--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আত্মনিৰ্ভৰ ভাৰতৰ সপোন দেখা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দিনতে  বিশ্ব বেংকৰ লজিষ্টিক সূচকত ৩৮ সংখ্যক স্থানলৈ উধাবলৈ লক্ষম হৈছে ভাৰতে। বিশ্ব বেংকে শেহতীয়াকৈ  প্ৰকাশ কৰা লজিষ্টিক প্ৰদৰ্শন সূচক (এলপিআই) ২০২৩-ত ভাৰতৰ স্থান  ৩৮ হোৱাৰ কথাই দেশ খনে যে উন্নতি কৰিছে তাৰেই প্ৰমাণ দাঙি ধৰিছে বুলি বিভিন্ন জনে মন্তব্য কৰিছে। 

এই সূচকত বিগত বৰ্ষবোৰৰ তুলনাত  এইবেলি ভাৰত৬ টা স্থানলৈ ওপৰলৈ উধাব পাৰিছে।  বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ২০১৮  আৰু ২০১৪ চনত এই সূচকত  ভাৰত ক্ৰমান্বয়ে ৪৪ আৰু ৫৪  সংখ্যক স্থানত আছিল। 

ভাৰত চৰকাৰে ২০২৪-২৫ বৰ্ষৰ ভিতৰত লজিষ্টিক ব্যয় হ্ৰাস আৰু অৰ্থনীতি শক্তিশালী কৰাৰ  বাবে ২০২১ চনৰ অক্টোবৰত মাল্টিমোডেল সংযোগৰ  এক ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন পিএম গতি শক্তি আঁচনি ঘোষণা কৰিছিল। ঠিক এবছৰ পিছত ২০২২ চনত প্ৰধানমন্ত্ৰী মোদীয়ে   পৰিবহনৰ প্ৰত্যাহ্বান দূৰ কৰিবলৈ আৰু উৎপাদন খণ্ডত সময় তথা  ধন ৰাহি কৰিবলৈ ৰাষ্ট্ৰীয় লজিষ্টিক নীতি (এনএলপি) আৰম্ভ কৰিছিল।

লজিষ্টিক প্ৰদৰ্শন সূচকৰ প্ৰতিবেদন অনুসৰি ভাৰতে আন্তঃগাঁথনিৰ নম্বৰৰ ক্ষেত্ৰত এক বিশেষ স্থানত অৱস্থান কৰিছে। আন্তঃগাঁথনিৰ ক্ষেত্ৰত ২০১৮ চনত ভাৰতৰ স্থান আছিল ৫২, যি এতিয়া ৪৭ লৈ উন্নীত হৈছে। আন্তঃগাঁথনিৰ উপৰি আন্তঃৰাষ্ট্ৰীয় চালানৰ ক্ষেত্ৰতো ভাৰতৰ ৰেংকিং উন্নত হৈছে। ২০১৮  চনত এইক্ষেত্ৰত  ভাৰতৰ স্থান আছিল ৪৪, এতিয়া সেয়া  ২২ লৈ উন্নীত হৈছে।

 একে সময়তে, যদি আমি ভাৰতৰ বাহিৰে আন দেশলৈ চাওঁ তেন্তে দেখিবলৈ পাম যে বিশ্ব বেংকৰ এইবাৰৰ ৰেকিঙৰ তালিকাত  শীৰ্ষ ১০ খন দেশৰ ভিতৰত আমেৰিকা, ৰাছিয়া আৰু ব্ৰিটেইনৰ দৰে দেশ নাই।  তালিকা অনুসৰি এই ৰেংকিঙত  ছিংগাপুৰ প্ৰথম স্থানত আছে, তাৰ পিছত দ্বিতীয় স্থানত আছে ফিনলেণ্ড, তিনি নম্বৰত ডেনমাৰ্ক, চাৰি নম্বৰত জাৰ্মানী, পাঁচ নম্বৰত নেডাৰলেণ্ড, ষষ্ঠ স্থানত চুইজাৰলেণ্ড, সপ্তম স্থানত অষ্ট্ৰিয়া, নৱম স্থানত বেলজিয়াম, কানাডা আৰু দহ নম্বৰত হংকং আছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক