগীয়ে কৈছিল যে পাৰিবাৰিক আদালতে অংশু গুপ্তাক শিশুটোৰ তত্বাৱধানৰ বাবে ধন পৰিশোধ কৰিবলৈ নিৰ্দেশ দিছিল।অধিবক্তা বিবেক ৰাস্তোগীয়ে কৈছিল যে নাথু লালে তেওঁৰ আৰ্থিক অৱস্থাৰ কথা উল্লেখ কৰি শিশুটোৰ বাবে গুণগত শিক্ষা, লালন-পালনৰ ব্যয় বহন কৰিবলৈ অক্ষম বুলি প্ৰকাশ কৰিছিল। ২০১৩  চনত পাৰিবাৰিক আদালতে অংশু গুপ্তাক শিশুটোৰ বাবে মাহে ২,০০০ টকাকৈ দিবলৈ  নিৰ্দেশ দিছিল। অংশু গুপ্তাই সেই সময়ত মাহিলী ২৭,০০০ টকা দৰমহা লাভ কৰিছিল। অংশু গুপ্তাই পাৰিবাৰিক আদালতৰ সিদ্ধান্তক  প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত আবেদন জনাইছিল। 

উচ্চ ন্যায়ালয়ে দুয়োপক্ষৰ কথা শুনি এই বিষয়ত  সিদ্ধান্ত ঘোষণা কৰে। ন্যায়াধীশ পংকজ পুৰোহিতৰ আদালতে চিআৰপিচিৰ ধাৰা ১২৫ ৰ শেহতীয়া সংশোধনীৰ কথা উল্লেখ কৰি সন্তানৰ ভৰণ-পোষণৰ দায়িত্ব পিতৃ-মাতৃ উভয়ৰে বুলি ৰায় দিয়ে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস