--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দূৰ্দান্ত শতকীয় ইনিংছেৰে এছেজৰ প্ৰথমখন মেচত উজ্বলি উঠিল অষ্ট্ৰেলিয়াৰ তাৰকা বেটাৰ ওছমান খাৱাজা। প্ৰথমদিনা ইংলেণ্ডে প্ৰথম ইনিংছত কৰা ৩৯৩ ৰাণৰ প্ৰত্যুত্তৰত খাৱাজাৰ ইনিংছটোৰেই অষ্ট্ৰেলিয়াই প্ৰত্যাহ্বানৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে।

বাতৰি লিখাৰ পৰলৈকে অষ্ট্ৰেলিয়াই ৮৩ অভাৰত ২৭২ ৰাণ সংগ্ৰহ কৰিছে। হেৰুৱাইছে পাঁচটা উইকেট। ব্যৰ্থ হয় টেষ্টৰ এক নম্বৰৰ বেটাৰ মাৰ্নাছ লাবুচেন। ষ্টুৱাৰ্ট ব্ৰ’ডৰ সন্মুখীন হৈ প্ৰথমটো আউট হয় লাবুচেন। লাবুচেনৰ পূৰ্বৰ বলটোত ব্ৰ’ডে লয় অপেনাৰ ডেভিড ৱাৰ্ণাৰৰ উইকেট।

অষ্ট্ৰেলিয়াৰ তাৰকা বেটাৰ স্টিভ স্মিথো ব্যৰ্থ হয়। ইংলেণ্ডৰ অধিনায়ক বেন ষ্ট’কছৰ বলত এলবিডব্লিউ হয় স্মিথ। কিন্তু ট্ৰেভিছ হিড (৫০) আৰু কেমেৰুণ গ্ৰীণে (৩৮) দলৰ স্ক’ৰক আগুৱাই নিয়ে। ইনিংছৰ আৰম্ভণিৰে পৰা ইংলেণ্ডৰ শক্তিশালী বলিঙক প্ৰতিহত কৰে অপেনাৰ ওছমান খাৱাজাই। বাতৰি লিখাৰ পৰলৈকে খাৱাজাই ২৪৪ টা বলত ১১৪ ৰাণ কৰি আছে। তেওঁক সুন্দৰ সহযোগিতা কৰিছে উইকেট ৰক্ষক এলেক্স কেৰীয়ে। কেৰীয়ে ৫০ টা বলত ৩১ ৰাণ কৰি আছে।

ইংলেণ্ডৰ হৈ ষ্টুৱাৰ্ট ব্ৰ’ড আৰু মইন আলীয়ে ২টা আৰু বেন ষ্ট’কছে এটা উইকেট লাভ কৰিছে। উল্লেখ্য যে অষ্ট্ৰেলিয়ান অপেনাৰ ডেভিড ৱাৰ্ণাৰক টেষ্টত ১৫ বাৰৰ বাবে আউট কৰিছে ষ্টুৱাৰ্ট ব্ৰ’ডে। আনহাতে, মাৰ্নাছ লাবুচেনে টেষ্ট কেৰিয়াৰত প্ৰথমটো ডাক আউটৰ সন্মুখিন হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ