--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক ৰহস্যময় পোহৰে হাৰিয়ানাত আলোড়ণৰ সৃষ্টি কৰিছে৷ ভূমিকম্পৰ মাজতে হাৰিয়ানাৰ আকাশত এটা 'ৰহস্যময় পোহৰ' দেখা যায়।সেই ৰঙীন পোহৰকলৈ এতিয়া চৌদিশে কৌূহল বিয়পি পৰিছে। মঙলবাৰে নিশা ১০.২৫ বজাত দিল্লী, উত্তৰ প্ৰদেশ, হাৰিয়ানা, উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশৰ বহু ঠাইত কম্পন অনুভৱ কৰা হয়।


 ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৬.৬ আছিল। কম্পনটো কেইছেকেণ্ড মানৰ বাবে অনুভৱ কৰা হৈছিল।কম্পনৰ মাজতে হাৰিয়ানাৰ যমুনানগৰৰ আকাশত ৰঙা, বেঙুনীয়া আৰু  কমলা ৰঙৰ পোহৰ দেখা গৈছিল। অতি কম সময়ৰ ভিতৰতে পোহৰৰ ৰং বাৰে বাৰে সলনি হোৱা দেখা গৈছিল। এয়া কিহৰ  পোহৰ? জনসাধাৰণৰ মাজত ৰহস্য আৰু কৌতূহল বৃদ্ধি পাই গৈছে৷ বিজ্ঞানীসকলে দাবী কৰিছে যে এই ধৰণৰ 'ৰহস্যময় পোহৰ' বৰ অস্বাভাৱিক নহয়। বিশেষকৈ ভূমিকম্পৰ আগতে বা ভূমিকম্পৰ মাজত আকাশত ৰঙীন পোহৰ দেখা যায়। কিন্তু তেওঁলোকে ইয়াৰ কাৰণ বাখ্যা কৰা  নাই৷ 

এনে পোহৰ দেখাৰ পিছত  বহুতে  ভিন গ্ৰহাণুৰ তত্ত্বও উত্থাাপন কৰিছে৷  অৱশ্যে বিজ্ঞানীসকলে এই তত্ত্ববোৰ অস্বীকাৰ কৰিছে। বিজ্ঞানীসকলে দীৰ্ঘদিন ধৰি এনে পোহৰৰ উৎস বিচাৰি আছে। তেওঁলোকে দাবী কৰে যে এই পোহৰ ভূমিকম্পৰ সৈতে সম্পৰ্কিত। বিশেষকৈ যি ঠাইত টেকটনিক প্লেট ফল্ট লাইনত পৰে এই ধৰণৰ পোহৰ কম্পনৰ আগতে বা মাজত দেখা যায়। উল্লেখ্য মঙলবাৰে নিশা প্ৰায় ১০.১৫ বজাত দিল্লী-এনচিআৰত  কম্পন অনুভৱ কৰা হয়। 

উত্তৰ প্ৰদেশ, পঞ্জাৱ, জম্মু - কাশ্মীৰ, উত্তৰাখণ্ড, বিহাৰতো কম্পন অনুভৱ কৰা হৈছিল। ভূমিক্ম্পৰ তীব্ৰতা ৬.৬  আছিল বুলি জানিব পৰা গৈছে। ইফালে ভূমিক্ম্পৰ পিছতে পাকিস্তানৰ স্বাস্থ্য মন্ত্ৰী আব্দুল কাদিৰ পেটেলৰ নিৰ্দেশত ইছলামাবাদৰ চিকিৎসালয়সমূহত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হয়। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু