--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বিফলতাৰ অৰ্থ এইটো নহয় যে আপুনি পৰাস্ত হৈছে, ইয়াৰ অৰ্থ হ’ল আপুনি এতিয়াও সফল হোৱা নাই। বৎসল নাহাতাই এই কথা প্ৰমাণ কৰিলে। এশবাৰ প্ৰত্যাখ্যান হয়ো কোনো কাৰণতে হাৰ নামানিলে তেওঁ। কঠোৰ পৰিশ্ৰম আৰু আত্মবিশ্বাসেৰে তেওঁ বিশ্ব বেংকত যোগদান কৰে। কৰ’না মহামাৰীৰ সময়ত আৰম্ভ হৈছিল নাহাতাৰ সফলতাৰ যাত্ৰা। সেই সময়ত তেওঁ আমেৰিকাৰ ইয়েল বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভৰ বাবে অধ্যয়ন কৰি আছিল। তেওঁৰ ফাইনেল ইয়েৰত আছিল। সেই সময়ছোৱাত বহু কোম্পানী covidৰ বাবে বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল। মন্দাৱস্থাৰ বাবে কোম্পানীসমূহে বহু শ্ৰমিকক চাকৰিৰ পৰা বৰ্খাস্ত কৰিবলৈ আৰম্ভ কৰে।

 সেই সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কোম্পানীসমূহক কেৱল আমেৰিকান নাগৰিকক নিযুক্তি দিবলৈ হেঁচা প্ৰয়োগ কৰিছিল। দুমাহৰ পাছত স্নাতক সম্পন্ন হ’ব যদিও কৰ’নাৰ বাবে তেওঁৰ চাকৰিত মকৰলৰ সম্ভাৱনা কমি গৈছিল বুলি কয় নাহাতাই। নিজৰ লক্ষ্যত উপনীত হ’বলৈ নিজকে সাজু কৰিবলৈ ধৰে। নাহাতাই কয় যে ‘মই ভাৰতলৈ উভতি অহাৰ কথা ভবা নাছিলো, মই মোৰ প্ৰথম দৰমহা কেৱল ডলাৰত বিচাৰিছিলো।’ এই দুমাহত নাহাতাই ১৫০০ৰো অধিক চাকৰিৰ বাবে অনুৰোধ পঠিয়াইছিল। ৬০০ ইমেইল লিখিছিল, প্ৰায় ৮০জন মানুহক ফোন কৰিছিল। কিন্তু তেওঁ সকলোতে প্ৰত্যাখিত হৈছিল। নাহাতাই কয়, ‘সেই কঠিন সময়ত ইউটিউবত মই আটাইতকৈ বেছি শুনা গীতটো আছিল ‘দ্য জেণ্টল হাম অব এংজাইটি’ অৱশেষত কঠোৰ পৰিশ্ৰম আৰু দৃঢ়তাৰে তেওঁ মে’ মাহত চাৰিটা চাকৰিৰ প্ৰস্তাৱ পালে। সেই চাৰিটাৰ ভিতৰত তেওঁ বিশ্ব বেংকক নিৰ্বাচিত কৰে। নাহাতা এতিয়া আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি (আই এম এফ)ত কাম কৰে। তেওঁ কয় যে প্ৰাৰম্ভিক দুমাহৰ যাত্ৰাই জীৱনৰ বিষয়ে কিছু সোণালী শিক্ষা লাভ কৰিছিল।

 এতিয়া নাহাতাই নিজৰ অভিজ্ঞতাৰ কথা ব্যক্ত কৰে। সেয়েহে তেওঁলোকক কেতিয়াও হাৰ নামানিবলৈ উৎসাহিত কৰে। যদি আপুনি মোৰ দৰে পৰিস্থিতিৰ সন্মুখীন হৈছে, য’ত পৃথিৱীৰ অন্ত পৰা যেন লাগে, তেন্তে নিজকে সংযত কৰক। যদি আপুনি আপোনাৰ ভুলৰ পৰা শিকি সঠিক দুৱাৰত টুকুৰিয়াই দিয়ে তেন্তে নিশ্চয়কৈ এদিন ভাল দিন আহিবই।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক