--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰিকেটৰ যিকোনো বলাৰৰ বাবে হেট্ৰিক কৰাটো এটা বিৰল ঘটনা। তাতে একেটা অভাৰতে ডাবল হেট্ৰিক’! ছটা বলত ছটা উইকেট! এই কাম কৰি দেখুৱাইছে ১২ বছৰীয়া এক কিশোৰ প্ৰতিভাই। ব্ৰিটিছ জুনিয়ৰ খেলুৱৈ অলিভাৰ হোৱাইটহাউছে নিজৰ ক্লাবৰ হৈ এটা যাদুকৰী অভাৰত ‘ডাবল হেট্ৰিক’ৰে সকলোকে স্তম্ভিত কৰি তুলিলে।

চলিত মাহত কুকহিলৰ বিৰুদ্ধে ব্ৰমছগ্ৰ’ভ ক্ৰিকেট ক্লাবৰ হৈ খেলি থকা হোৱাইটহাউছে ছটা বলত ছয়জন বেটছমেনক আউট কৰে। এই ১২ বছৰীয়া বিস্ময় বালকে এনে কৃতিত্বৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে। খেলখনত হোৱাইটহাউছে দুই অভাৰত এটাও ৰান  নিদিয়াকৈ মুঠ ৮টা উইকেট দখল কৰে।

ব্ৰমছগ্ৰ’ভ ক্ৰিকেট ক্লাবৰ প্ৰথম দলৰ অধিনায়ক জেডেন লেভিটে বিবিচিক জনায় যে ‘তেওঁ যি কৰিলে সেয়া মই বিশ্বাসেই কৰিব পৰা নাছিলো। এটা অভাৰত ডাবল হেট্ৰিক কৰাটো একেবাৰে সহজ কথা নহয়। এইটো এটা ডাঙৰ ঘটনা। অৱশ্যে মই ভাবো তেওঁ বহুত ডাঙৰ নোহোৱালৈকে ইয়াৰ তাৎপৰ্য্য হয়তো উপলব্ধি কৰিব নোৱাৰিব।’

হোৱাইটহাউছৰ এই কৃতিত্বক অবিশ্বাস্য বুলি অভিহিত কৰি কণমানিটোৰ যুঁজাৰু মনোভাৱৰ বিষয়ে কৰা টুইট এটা ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। পোষ্ট কৰাৰ পিছৰে পৰা ইণ্টাৰনেটত ইয়াকলৈ ব্যাপক চৰ্চা চলিছে। শিশুটিৰ মাকৰ ফালৰ আইতাক হৈছে ১৯৬৯ চনৰ উইম্বলডন টেনিছ চেম্পিয়ন এন্নে জ’নছ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ