--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্ব স্বাস্থ্য সংস্থা (WHO)ই সাত বছৰৰ পাছত তেওঁলোকে মাৰাত্মক বেক্টেৰিয়াৰ নতুনকৈ সংশোধিত তালিকা প্ৰকাশ কৰে। এন্টিবায়টিকৰ বিৰুদ্ধে আৰু ফলপ্ৰসূ নহোৱা মাৰাত্মক বেক্টেৰিয়াৰ সংখ্যা বৃদ্ধি পোৱাত বিশ্ব স্বাস্থ্য সংস্থাই উদ্বেগ প্ৰকাশ কৰিছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি ‘এন্টিমাইক্ৰ’বিয়াল ৰেজিষ্টেন্স’ (AMR) দ্ৰুত গতিত বিকশিত হৈছে। যেতিয়া এন্টিমাইক্ৰ’বিয়াল ঔষধে বেক্টেৰিয়া, ভাইৰাছ, ভেঁকুৰ আৰু অন্যান্য পৰজীৱীৰ দ্বাৰা হোৱা সংক্ৰমণ হ্ৰাস কৰাত আৰু কাম নকৰে, তেতিয়া পৰিস্থিতিটোক ‘এণ্টিমাইক্ৰ’বিয়াল ৰেজিষ্টেন্স’ বুলি কোৱা হয়। ইয়াৰ ফলত ৰোগীজন বেছি বেমাৰ হয়, সংক্ৰমণ বাঢ়ি যায়, ৰোগীৰ মৃত্যুও হ’ব পাৰে। এই পৰিস্থিতি ৰোধ কৰিবলৈ শীঘ্ৰে নতুন চিকিৎসা পদ্ধতিৰ সন্ধান আৰম্ভ কৰিব লাগে বুলি বিশ্ব স্বাস্থ্য সংস্থাই পৰামৰ্শ দিয়ে।

২০২৪ চনৰ ‘বেক্টেৰিয়েল প্ৰাইঅ’ৰিটি পেথ’জেন লিষ্ট’ (BPPL)ত ১৫ প্ৰকাৰৰ এন্টিবায়টিক প্ৰতিৰোধী (এন্টিবায়টিকে কাম নকৰে) বেক্টেৰিয়াক তিনিটা ভাগত ভাগ কৰা হৈছে — আটাইতকৈ বিপজ্জনক, অতি বিপজ্জনক আৰু মধ্যমীয়া বিপজ্জনক। এই সকলোবোৰ বিপজ্জনক বেক্টেৰিয়া চিনাক্ত কৰাৰ লগতে ইয়াৰ সমাধান তালিকাত উল্লেখ কৰা হৈছে। নতুন চিকিৎসাৰ সন্ধানত সুবিধাৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই বেক্টেৰিয়াৰ ওপৰত সকলো উপলব্ধ তথ্য আৰু বিশেষজ্ঞৰ পৰামৰ্শ প্ৰকাশ কৰিছে।

ডব্লিউ এইচ অ’ৰ এন্টিমাইক্ৰ’বিয়াল ৰেজিষ্টেন্সৰ সহকাৰী সঞ্চালক প্ৰধান ইউকিকো নাকাটানীয়ে কয় যে, ‘পৃথিৱীত কিমান ঔষধ প্ৰতিৰোধী বেক্টেৰিয়া আছে তাৰ এখন মানচিত্ৰ তৈয়াৰ কৰা হৈছে। জনস্বাস্থ্যৰ ওপৰত ইয়াৰ প্ৰভাৱ বিশ্লেষণ কৰা হৈছে। সম্পূৰ্ণ দুৰ্যোগ প্ৰতিৰোধ কৰা সম্ভৱ হ’ব।'' বিপিপিএল প্ৰথম প্ৰকাশ কৰিছিল ২০১৭ চনত হুৱে। সাত বছৰৰ পাছত আকৌ ‘সতৰ্কবাণী’।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক