--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পৃথিৱীৰ প্ৰত্যেকজন লোকে দীঘলীয়া আয়ুস কামনা কৰে, কিন্তু এইটোও সত্য যে কোনে কিমানদিন জীয়াই থাকিব সেই কথা কোনেও নাজানে। কিন্তু এই সকলোবোৰৰ মাজতে বয়স আৰু অভিজ্ঞতাৰ ভিত্তিত পৃথিৱীত এতিয়াও জীৱিত আছে জনছন চিষ্টাৰছ অব আমেৰিকা, যিয়ে নিজৰ বয়সৰ ভিত্তিত গিনিজ বুক অব ৱৰ্ল্ড ৰেকৰ্ডত নিজৰ নাম পঞ্জীয়ন কৰিছে। এই চাৰিগৰাকী ভগ্নী পৃথিৱীৰ আটাইতকৈ বয়োজ্যেষ্ঠ ভগ্নী বুলি স্বীকৃতি লাভ কৰিছে।

 দৰাচলতে আমেৰিকাৰ কেলিফৰ্ণিয়াত বাস কৰা জনছন ভগ্নীহঁতৰ মুঠ বয়স ৩৮৯ বছৰ। এই জনছন ভগ্নীসকলে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত নিজৰ নাম পঞ্জীয়ন কৰিছে। পৃথিৱীৰ বয়োজ্যেষ্ঠা ভগ্নী বুলি চিহ্নিত হৈছে। খবৰ অনুসৰি পূৰ্বে গোবেল পৰিয়ালৰ ভাই-ভনীসকলৰ সংযুক্ত বয়সৰ অভিলেখ আছিল ৩৮৩ বছৰ, যাৰ অভিলেখ এতিয়া এই ভগ্নীসকলৰ নামতে অন্তৰ্ভুক্ত আছে।

 যদিও এই ভগ্নীসকলৰ ছবি প্ৰকাশ হোৱা নাই, কিন্তু এই ভগ্নীকেইগৰাকীৰ বয়স ৯২ বছৰৰ ওপৰত। চাৰিগৰাকী ভগ্নী একেলগে বয়স ৩৮৯ বছৰ ১৯৭ দিন। ইয়াৰে ভিতৰত আৰ্লোভেন জনছনৰ বয়স ১০১ বছৰ, মাৰ্চেন জনছনৰ বয়স ৯৯ বছৰ, ড’ৰিছ জনছনৰ বয়স ৯৬ বছৰ আৰু কনিষ্ঠ জুৱেল জনছনৰ বয়স ৯৩ বছৰ। আমেৰিকাৰ বিভিন্ন ঠাইত এই বয়োজ্যেষ্ঠা ভগ্নীসকলে বাস কৰে।

 খবৰ অনুসৰি এই আটাইকেইগৰাকী বয়োজ্যেষ্ঠা ভগ্নীয়ে গৰমৰ দিনত বা বন্ধৰ দিনত প্ৰতি বছৰে এবাৰ লগ হোৱাটো নিশ্চিত। যদিও তেওঁলোকেও ইজনে সিজনৰ লগত ফোনত কথা পাতি থাকে কাৰণ আজিও তেওঁলোকৰ মাজৰ সম্পৰ্ক অতি দৃঢ়।









FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক