--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজি বিশ্ব মহ দিৱস। যদি কোনো মহে মানুহক কামোৰে, তেন্তে তাৰ কামোৰত মেলেৰিয়া, ডেংগু,  ফাইলেৰিয়াছিছ, জাপানীজ এনকেফেলাইটিছৰ দৰে বিপজ্জনক ৰোগ সৃষ্টি হয়। কেতিয়াবা এনে ক্ষেত্ৰত পৰিস্থিতি বেয়া হ’লে মানুহজনৰো মৃত্যু হয়। মহৰ বিপদৰ বিষয়ে সতৰ্ক কৰি দি মানুহক সজাগ কৰাৰ উদ্দেশ্যে এই দিৱস উদযাপন কৰা হয়।

মন কৰিবলগীয়া যে প্ৰতি বছৰে ২০ আগষ্টত মহৰ পৰা হাত সাৰিবলৈ বিশ্ব মহ দিৱস পালন কৰা হয়। জনসাধাৰণৰ মাজত সজাগতা বিয়পোৱাৰ বাবেও আজিৰ দিনটোত বহুতো অনুষ্ঠানৰ আয়োজন কৰা হয়। একে সময়তে এইবাৰো স্বাস্থ্য বিভাগে আজিৰ দিনটোত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিব।

মহে প্ৰায় সকলোকে কামোৰে। কিন্তু কিছুমানে অলপ বেছিকৈ কামোৰে! কাৰণটো জানেনে? আচলতে মহে কি আক্ৰমণ কৰিব তাৰ বহুখিনি নিৰ্ভৰ কৰে আপুনি কি ৰঙৰ কাপোৰ পিন্ধিছে তাৰ ওপৰত! আশ্চৰ্যজনকভাৱে শেহতীয়াকৈ কৰা এক অধ্যয়নত এনে তথ্যৰ উন্মেষ ঘটিছে।

ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ গৱেষকৰ এটা দলে এই তথ্য প্ৰকাশ কৰিছে নেচাৰ কমিউনিকেচন নামৰ বৈজ্ঞানিক আলোচনীত প্ৰকাশিত এক গৱেষণা পত্ৰত।

এডিছ( Aedes)  মহ প্ৰথমে মানুহৰ শৰীৰৰ পৰা নিৰ্গত হোৱা কাৰ্বন ডাই অক্সাইডৰ প্ৰতি আকৰ্ষিত হয়। তাৰ পিছত কাৰ্বন ডাই অক্সাইড নিৰ্গত হোৱাৰ উৎস আৰু ইয়াৰ ৰংৰ ওপৰত ভিত্তি কৰি মহে আক্ৰমণ কৰে।

গৱেষকৰ মতে ৰঙা, কমলা, ক’লা  ৰঙৰ প্ৰতি মহৰ আকৰ্ষণ বেছি হয়। তদুপৰি সেউজীয়া, বেঙুনীয়া, নীলা আৰু বগা ৰং দেখিলে মহে পলাই যায়। অৰ্থাৎ মহে এই ৰংবোৰ একেবাৰে ভাল নাপায়।

তাৰ আগতে বিজ্ঞানীসকলৰ এটা ধাৰণা আছিল যে মহে প্ৰধানকৈ তিনিটা কাৰকৰ ওপৰত ভিত্তি কৰি আক্ৰমণ কৰে। উশাহ এৰি দিয়া কাৰ্বন ডাই অক্সাইড, ঘাম আৰু শৰীৰৰ তাপ। অৱশ্যে এই তালিকাত চতুৰ্থ সংখ্যাটো সংযোজন কৰা হৈছে।

গৱেষণাৰ পৰা আৰু অধিক প্ৰকাশ পাইছে। গাঢ় ৰঙা নহ’লেও ছালৰ ৰঙা ৰঙৰ ৰংটোৰ প্ৰতি মহ আকৰ্ষিত হয়। গতিকে মহে ভাল নোপোৱা ৰঙৰ কাপোৰ পিন্ধি মহৰ কামোৰৰ পৰা হাত সাৰিব পাৰি।









FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু