--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিষিদ্ধ কৰা হ’ব পাৰে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ ৰাজনৈতিক দল তেহৰিক-ই-ইনছাফ পাকিস্তান (পিটিআই)। দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে মন্তব্য কৰিছে।

উল্লেখ্য যে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানেও একে আশংকা কৰিছিল। তাৰপাছতে বুধবাৰে প্ৰতিৰক্ষা মন্ত্ৰী আছিফে কয় যে “ইমৰাণৰ দল তেহৰিক-ই-ইনছাফ পাকিস্তান (পিটিআই) নিষিদ্ধ কৰাৰ চিন্তা চলি আছে। দেশৰ বুকুত আঘাত হানিছে পিটিআইয়ে। আগতে কেতিয়াও এনেকুৱা হোৱা নাছিল। এইটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয়।”

দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰী আছিফৰ এই মন্তব্যই পাকিস্তানত আকৌ এবাৰ অশান্তিৰ জুই জ্বলাব বুলি ধাৰণা কৰা হৈছে। ইমৰাণ খানক গ্ৰেপ্তাৰ কৰাৰ পিছৰে পৰা পাকিস্তানত কাৰ্যতঃ গৃহযুদ্ধ সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে।

শেহতীয়াকৈ ইমৰাণ খানে নিজৰ টুইটাৰ হেণ্ডেলত লিখিছে, “প্ৰায় ৭ হাজাৰ পিটিআই সমৰ্থকক গ্ৰেপ্তাৰ কৰা হৈছে। হিংসাৰ আঁৰত কোন আছে তদন্ত নকৰাকৈয়ে আমাৰ সমৰ্থক, নেতৃত্ব আৰু মহিলাসকলক জেলত ভৰোৱা হৈছে। আমাৰ দলক নিষিদ্ধ কৰাৰ ষড়যন্ত্ৰ।”

উল্লেখ্য যে ইমৰাণ খান এসময়ত পাকিস্তান সেনাৰ পোষ্টাৰ বয় আছিল। সেই সমীকৰণটো সলনি হোৱাৰ লগে লগে পাকিস্তানক ক্ৰিকেট বিশ্বকাপৰ উপহাৰ দিয়া ‘কেপ্তেইন’জন সেনাৰ চকুত শত্ৰু হৈ পৰিছে।
















FOLLOW US F
POPULAR
FEATURE
TRENDY
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?
২০ বছৰৰ পাছত ভাৰতত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ ; ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যনে জনালে অনুমোদন
কাইলৈৰ পৰা কাৰ্যকৰী হ'ব ফাষ্টেগ বাৰ্ষিক পাছ ; এতিয়াৰ পৰা সহজে পৰিশোধ কৰিব পাৰিব টোল টেক্স
গুলবীৰ সিঙৰ ৩ হাজাৰ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ
কুকুৰৰ পুনৰবাসনৰ আৱেদন বিবেচনাৰ আশ্বাস মুখ্য ন্যায়াধীশৰ
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী