--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰকৃতিৰ নন্দনকানন চুইজাৰলেণ্ড। প্ৰকৃতিৰ নন্দনকানন হোৱাৰ উপৰিও বিশ্বৰ ভিতৰতে সুখী দেশ বুলি স্বীকৃতি লাভ কৰিছে ইউৰোপৰ দেশখনে। ইয়াৰ বিপৰীতে আটাইতকৈ দু্‌ৰ্দশাগ্ৰস্ত দেশ হিচাপে পৰিগণিত হৈছে আফ্ৰিকা মহাদেশৰ দেশ জিম্বাবুৱে।

এই তথ্য প্ৰকাশ পাইছে বিশ্বৰ প্ৰখ্যাত অৰ্থনীতিবিদ ষ্টিভ হাংকৰ বাৰ্ষিক দুৰ্দশা সূচাংকত(HAMI)। মূলতঃ দেশসমূহৰ অৰ্থনৈতিক অৱস্থা ওপৰত ভিত্তি কৰি এই সমীক্ষাৰ সূচাংক নিৰ্ধাৰণ কৰা হৈছে। নিউয়ৰ্ক পোষ্টৰ তথ্য অনুসৰি এই ৰেংকিঙৰ বাবে মুঠ ১৫৭খন দেশক সাঙুৰি লোৱা হৈছিল।

অৰ্থনীতিবিদ ষ্টিভ হাংকৰ সমীক্ষাৰ মতে ইউক্ৰেইন, ছিৰিয়া, ছুডানৰ দৰে যুদ্ধবিধ্বস্ত দেশক অতিক্ৰম কৰা আফ্ৰিকান দেশখনে আকাশলংঘী মুদ্ৰাস্ফীতিৰ ফলতে মূলতঃ ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ ফলতে দেশখনৰ মুদ্ৰাস্ফীতিয়ে যোৱা বছৰ ২৪৩.৮ শতাংশ স্পৰ্শ কৰিছিল।

উল্লেখযোগ্য যে জন হপকিন্স বিশ্ববিদ্যালয়ৰ এপ্লাইড ইকনমিক্সৰ অধ্যাপক ষ্টিভ হেংকে দ্য এনুৱেল মিছেৰী ইনডেক্স সংকলন কৰিছে। সূচকাংকসমূহ হৈছে নিবনুৱা সমস্যাৰ যোগফল (দুগুণ), মুদ্ৰাস্ফীতি আৰু বেংকৰ ঋণৰ হাৰৰ যোগফল, জনমূৰি প্ৰকৃত জিডিপিৰ বাৰ্ষিক শতাংশ পৰিৱৰ্তন বিয়োগ কৰা আদিৰ ভিত্তিত কৰা হৈছে।

“অত্যধিক মুদ্ৰাস্ফীতি, উচ্চ হাৰৰ নিবনুৱা সমস্যা, উচ্চ ঋণৰ হাৰ আৰু নিস্তেজ জিডিপি বৃদ্ধিৰ বাবে জিম্বাবুৱে ২০২২ বৰ্ষৰ দুৰ্দশা সূচকাংকত বিশ্বৰ আটাইতকৈ দুৰ্ভগীয়া দেশ হিচাপে স্থান লাভ কৰিছে।” ষ্টিভ হেংকে টুইটত এইদৰে কয়। হাংকে দেশখনৰ বৰ্তমানৰ ৰাজনৈতিক দল জানু-পিএফ আৰু ইয়াৰ নীতিক “ব্যাপক দুৰ্দশা” সৃষ্টিৰ বাবে দোষাৰোপ কৰিছে।

ভেনিজুৱেলা, ছিৰিয়া, লেবানন, ছুডান, আৰ্জেণ্টিনা, য়েমেন, ইউক্ৰেইন, কিউবা, তুৰস্ক, শ্ৰীলংকা, হাইটি, এংগোলা, টংগা, আৰু ঘানা আদি দেশসমূহৰ শীৰ্ষ ১৫ খন দুৰ্ভগীয়া ৰাষ্ট্ৰৰ ভিতৰত স্থান লাভ কৰিছে।

আনহাতে ভাৰতে এই তালিকাত ১০৩ সংখ্যক স্থান লাভ কৰিছে। ভাৰতক দুৰ্দশাৰ অৰিহণা যোগোৱা কাৰক হৈছে ক্ৰমবৰ্ধমান ভয়াৱহ নিবনুৱা সমস্যা।

নিবনুৱা সমস্যাৰ বাবেই এই তালিকাত আমেৰিকাই ১৩৪ নম্বৰ স্থান লাভ কৰিছে। ৱৰ্ল্ড হেপিনেছ ৰিপ’ৰ্টৰ দ্বাৰা একেৰাহে ছবছৰ ধৰি বিশ্বৰ আটাইতকৈ সুখী দেশ হিচাপে স্থান লাভ কৰা ফিনলেণ্ডে দুৰ্ভগীয়া দেশৰ সূচকাংক হৈছে ১০৯ সংখ্যক।

ইফালে ছুইজাৰলেণ্ড  নাগৰিকসকল আটাইতকৈ সুখী বুলি তেওঁ জনায়। ছুইজাৰলেণ্ডৰ পাছতে দ্বিতীয় স্থানত আছে মধ্যপ্ৰাচ্যৰ দেশ কুৱেইট, তৃতীয় স্থানত ইউৰোপৰ আয়াৰলেণ্ড, চতুৰ্থত এছিয়াৰ জাপান, পঞ্চমত মালয়েছিয়া, ষষ্ঠত টাইৱান, সপ্তমত নাইজাৰ, অষ্টমত থাইলেণ্ড, নৱমত ট’গো আৰু দশমত আছে মাল্টা।












FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস