--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিষিদ্ধ কৰা হ’ব পাৰে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ ৰাজনৈতিক দল তেহৰিক-ই-ইনছাফ পাকিস্তান (পিটিআই)। দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে মন্তব্য কৰিছে।

উল্লেখ্য যে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানেও একে আশংকা কৰিছিল। তাৰপাছতে বুধবাৰে প্ৰতিৰক্ষা মন্ত্ৰী আছিফে কয় যে “ইমৰাণৰ দল তেহৰিক-ই-ইনছাফ পাকিস্তান (পিটিআই) নিষিদ্ধ কৰাৰ চিন্তা চলি আছে। দেশৰ বুকুত আঘাত হানিছে পিটিআইয়ে। আগতে কেতিয়াও এনেকুৱা হোৱা নাছিল। এইটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয়।”

দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰী আছিফৰ এই মন্তব্যই পাকিস্তানত আকৌ এবাৰ অশান্তিৰ জুই জ্বলাব বুলি ধাৰণা কৰা হৈছে। ইমৰাণ খানক গ্ৰেপ্তাৰ কৰাৰ পিছৰে পৰা পাকিস্তানত কাৰ্যতঃ গৃহযুদ্ধ সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে।

শেহতীয়াকৈ ইমৰাণ খানে নিজৰ টুইটাৰ হেণ্ডেলত লিখিছে, “প্ৰায় ৭ হাজাৰ পিটিআই সমৰ্থকক গ্ৰেপ্তাৰ কৰা হৈছে। হিংসাৰ আঁৰত কোন আছে তদন্ত নকৰাকৈয়ে আমাৰ সমৰ্থক, নেতৃত্ব আৰু মহিলাসকলক জেলত ভৰোৱা হৈছে। আমাৰ দলক নিষিদ্ধ কৰাৰ ষড়যন্ত্ৰ।”

উল্লেখ্য যে ইমৰাণ খান এসময়ত পাকিস্তান সেনাৰ পোষ্টাৰ বয় আছিল। সেই সমীকৰণটো সলনি হোৱাৰ লগে লগে পাকিস্তানক ক্ৰিকেট বিশ্বকাপৰ উপহাৰ দিয়া ‘কেপ্তেইন’জন সেনাৰ চকুত শত্ৰু হৈ পৰিছে।
















FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস