--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
প্ৰতিবছৰে ভাৰতবৰ্ষত অন্ধবিশ্বাসৰ বলি হৈ বহু কন্যা শিশুয়ে মৃত্যু সাৱতি লয়৷ বহু নাৰী ধৰ্ষণৰ বলি হয়৷ প্ৰকৃতাৰ্থত নাৰীক আজিও হেয় জ্ঞান কৰা হয় ভাৰতীয় সমাজৰ বিভিন্ন প্ৰান্তত ৷ কিন্তু এইখন ভাৰতৰে   বিশিষ্ট পাইলট কেপ্তেইন জয়া আগৰৱালে সমগ্ৰ দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে৷
এয়াৰ ইণ্ডিয়াৰ বিমান ব’য়িং -৭৭৭ ৰ পাইলট জয়ায়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এছ এফ অ’ বিমান সংগ্ৰহালয়ত স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ 

নৰ্থ পুলৰ ওপৰৰে বিমান চলোৱা প্ৰথম গৰাকী ভাৰতীয় মহিলা পাইলট ৰূপে স্বীকৃত হয় জয়া। তেওঁ প্ৰায় ১৬,০০০ কিলোমিটাৰৰ অভিলেখ ভংগ কৰিবলৈয়ো সক্ষম হৈছে৷ ২০২১ চনত জয়া আগৰৱালৰ নেতৃত্বত এয়াৰ ইণ্ডিয়াৰ এক মহিলা পাইলটৰ দলে আমেৰিকাৰ এছ এফ অ’ৰ পৰা ভাৰতৰ বাংগালোৰ চহৰলৈকে নৰ্থ পুল অতিক্ৰম কৰি ভাৰতৰ আটাইতকৈ দীঘল আকাশী পথ অতিক্ৰম কৰিছিল৷ 

 ছাদত বহি আকাশৰ তৰা চাই পাইলট হোৱাৰ সপোন দেখা আঠ বছৰীয়া ছোৱালীজনীয়ে এতিয়া দেশৰ বহু নাৰীক অনুপ্ৰেৰণা দিছে। নতুন সপোন দেখিবলৈ বাট দেখুৱাইছে৷ ইয়াৰ পূৰ্বেও ২০১৩ চনত জয়ায়ে  ভাৰতৰ কনিষ্ঠতম পাইলট হিচাপেও স্বীকৃতি লাভ কৰিছিল৷ ২০১৫ চনত নিউয়ৰ্কলৈ গৈ থকা অৱস্থাত এগৰাকী যাত্ৰীৰ জীৱন ৰক্ষা কৰিছিল তেওঁ৷ 

উল্লেখযোগ্য যে , এই সন্মান লাভ কৰা জয়া একমাত্ৰ জীৱিত মহিলা৷ তেওঁৰ  এনে অসাধাৰণ কেৰিয়াৰ আৰু সমগ্ৰ বিশ্বতে নাৰী শক্তিৰ বিকাশ সাধন কৰাৰ বাবে এই সন্মান প্ৰদান কৰা হৈছে৷ 

এই সন্মান লাভ কৰি নথৈ আনন্দিত হৈ পৰিছে জয়া আগৰৱাল৷ আমেৰিকায়ে এগৰাকী ভাৰতীয়ক  সংগ্ৰহালয়ত স্থান দিয়াৰ বাবে  যথেষ্ট  গৌৰৱান্বিত হৈ পৰিছে জয়া৷ লগতে এইয়া নিজৰ দেশ ভাৰতবৰ্ষৰ বাবে এক মহান ক্ষণ বুলিও মন্তব্য কৰে জয়া আগৰৱালে৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় মহাকাশ, প্ৰতিৰক্ষা বিজ্ঞানীৰ দুটা গুৰুত্বপূৰ্ণ সম্পৰীক্ষা
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
পাক-ভাৰত সীমান্তৰ পৰা ১৫ পাকিস্তানী মাছমৰীয়াক আটক
'বিশ্ব অর্থনীতিৰ প্ৰৱাহ সলনি কৰিব পৰা শক্তিৰ অধিকাৰী হৈছে ভাৰত', 'ইক 'নমিক টাইম'ৰ ৱৰ্ল্ড লীডাৰ্ছ ফ'ৰামত প্ৰধানমন্ত্ৰীৰ দাবী
পণবন্দীৰ মুক্তিৰ দাবীত ৰাজপথ উত্তাল কৰিলে সহস্রাধিক ইজৰাইলীয়ে
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়