--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক ৰহস্যময় পোহৰে হাৰিয়ানাত আলোড়ণৰ সৃষ্টি কৰিছে৷ ভূমিকম্পৰ মাজতে হাৰিয়ানাৰ আকাশত এটা 'ৰহস্যময় পোহৰ' দেখা যায়।সেই ৰঙীন পোহৰকলৈ এতিয়া চৌদিশে কৌূহল বিয়পি পৰিছে। মঙলবাৰে নিশা ১০.২৫ বজাত দিল্লী, উত্তৰ প্ৰদেশ, হাৰিয়ানা, উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশৰ বহু ঠাইত কম্পন অনুভৱ কৰা হয়।


 ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৬.৬ আছিল। কম্পনটো কেইছেকেণ্ড মানৰ বাবে অনুভৱ কৰা হৈছিল।কম্পনৰ মাজতে হাৰিয়ানাৰ যমুনানগৰৰ আকাশত ৰঙা, বেঙুনীয়া আৰু  কমলা ৰঙৰ পোহৰ দেখা গৈছিল। অতি কম সময়ৰ ভিতৰতে পোহৰৰ ৰং বাৰে বাৰে সলনি হোৱা দেখা গৈছিল। এয়া কিহৰ  পোহৰ? জনসাধাৰণৰ মাজত ৰহস্য আৰু কৌতূহল বৃদ্ধি পাই গৈছে৷ বিজ্ঞানীসকলে দাবী কৰিছে যে এই ধৰণৰ 'ৰহস্যময় পোহৰ' বৰ অস্বাভাৱিক নহয়। বিশেষকৈ ভূমিকম্পৰ আগতে বা ভূমিকম্পৰ মাজত আকাশত ৰঙীন পোহৰ দেখা যায়। কিন্তু তেওঁলোকে ইয়াৰ কাৰণ বাখ্যা কৰা  নাই৷ 

এনে পোহৰ দেখাৰ পিছত  বহুতে  ভিন গ্ৰহাণুৰ তত্ত্বও উত্থাাপন কৰিছে৷  অৱশ্যে বিজ্ঞানীসকলে এই তত্ত্ববোৰ অস্বীকাৰ কৰিছে। বিজ্ঞানীসকলে দীৰ্ঘদিন ধৰি এনে পোহৰৰ উৎস বিচাৰি আছে। তেওঁলোকে দাবী কৰে যে এই পোহৰ ভূমিকম্পৰ সৈতে সম্পৰ্কিত। বিশেষকৈ যি ঠাইত টেকটনিক প্লেট ফল্ট লাইনত পৰে এই ধৰণৰ পোহৰ কম্পনৰ আগতে বা মাজত দেখা যায়। উল্লেখ্য মঙলবাৰে নিশা প্ৰায় ১০.১৫ বজাত দিল্লী-এনচিআৰত  কম্পন অনুভৱ কৰা হয়। 

উত্তৰ প্ৰদেশ, পঞ্জাৱ, জম্মু - কাশ্মীৰ, উত্তৰাখণ্ড, বিহাৰতো কম্পন অনুভৱ কৰা হৈছিল। ভূমিক্ম্পৰ তীব্ৰতা ৬.৬  আছিল বুলি জানিব পৰা গৈছে। ইফালে ভূমিক্ম্পৰ পিছতে পাকিস্তানৰ স্বাস্থ্য মন্ত্ৰী আব্দুল কাদিৰ পেটেলৰ নিৰ্দেশত ইছলামাবাদৰ চিকিৎসালয়সমূহত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হয়। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক