--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বিফলতাৰ অৰ্থ এইটো নহয় যে আপুনি পৰাস্ত হৈছে, ইয়াৰ অৰ্থ হ’ল আপুনি এতিয়াও সফল হোৱা নাই। বৎসল নাহাতাই এই কথা প্ৰমাণ কৰিলে। এশবাৰ প্ৰত্যাখ্যান হয়ো কোনো কাৰণতে হাৰ নামানিলে তেওঁ। কঠোৰ পৰিশ্ৰম আৰু আত্মবিশ্বাসেৰে তেওঁ বিশ্ব বেংকত যোগদান কৰে। কৰ’না মহামাৰীৰ সময়ত আৰম্ভ হৈছিল নাহাতাৰ সফলতাৰ যাত্ৰা। সেই সময়ত তেওঁ আমেৰিকাৰ ইয়েল বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভৰ বাবে অধ্যয়ন কৰি আছিল। তেওঁৰ ফাইনেল ইয়েৰত আছিল। সেই সময়ছোৱাত বহু কোম্পানী covidৰ বাবে বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল। মন্দাৱস্থাৰ বাবে কোম্পানীসমূহে বহু শ্ৰমিকক চাকৰিৰ পৰা বৰ্খাস্ত কৰিবলৈ আৰম্ভ কৰে।

 সেই সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কোম্পানীসমূহক কেৱল আমেৰিকান নাগৰিকক নিযুক্তি দিবলৈ হেঁচা প্ৰয়োগ কৰিছিল। দুমাহৰ পাছত স্নাতক সম্পন্ন হ’ব যদিও কৰ’নাৰ বাবে তেওঁৰ চাকৰিত মকৰলৰ সম্ভাৱনা কমি গৈছিল বুলি কয় নাহাতাই। নিজৰ লক্ষ্যত উপনীত হ’বলৈ নিজকে সাজু কৰিবলৈ ধৰে। নাহাতাই কয় যে ‘মই ভাৰতলৈ উভতি অহাৰ কথা ভবা নাছিলো, মই মোৰ প্ৰথম দৰমহা কেৱল ডলাৰত বিচাৰিছিলো।’ এই দুমাহত নাহাতাই ১৫০০ৰো অধিক চাকৰিৰ বাবে অনুৰোধ পঠিয়াইছিল। ৬০০ ইমেইল লিখিছিল, প্ৰায় ৮০জন মানুহক ফোন কৰিছিল। কিন্তু তেওঁ সকলোতে প্ৰত্যাখিত হৈছিল। নাহাতাই কয়, ‘সেই কঠিন সময়ত ইউটিউবত মই আটাইতকৈ বেছি শুনা গীতটো আছিল ‘দ্য জেণ্টল হাম অব এংজাইটি’ অৱশেষত কঠোৰ পৰিশ্ৰম আৰু দৃঢ়তাৰে তেওঁ মে’ মাহত চাৰিটা চাকৰিৰ প্ৰস্তাৱ পালে। সেই চাৰিটাৰ ভিতৰত তেওঁ বিশ্ব বেংকক নিৰ্বাচিত কৰে। নাহাতা এতিয়া আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি (আই এম এফ)ত কাম কৰে। তেওঁ কয় যে প্ৰাৰম্ভিক দুমাহৰ যাত্ৰাই জীৱনৰ বিষয়ে কিছু সোণালী শিক্ষা লাভ কৰিছিল।

 এতিয়া নাহাতাই নিজৰ অভিজ্ঞতাৰ কথা ব্যক্ত কৰে। সেয়েহে তেওঁলোকক কেতিয়াও হাৰ নামানিবলৈ উৎসাহিত কৰে। যদি আপুনি মোৰ দৰে পৰিস্থিতিৰ সন্মুখীন হৈছে, য’ত পৃথিৱীৰ অন্ত পৰা যেন লাগে, তেন্তে নিজকে সংযত কৰক। যদি আপুনি আপোনাৰ ভুলৰ পৰা শিকি সঠিক দুৱাৰত টুকুৰিয়াই দিয়ে তেন্তে নিশ্চয়কৈ এদিন ভাল দিন আহিবই।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ