--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দূৰ্দান্ত শতকীয় ইনিংছেৰে এছেজৰ প্ৰথমখন মেচত উজ্বলি উঠিল অষ্ট্ৰেলিয়াৰ তাৰকা বেটাৰ ওছমান খাৱাজা। প্ৰথমদিনা ইংলেণ্ডে প্ৰথম ইনিংছত কৰা ৩৯৩ ৰাণৰ প্ৰত্যুত্তৰত খাৱাজাৰ ইনিংছটোৰেই অষ্ট্ৰেলিয়াই প্ৰত্যাহ্বানৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে।

বাতৰি লিখাৰ পৰলৈকে অষ্ট্ৰেলিয়াই ৮৩ অভাৰত ২৭২ ৰাণ সংগ্ৰহ কৰিছে। হেৰুৱাইছে পাঁচটা উইকেট। ব্যৰ্থ হয় টেষ্টৰ এক নম্বৰৰ বেটাৰ মাৰ্নাছ লাবুচেন। ষ্টুৱাৰ্ট ব্ৰ’ডৰ সন্মুখীন হৈ প্ৰথমটো আউট হয় লাবুচেন। লাবুচেনৰ পূৰ্বৰ বলটোত ব্ৰ’ডে লয় অপেনাৰ ডেভিড ৱাৰ্ণাৰৰ উইকেট।

অষ্ট্ৰেলিয়াৰ তাৰকা বেটাৰ স্টিভ স্মিথো ব্যৰ্থ হয়। ইংলেণ্ডৰ অধিনায়ক বেন ষ্ট’কছৰ বলত এলবিডব্লিউ হয় স্মিথ। কিন্তু ট্ৰেভিছ হিড (৫০) আৰু কেমেৰুণ গ্ৰীণে (৩৮) দলৰ স্ক’ৰক আগুৱাই নিয়ে। ইনিংছৰ আৰম্ভণিৰে পৰা ইংলেণ্ডৰ শক্তিশালী বলিঙক প্ৰতিহত কৰে অপেনাৰ ওছমান খাৱাজাই। বাতৰি লিখাৰ পৰলৈকে খাৱাজাই ২৪৪ টা বলত ১১৪ ৰাণ কৰি আছে। তেওঁক সুন্দৰ সহযোগিতা কৰিছে উইকেট ৰক্ষক এলেক্স কেৰীয়ে। কেৰীয়ে ৫০ টা বলত ৩১ ৰাণ কৰি আছে।

ইংলেণ্ডৰ হৈ ষ্টুৱাৰ্ট ব্ৰ’ড আৰু মইন আলীয়ে ২টা আৰু বেন ষ্ট’কছে এটা উইকেট লাভ কৰিছে। উল্লেখ্য যে অষ্ট্ৰেলিয়ান অপেনাৰ ডেভিড ৱাৰ্ণাৰক টেষ্টত ১৫ বাৰৰ বাবে আউট কৰিছে ষ্টুৱাৰ্ট ব্ৰ’ডে। আনহাতে, মাৰ্নাছ লাবুচেনে টেষ্ট কেৰিয়াৰত প্ৰথমটো ডাক আউটৰ সন্মুখিন হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু