--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজি বিশ্ব মহ দিৱস। যদি কোনো মহে মানুহক কামোৰে, তেন্তে তাৰ কামোৰত মেলেৰিয়া, ডেংগু,  ফাইলেৰিয়াছিছ, জাপানীজ এনকেফেলাইটিছৰ দৰে বিপজ্জনক ৰোগ সৃষ্টি হয়। কেতিয়াবা এনে ক্ষেত্ৰত পৰিস্থিতি বেয়া হ’লে মানুহজনৰো মৃত্যু হয়। মহৰ বিপদৰ বিষয়ে সতৰ্ক কৰি দি মানুহক সজাগ কৰাৰ উদ্দেশ্যে এই দিৱস উদযাপন কৰা হয়।

মন কৰিবলগীয়া যে প্ৰতি বছৰে ২০ আগষ্টত মহৰ পৰা হাত সাৰিবলৈ বিশ্ব মহ দিৱস পালন কৰা হয়। জনসাধাৰণৰ মাজত সজাগতা বিয়পোৱাৰ বাবেও আজিৰ দিনটোত বহুতো অনুষ্ঠানৰ আয়োজন কৰা হয়। একে সময়তে এইবাৰো স্বাস্থ্য বিভাগে আজিৰ দিনটোত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিব।

মহে প্ৰায় সকলোকে কামোৰে। কিন্তু কিছুমানে অলপ বেছিকৈ কামোৰে! কাৰণটো জানেনে? আচলতে মহে কি আক্ৰমণ কৰিব তাৰ বহুখিনি নিৰ্ভৰ কৰে আপুনি কি ৰঙৰ কাপোৰ পিন্ধিছে তাৰ ওপৰত! আশ্চৰ্যজনকভাৱে শেহতীয়াকৈ কৰা এক অধ্যয়নত এনে তথ্যৰ উন্মেষ ঘটিছে।

ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ গৱেষকৰ এটা দলে এই তথ্য প্ৰকাশ কৰিছে নেচাৰ কমিউনিকেচন নামৰ বৈজ্ঞানিক আলোচনীত প্ৰকাশিত এক গৱেষণা পত্ৰত।

এডিছ( Aedes)  মহ প্ৰথমে মানুহৰ শৰীৰৰ পৰা নিৰ্গত হোৱা কাৰ্বন ডাই অক্সাইডৰ প্ৰতি আকৰ্ষিত হয়। তাৰ পিছত কাৰ্বন ডাই অক্সাইড নিৰ্গত হোৱাৰ উৎস আৰু ইয়াৰ ৰংৰ ওপৰত ভিত্তি কৰি মহে আক্ৰমণ কৰে।

গৱেষকৰ মতে ৰঙা, কমলা, ক’লা  ৰঙৰ প্ৰতি মহৰ আকৰ্ষণ বেছি হয়। তদুপৰি সেউজীয়া, বেঙুনীয়া, নীলা আৰু বগা ৰং দেখিলে মহে পলাই যায়। অৰ্থাৎ মহে এই ৰংবোৰ একেবাৰে ভাল নাপায়।

তাৰ আগতে বিজ্ঞানীসকলৰ এটা ধাৰণা আছিল যে মহে প্ৰধানকৈ তিনিটা কাৰকৰ ওপৰত ভিত্তি কৰি আক্ৰমণ কৰে। উশাহ এৰি দিয়া কাৰ্বন ডাই অক্সাইড, ঘাম আৰু শৰীৰৰ তাপ। অৱশ্যে এই তালিকাত চতুৰ্থ সংখ্যাটো সংযোজন কৰা হৈছে।

গৱেষণাৰ পৰা আৰু অধিক প্ৰকাশ পাইছে। গাঢ় ৰঙা নহ’লেও ছালৰ ৰঙা ৰঙৰ ৰংটোৰ প্ৰতি মহ আকৰ্ষিত হয়। গতিকে মহে ভাল নোপোৱা ৰঙৰ কাপোৰ পিন্ধি মহৰ কামোৰৰ পৰা হাত সাৰিব পাৰি।









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
পাক-ভাৰত সীমান্তৰ পৰা ১৫ পাকিস্তানী মাছমৰীয়াক আটক
'বিশ্ব অর্থনীতিৰ প্ৰৱাহ সলনি কৰিব পৰা শক্তিৰ অধিকাৰী হৈছে ভাৰত', 'ইক 'নমিক টাইম'ৰ ৱৰ্ল্ড লীডাৰ্ছ ফ'ৰামত প্ৰধানমন্ত্ৰীৰ দাবী
পণবন্দীৰ মুক্তিৰ দাবীত ৰাজপথ উত্তাল কৰিলে সহস্রাধিক ইজৰাইলীয়ে
বৰপেটাৰোডত অবৈধ ৬ টকীয়া লটাৰী টিকট বিক্ৰেতাক আটক
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন