--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰিকেটৰ যিকোনো বলাৰৰ বাবে হেট্ৰিক কৰাটো এটা বিৰল ঘটনা। তাতে একেটা অভাৰতে ডাবল হেট্ৰিক’! ছটা বলত ছটা উইকেট! এই কাম কৰি দেখুৱাইছে ১২ বছৰীয়া এক কিশোৰ প্ৰতিভাই। ব্ৰিটিছ জুনিয়ৰ খেলুৱৈ অলিভাৰ হোৱাইটহাউছে নিজৰ ক্লাবৰ হৈ এটা যাদুকৰী অভাৰত ‘ডাবল হেট্ৰিক’ৰে সকলোকে স্তম্ভিত কৰি তুলিলে।

চলিত মাহত কুকহিলৰ বিৰুদ্ধে ব্ৰমছগ্ৰ’ভ ক্ৰিকেট ক্লাবৰ হৈ খেলি থকা হোৱাইটহাউছে ছটা বলত ছয়জন বেটছমেনক আউট কৰে। এই ১২ বছৰীয়া বিস্ময় বালকে এনে কৃতিত্বৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে। খেলখনত হোৱাইটহাউছে দুই অভাৰত এটাও ৰান  নিদিয়াকৈ মুঠ ৮টা উইকেট দখল কৰে।

ব্ৰমছগ্ৰ’ভ ক্ৰিকেট ক্লাবৰ প্ৰথম দলৰ অধিনায়ক জেডেন লেভিটে বিবিচিক জনায় যে ‘তেওঁ যি কৰিলে সেয়া মই বিশ্বাসেই কৰিব পৰা নাছিলো। এটা অভাৰত ডাবল হেট্ৰিক কৰাটো একেবাৰে সহজ কথা নহয়। এইটো এটা ডাঙৰ ঘটনা। অৱশ্যে মই ভাবো তেওঁ বহুত ডাঙৰ নোহোৱালৈকে ইয়াৰ তাৎপৰ্য্য হয়তো উপলব্ধি কৰিব নোৱাৰিব।’

হোৱাইটহাউছৰ এই কৃতিত্বক অবিশ্বাস্য বুলি অভিহিত কৰি কণমানিটোৰ যুঁজাৰু মনোভাৱৰ বিষয়ে কৰা টুইট এটা ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। পোষ্ট কৰাৰ পিছৰে পৰা ইণ্টাৰনেটত ইয়াকলৈ ব্যাপক চৰ্চা চলিছে। শিশুটিৰ মাকৰ ফালৰ আইতাক হৈছে ১৯৬৯ চনৰ উইম্বলডন টেনিছ চেম্পিয়ন এন্নে জ’নছ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু