--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
প্ৰতিবছৰে ভাৰতবৰ্ষত অন্ধবিশ্বাসৰ বলি হৈ বহু কন্যা শিশুয়ে মৃত্যু সাৱতি লয়৷ বহু নাৰী ধৰ্ষণৰ বলি হয়৷ প্ৰকৃতাৰ্থত নাৰীক আজিও হেয় জ্ঞান কৰা হয় ভাৰতীয় সমাজৰ বিভিন্ন প্ৰান্তত ৷ কিন্তু এইখন ভাৰতৰে   বিশিষ্ট পাইলট কেপ্তেইন জয়া আগৰৱালে সমগ্ৰ দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে৷
এয়াৰ ইণ্ডিয়াৰ বিমান ব’য়িং -৭৭৭ ৰ পাইলট জয়ায়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এছ এফ অ’ বিমান সংগ্ৰহালয়ত স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ 

নৰ্থ পুলৰ ওপৰৰে বিমান চলোৱা প্ৰথম গৰাকী ভাৰতীয় মহিলা পাইলট ৰূপে স্বীকৃত হয় জয়া। তেওঁ প্ৰায় ১৬,০০০ কিলোমিটাৰৰ অভিলেখ ভংগ কৰিবলৈয়ো সক্ষম হৈছে৷ ২০২১ চনত জয়া আগৰৱালৰ নেতৃত্বত এয়াৰ ইণ্ডিয়াৰ এক মহিলা পাইলটৰ দলে আমেৰিকাৰ এছ এফ অ’ৰ পৰা ভাৰতৰ বাংগালোৰ চহৰলৈকে নৰ্থ পুল অতিক্ৰম কৰি ভাৰতৰ আটাইতকৈ দীঘল আকাশী পথ অতিক্ৰম কৰিছিল৷ 

 ছাদত বহি আকাশৰ তৰা চাই পাইলট হোৱাৰ সপোন দেখা আঠ বছৰীয়া ছোৱালীজনীয়ে এতিয়া দেশৰ বহু নাৰীক অনুপ্ৰেৰণা দিছে। নতুন সপোন দেখিবলৈ বাট দেখুৱাইছে৷ ইয়াৰ পূৰ্বেও ২০১৩ চনত জয়ায়ে  ভাৰতৰ কনিষ্ঠতম পাইলট হিচাপেও স্বীকৃতি লাভ কৰিছিল৷ ২০১৫ চনত নিউয়ৰ্কলৈ গৈ থকা অৱস্থাত এগৰাকী যাত্ৰীৰ জীৱন ৰক্ষা কৰিছিল তেওঁ৷ 

উল্লেখযোগ্য যে , এই সন্মান লাভ কৰা জয়া একমাত্ৰ জীৱিত মহিলা৷ তেওঁৰ  এনে অসাধাৰণ কেৰিয়াৰ আৰু সমগ্ৰ বিশ্বতে নাৰী শক্তিৰ বিকাশ সাধন কৰাৰ বাবে এই সন্মান প্ৰদান কৰা হৈছে৷ 

এই সন্মান লাভ কৰি নথৈ আনন্দিত হৈ পৰিছে জয়া আগৰৱাল৷ আমেৰিকায়ে এগৰাকী ভাৰতীয়ক  সংগ্ৰহালয়ত স্থান দিয়াৰ বাবে  যথেষ্ট  গৌৰৱান্বিত হৈ পৰিছে জয়া৷ লগতে এইয়া নিজৰ দেশ ভাৰতবৰ্ষৰ বাবে এক মহান ক্ষণ বুলিও মন্তব্য কৰে জয়া আগৰৱালে৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু