--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্ব স্বাস্থ্য সংস্থা (WHO)ই সাত বছৰৰ পাছত তেওঁলোকে মাৰাত্মক বেক্টেৰিয়াৰ নতুনকৈ সংশোধিত তালিকা প্ৰকাশ কৰে। এন্টিবায়টিকৰ বিৰুদ্ধে আৰু ফলপ্ৰসূ নহোৱা মাৰাত্মক বেক্টেৰিয়াৰ সংখ্যা বৃদ্ধি পোৱাত বিশ্ব স্বাস্থ্য সংস্থাই উদ্বেগ প্ৰকাশ কৰিছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি ‘এন্টিমাইক্ৰ’বিয়াল ৰেজিষ্টেন্স’ (AMR) দ্ৰুত গতিত বিকশিত হৈছে। যেতিয়া এন্টিমাইক্ৰ’বিয়াল ঔষধে বেক্টেৰিয়া, ভাইৰাছ, ভেঁকুৰ আৰু অন্যান্য পৰজীৱীৰ দ্বাৰা হোৱা সংক্ৰমণ হ্ৰাস কৰাত আৰু কাম নকৰে, তেতিয়া পৰিস্থিতিটোক ‘এণ্টিমাইক্ৰ’বিয়াল ৰেজিষ্টেন্স’ বুলি কোৱা হয়। ইয়াৰ ফলত ৰোগীজন বেছি বেমাৰ হয়, সংক্ৰমণ বাঢ়ি যায়, ৰোগীৰ মৃত্যুও হ’ব পাৰে। এই পৰিস্থিতি ৰোধ কৰিবলৈ শীঘ্ৰে নতুন চিকিৎসা পদ্ধতিৰ সন্ধান আৰম্ভ কৰিব লাগে বুলি বিশ্ব স্বাস্থ্য সংস্থাই পৰামৰ্শ দিয়ে।

২০২৪ চনৰ ‘বেক্টেৰিয়েল প্ৰাইঅ’ৰিটি পেথ’জেন লিষ্ট’ (BPPL)ত ১৫ প্ৰকাৰৰ এন্টিবায়টিক প্ৰতিৰোধী (এন্টিবায়টিকে কাম নকৰে) বেক্টেৰিয়াক তিনিটা ভাগত ভাগ কৰা হৈছে — আটাইতকৈ বিপজ্জনক, অতি বিপজ্জনক আৰু মধ্যমীয়া বিপজ্জনক। এই সকলোবোৰ বিপজ্জনক বেক্টেৰিয়া চিনাক্ত কৰাৰ লগতে ইয়াৰ সমাধান তালিকাত উল্লেখ কৰা হৈছে। নতুন চিকিৎসাৰ সন্ধানত সুবিধাৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই বেক্টেৰিয়াৰ ওপৰত সকলো উপলব্ধ তথ্য আৰু বিশেষজ্ঞৰ পৰামৰ্শ প্ৰকাশ কৰিছে।

ডব্লিউ এইচ অ’ৰ এন্টিমাইক্ৰ’বিয়াল ৰেজিষ্টেন্সৰ সহকাৰী সঞ্চালক প্ৰধান ইউকিকো নাকাটানীয়ে কয় যে, ‘পৃথিৱীত কিমান ঔষধ প্ৰতিৰোধী বেক্টেৰিয়া আছে তাৰ এখন মানচিত্ৰ তৈয়াৰ কৰা হৈছে। জনস্বাস্থ্যৰ ওপৰত ইয়াৰ প্ৰভাৱ বিশ্লেষণ কৰা হৈছে। সম্পূৰ্ণ দুৰ্যোগ প্ৰতিৰোধ কৰা সম্ভৱ হ’ব।'' বিপিপিএল প্ৰথম প্ৰকাশ কৰিছিল ২০১৭ চনত হুৱে। সাত বছৰৰ পাছত আকৌ ‘সতৰ্কবাণী’।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু