--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পৃথিৱীৰ প্ৰত্যেকজন লোকে দীঘলীয়া আয়ুস কামনা কৰে, কিন্তু এইটোও সত্য যে কোনে কিমানদিন জীয়াই থাকিব সেই কথা কোনেও নাজানে। কিন্তু এই সকলোবোৰৰ মাজতে বয়স আৰু অভিজ্ঞতাৰ ভিত্তিত পৃথিৱীত এতিয়াও জীৱিত আছে জনছন চিষ্টাৰছ অব আমেৰিকা, যিয়ে নিজৰ বয়সৰ ভিত্তিত গিনিজ বুক অব ৱৰ্ল্ড ৰেকৰ্ডত নিজৰ নাম পঞ্জীয়ন কৰিছে। এই চাৰিগৰাকী ভগ্নী পৃথিৱীৰ আটাইতকৈ বয়োজ্যেষ্ঠ ভগ্নী বুলি স্বীকৃতি লাভ কৰিছে।

 দৰাচলতে আমেৰিকাৰ কেলিফৰ্ণিয়াত বাস কৰা জনছন ভগ্নীহঁতৰ মুঠ বয়স ৩৮৯ বছৰ। এই জনছন ভগ্নীসকলে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত নিজৰ নাম পঞ্জীয়ন কৰিছে। পৃথিৱীৰ বয়োজ্যেষ্ঠা ভগ্নী বুলি চিহ্নিত হৈছে। খবৰ অনুসৰি পূৰ্বে গোবেল পৰিয়ালৰ ভাই-ভনীসকলৰ সংযুক্ত বয়সৰ অভিলেখ আছিল ৩৮৩ বছৰ, যাৰ অভিলেখ এতিয়া এই ভগ্নীসকলৰ নামতে অন্তৰ্ভুক্ত আছে।

 যদিও এই ভগ্নীসকলৰ ছবি প্ৰকাশ হোৱা নাই, কিন্তু এই ভগ্নীকেইগৰাকীৰ বয়স ৯২ বছৰৰ ওপৰত। চাৰিগৰাকী ভগ্নী একেলগে বয়স ৩৮৯ বছৰ ১৯৭ দিন। ইয়াৰে ভিতৰত আৰ্লোভেন জনছনৰ বয়স ১০১ বছৰ, মাৰ্চেন জনছনৰ বয়স ৯৯ বছৰ, ড’ৰিছ জনছনৰ বয়স ৯৬ বছৰ আৰু কনিষ্ঠ জুৱেল জনছনৰ বয়স ৯৩ বছৰ। আমেৰিকাৰ বিভিন্ন ঠাইত এই বয়োজ্যেষ্ঠা ভগ্নীসকলে বাস কৰে।

 খবৰ অনুসৰি এই আটাইকেইগৰাকী বয়োজ্যেষ্ঠা ভগ্নীয়ে গৰমৰ দিনত বা বন্ধৰ দিনত প্ৰতি বছৰে এবাৰ লগ হোৱাটো নিশ্চিত। যদিও তেওঁলোকেও ইজনে সিজনৰ লগত ফোনত কথা পাতি থাকে কাৰণ আজিও তেওঁলোকৰ মাজৰ সম্পৰ্ক অতি দৃঢ়।









FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ