--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স(কৃত্ৰিম বুদ্ধিমত্তা) চমুকৈ যাক কোৱা হয় AI; ইয়াৰ জৰিয়তে বিশ্বত প্ৰযুক্তিগত দিশত আমূল পৰিৱৰ্তন সাধন হৈছে। কৃত্ৰিম বুদ্ধিমত্তাই এফালে উন্নয়নৰ নতুন পথ মুকলি কৰিবলৈ সাজু হৈছে আৰু আনফালে সমগ্ৰ বিশ্বৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে। আচলতে কৃত্ৰিম বুদ্ধিমত্তাৰ (AI) কোনো সীমা নাই। এইটোৱেই হৈছে এনে প্ৰযুক্তি যিয়ে নিজকে বিকশিত কৰাৰ সম্ভাৱনা মুকলি কৰে। 

মহান বিজ্ঞানী ষ্টিফেন হকিন্সে AIক এটা ডাঙৰ ভাবুকি বুলি অভিহিত কৰিছিল আৰু কৈছিল যে মানুহৰ বিৱৰ্তন সীমিত গতিৰে হয়। আনহাতে কৃত্ৰিম বুদ্ধিমত্তাৰ কোনো সীমা নাই। এনে অৱস্থাত মানুহ যন্ত্ৰতকৈ পিছ পৰি থাকিব আৰু ই সমগ্ৰ মানৱ জাতিৰ বাবে ভাবুকি।

কৃত্ৰিম বুদ্ধিমত্তাৰ গডফাডাৰ জিঅ’ফ্ৰে হিণ্টনে নিজেই সৃষ্টি কৰা প্ৰযুক্তিৰ ওপৰত উদ্বেগ প্ৰকাশ কৰি কয় যে AIৰ বাবে মানুহে চাকৰি হেৰুৱাইছে। ইয়াৰ বাবে তেওঁ দুখ প্ৰকাশো কৰিছে। তেওঁ কয় যে ইমান দিনে AIৰ বাবে কাম কৰাৰ বাবে তেওঁ গোটেই জীৱন অনুশোচনা কৰিব। এটা সাক্ষাৎকাৰত তেওঁ কয় যে ''ইয়াক ৰখাব পৰা নাছিলোঁ। মই তেনেকুৱা নকৰিলে আন কোনোবাই কৰিলেহেঁতেন।''

দুখ প্ৰকাশ কৰি তেওঁ কয় যে ''এই যুগত সাৰ্বজনীন মৌলিক আয়ৰ পথ ফলপ্ৰসূ হ’ব পাৰে। AIৰ বাবে চাকৰিৰ বজাৰত পৰিৱৰ্তন হোৱা যুগত মই ক’ব বিচাৰিছো যে সাৰ্বজনীন মৌলিক আয় এটা ভাল পথ। AI এ উৎপাদনশীলতা বৃদ্ধি কৰিব আৰু বহুত টকা উপাৰ্জন কৰিব, কিন্তু ই সমাজত বৈষম্য বৃদ্ধি কৰিব। বহুতে চাকৰি হেৰুৱাব আৰু আনহাতে বহুত মানুহ অত্যন্ত ধনী হৈ পৰিব। এইটো সমাজৰ বাবে বহুত বেয়া হ'বলৈ গৈ আছে।''

অহা ৫ৰ পৰা ২০ বছৰৰ ভিতৰত AI ডাঙৰ প্ৰত্যাহ্বান হৈ উঠিব পাৰে বুলিও তেওঁ কয়। ১৯৪৭ চনৰ ৬ ডিচেম্বৰত লণ্ডনত জন্মগ্ৰহণ কৰিছিল জিঅ’ফ্ৰে হিণ্টনে। কেম্ব্ৰিটৰ পৰা পৰীক্ষামূলক মনোবিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত তেওঁ পিএইচডি ডিগ্ৰী লাভ কৰে। গুগলৰ সৈতে কাম কৰি আছিল যদিও এতিয়া পদৰ পৰা পদত্যাগ কৰিছে জিঅ’ফ্ৰে হিণ্টনে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক