--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ আকৌ জিঅ’ই আৰম্ভ কৰিছে কম খৰচী ৰিচাৰ্জ প্লেন। মাহে ৮১ টকীয়া এই প্লেন এবাৰ ৰিচাৰ্জ কৰিলে ৩৩৬ দিনৰ বৈধ্যতা লাভ কৰা যাব। এই প্লেনত গ্ৰাহকে সীমাহীন ফোনকলৰ সুবিধা লাভ কৰিব। লগতে থাকিব ২৪ জিবি হাই স্পীড ডাটা।

কমকৈ ইণ্টাৰনেট ব্যৱহাৰ কৰা গ্ৰাহকৰ কথা চিন্তা কৰি জিঅ’ই আগবঢ়াই এই ব্যাপক অফাৰ। সেয়ে তেওঁলোকৰ বাবে জিঅ’ই এৰি দিছে সস্তীয়া ৰিচাৰ্জ প্লেন।

উল্লেখ্য যে প্ৰথম অৱস্থাত ৰিলায়েন্স জিঅ’ই বজাৰ দখল কৰিবলৈ গ্ৰাহকক সম্পূৰ্ণ বিনামূলীয়া সেৱা আগবঢ়াইছিল। তাৰ পিছত তেওঁলোকে বিভিন্ন ৰিচাৰ্জ প্লেন আৰম্ভ কৰে। কম খৰচী ফ’ৰ জি সুবিধা লাভৰ  বাবে বেছিভাগ গ্ৰাহকে অন্য চিম এৰি বাচি ল’লে জিঅ’ চিম। কিন্তু সময়ৰ লগে লগে জিঅ’ই বৃদ্ধি কৰি গ’ল ৰিচাৰ্জ প্লেনৰ দাম।

কিন্তু শেহতীয়াকৈ মাহে ৮১ টকাৰ  এই ৰিচাৰ্জ প্লেনে গ্ৰাহকক আশ্বস্ত কৰিব বুলি ভবা হৈছে। এই ৰিচাৰ্জ প্লেনে সীমাহীন ফোনকল, ২৪ জিবি দ্ৰুত ডাটা, আনকি বিনামূলীয়া এছএমএছ- ও প্ৰদান কৰিব। এই প্লেনৰ বাৰ্ষিক খৰচ মাত্ৰ ৮৯৫ টকা। প্ৰতিমাহে মাত্ৰ ৮১ টকাকৈ পৰিব এই ৰিচাৰ্জ প্লেনত। এই প্লেনৰ সৈতে এবাৰ ৰিচাৰ্জ কৰিলে আপুনি ৩৩৬ দিনৰ বৈধতা পাব।

গ্ৰাহকে ২৪ জিবি হাই স্পীড ডাটা ব্যৱহাৰ কৰি ফেচবুক, ইউটিউব, গুগলৰ দৰে অনলাইন সেৱাও উপভোগ কৰিব পাৰিব। ইয়াৰ উপৰিও গ্ৰাহকে ২৮ দিনৰ মূৰে মূৰে ৫০টা এছএমএছৰ সুবিধা লাভ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক