--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ধুবুৰীত প্ৰাৰ্থিত্ব বিচাৰি কাৰ্যতঃ ধুবুৰীৰ ৰাজনীতিৰ পৰা নিৰ্বাসিত হ’ল বিধায়ক ৰকিবুল হুছেইন৷ অসম কংগ্ৰেছত বিসম্বাদৰ অগনি জ্বলাই ধুবুৰীত প্ৰাৰ্থিত্ব বিচাৰিছিল ৰকিবুল হুছেইনে৷ আৰু যাৰ বাবে প্ৰদেশ কংগ্ৰেছত সৃষ্টি হৈছিল ধুমুহা৷ 

ধুবুৰীৰ স্থানীয় প্ৰাৰ্থী তথা বৰপেটাৰ সাংসদ আব্দুল খালেকেও বিচাৰিছিল ধুবুৰীৰ প্ৰাৰ্থিত্ব৷ ৰকিবুল হুছেইনে ধুবুৰীৰ ৰাজনীতিত প্ৰৱেশ কৰাৰ লগে লগে ক্ষোভত ফাটি পৰিছিল সাংসদগৰাকী৷ আব্দুল খালেকে প্ৰকাশ কৰিছিল মুকলি বিষোদগাৰ৷

অকল ইমানেই নহয়, বিলাসীপাৰাস্থিত ৰাজীৱ ভৱনত ৰকিবুল হুছেইনৰ বিৰুদ্ধে স্থানীয় কংগ্ৰেছ কৰ্মীয়ে পোষ্টাৰিং কৰাও পৰিলক্ষিত হৈছিল। ‘ৰকিবুল হুছেইন মুৰ্দাবাদ’, ‘ৰকিবুল হুছেইন হটাও কংগ্ৰেছ বচাও’, ‘বিজেপিৰ দালাল ৰকিবুল হুছেইন হুচিয়াৰ’ আদি শ্লোগান সম্বলিত পোষ্টাৰ আঁৰি দিয়া হৈছিল বিলাসীপাৰাৰ ৰাজীৱ ভৱনত৷

কংগ্ৰেছৰ আন এগৰাকী বিধায়ক ছিদ্দিক আহমেদেও সংবাদ মাধ্যমত স্পষ্টকৈ কৈছিল যে ৰকিবুল হুছেইনৰ বাবেই কংগ্ৰেছ টুকুৰা-টুকুৰ হৈছে আৰু ৰকিবুল হুছেইন থকালৈকে কংগ্ৰেছ টুকুৰা-টুকুৰ হৈয়ে থাকিব।

উল্লেখ্য যে ধুবুৰী লোকসভা সমষ্টিত ৰকিবুল হুছেইনক প্ৰাৰ্থিত্ব দিলে কংগ্ৰেছত হ’ব দলত্যাগৰ জোৱাৰ৷ দল এৰিবলৈ সাজু হৈছে কংগ্ৰেছৰ এজন সাংসদকে ধৰি একাধিক সংখ্যলঘু বিধায়ক৷ কোনোপধ্যেই ৰকিবুল হুছেইনৰ প্ৰাৰ্থিত্ব মানিবলৈ সাজু নহয় কংগ্ৰেছ বিধায়ক আব্দুৰ ৰচিদ মণ্ডল৷ ৰকিবুলক ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্ব দিয়াৰ বিৰোধিতা কৰিছে কংগ্ৰেছৰ একাধিক সংখ্যালঘু বিধায়কে৷ মুকলিকৈ ৰকিবুল হুছেইনৰ৷ আৰু যাৰবাবে অৱশেষত স্থিতি সলাবলৈ বাধ্য হ’ল ৰকিবুল হুছেইনে৷

আজি ৰকিবুল হুছেইনে কয়, মই হুকুমৰ গোলাম, য’তেই প্ৰাৰ্থিত্ব দিয়ে তাতেই যুঁজিম৷ নিজকে নিষ্ঠাৱান কংগ্ৰেছী আখ্যা দি ৰকিবুলে লগতে কয়, ধুবুৰীৰ পৰা লোকসভাৰ প্ৰাৰ্থী হোৱাৰ মন নাই মোৰ৷ গৃহ সমষ্টি নগাঁৱৰ পৰাহে প্ৰাৰ্থিত্ব বিচাৰিছোঁ৷ হাইকমাণ্ডে নিৰ্দেশ দিলে সকলোতে যুঁজিবলৈ সাজু৷

ধুবুৰী সমষ্টিত প্ৰাৰ্থিত্ব নিবিচাৰে ৰকিবুল হুছেইনে৷ AICCক এই কথা জনাই দিব হুছেইনে৷ নগাঁও সমষ্টিৰ বাবেহে প্ৰাৰ্থিত্ব বিচাৰিছে হুছেইনে৷ ধুবুৰীত স্থানীয় ব্যক্তিক প্ৰাৰ্থিত্ব দিয়াৰ পোষকতা হুছেইনৰ৷

ৰকিবুল হুছেইনৰ আজিৰ মন্তব্যৰ পৰা এটা কথা স্পষ্ট যে বিজেপিক প্ৰতিহত কৰাতকৈ কংগ্ৰেছৰ মাজত আভ্যন্তৰীণ কন্দল লগোৱাতহে ব্যস্ত হৈ পৰিছে বিধায়কগৰাকী৷ প্ৰদ্যুৎ বৰদলৈক কংগ্ৰেছী ৰাজনীতিৰ পৰা বিদায় দি নগাঁৱত নিজৰ প্ৰভুত্ব বিস্তাৰৰ বাবে ৰাজনৈতিক পাশাখেল আৰম্ভ কৰিছে ৰকিবুল হুছেইনে৷ যাৰ বাবে ধুবুৰীত নোৱাৰি এইবাৰ নগাঁৱত বিসম্বাদৰ জুই জ্বলাবলৈ ৰকিবুল হুছেইন সাজু হোৱা বুলি অভিযোগ উত্থাপন হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ