--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় জনতা পাৰ্টিৰ ক্ৰমবৰ্ধমান জনপ্ৰিয়তাৰ গুঞ্জন এতিয়া বিশ্বত শুনিবলৈ পোৱা গৈছে। আমেৰিকাৰ আগশাৰীৰ বাতৰি কাকত ‘ৱাল ষ্ট্ৰীট জাৰ্নেল’ৰ মতে ভাৰতীয় জনতা পাৰ্টিক বিশ্বৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দল হিচাপে অভিহিত কৰা হৈছে। 

ৱাল ষ্ট্ৰীট জাৰ্নেলে লিখিছে যে বিজেপি দলটোৱে ২০১৪ চনৰ লোকসভা নিৰ্বাচনত জয়লাভ কৰি বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ ভাৰতবৰ্ষত ক্ষমতালৈ আহিছিল। ইয়াৰ পিছত ২০১৯ চনত একেৰাহে দ্বিতীয়বাৰৰ বাবে নিৰ্বাচনত বিজেপি দলটোৱে জয়লাভ কৰে, আৰু ৱাল ষ্ট্ৰীট জাৰ্নেলৰ মতে বিজেপিয়ে ক্ৰমাগতভাৱে তৃতীয়বাৰৰ বাবেও ২০২৪ চনৰ লোকসভা নিৰ্বাচনত জয়ী হোৱাৰ দিশত আগবাঢ়িছে।

আমেৰিকাৰ আগশাৰীৰ কাকত ৱাল ষ্ট্ৰীট জাৰ্নেলত প্ৰকাশিত এটা মতামত প্ৰবন্ধত কোৱা হৈছে যে অদূৰ ভৱিষ্যতে এনে এখন দেশত বিজেপিয়ে আধিপত্য বিস্তাৰ কৰিব, যাৰ সহায় অবিহনে বৃদ্ধি পোৱা চীনৰ শক্তিৰ ভাৰসাম্য ৰক্ষাৰ বাবে আমেৰিকাৰ প্ৰচেষ্টা বিফল হ’ব। প্ৰবন্ধটোত উল্লেখ কৰা হৈছে যে জাপানৰ সমান্তৰালকৈ ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলতো ভাৰত এখন প্ৰধান অৰ্থনৈতিক শক্তি আৰু আমেৰিকাৰ কৌশলত এক গুৰুত্বপূৰ্ণ দেশ হিচাপে আত্মপ্ৰকাশ কৰিছে। আহি থকা সময়ত ভাৰতৰ অবিহনে আমেৰিকাই চীনৰ সৈতে ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰিব৷

আমেৰিকাৰ কাকত ৱাল ষ্ট্ৰীট জাৰ্নেলে লিখিছে যে আমেৰিকাৰ বিশ্লেষকসকলে বিশেষকৈ মতাদৰ্শ এৰি বাওঁপন্থী সকলে প্ৰায়ে মোডীক লৈ বহু প্ৰশ্ন উত্থাপন কৰে। বাওঁপন্থীসকলৰ উদ্বেগও সম্পূৰ্ণ ভুল নহয়। ভাৰতৰ শাসকীয় দলক সমালোচনা কৰা সাংবাদিকসকলে হাৰাশাস্তিৰ সন্মুখীন হৈ আছে আৰু ইয়াতকৈ বেয়া পৰিস্থিতিও হ’ব পাৰে। হিন্দুত্ববাদী মতাদৰ্শৰ বিৰোধী ভাৰতীয় সংখ্যালঘুসকলে গণহিংসা আৰু ধৰ্মান্তৰকৰণ বিৰোধী আইনৰ সন্মুখীন হৈছে।আমেৰিকান কাকত ৱাল ষ্ট্ৰীট জাৰ্নেলৰ প্ৰবন্ধটোত উল্লেখ কৰা হৈছে যে বিজেপিৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকা দেশজোৰা হিন্দু ৰাষ্ট্ৰীয়তাবাদী সংগঠন ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ বা আৰ এছ এছৰ ক্ষমতাক লৈয়ো বহুতে আশংকা কৰে।


ৱাল ষ্ট্ৰীট জাৰ্নেলত প্ৰকাশ কৰা প্ৰৱন্ধটিত লেখক লিডে নিজৰ প্ৰবন্ধত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক প্ৰশংসা কৰিছে। লিডে নিজৰ প্ৰবন্ধত যোগী আৰু আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতক সাক্ষাৎ কৰাৰ কথাও উল্লেখ কৰিছে। লীডে লিখিছে যে 'বিজেপি আৰু আৰএছএছৰ জ্যেষ্ঠ নেতা আৰু তেওঁলোকৰ একাংশ সমালোচকৰ সৈতে নিবিড় বৈঠকৰ অন্তত মই নিশ্চিতভাৱে ক'ব পাৰো যে আমেৰিকান আৰু পশ্চিমীয়াসকলে এটা জটিল আৰু শক্তিশালী আন্দোলনৰ সৈতে অধিক গভীৰভাৱে জড়িত হোৱাটো প্ৰয়োজন৷প্ৰান্তীয় বুদ্ধিজীৱী আৰু ধৰ্ম অনুৰাগীৰে গঠিত আৰ এছ এছ হয়তো বিশ্বৰ আটাইতকৈ শক্তিশালী হিন্দু নাগৰিক-সমাজৰ সংগঠন হৈ পৰিছে।

ৱাল ষ্ট্ৰীট জাৰ্নেলত প্ৰকাশ কৰা প্ৰৱন্ধটিত লেখক লীডে উল্লেখ কৰিছে যেতিয়া লীডে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা হিন্দু সন্ন্যাসী যোগী আদিত্যনাথক লগ পাইছিল, যিজন আদিত্যনাথক আন্দোলনৰ অন্যতম উগ্ৰ কণ্ঠ হিচাপে গণ্য কৰা হয়, আৰু কেতিয়াবা ৭২ বছৰীয়া প্ৰধানমন্ত্ৰী মোদীৰ উত্তৰাধিকাৰী হিচাপে দেখা যায় সেইজন যোগী আদিত্যনাথৰ লগত কথোপকথন কৰা সময়খিনিত যোগীৰ নিজৰ অঞ্চল আৰু দেশখনৰ উন্নতিৰ বাবে থকা বিনিয়োগ আৰু উন্নয়ন অনাৰ যি ধাৰণা সেই ধাৰণাৰ বাবে লেখক লীডে যোগীৰ ভূয়সী প্ৰসংসা কৰে৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু