--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ নাম পুনৰ উজ্বলালে দেশৰ এগৰাকী মহিলা বক্সাৰে। চলি থকা মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ জয়েৰে দেশক গৌৰৱান্বিত কৰি তুলিছে নিতু ঘাংঘাছে। ফাইনেলত মঙ্গোলিয়াৰ লুটচাইখান আলটাণ্টছেটছেগক পৰাস্ত কৰি মহিলা বক্সিং বিশ্ব চেম্পিয়নশ্বিপৰ ৪৮ কিলোগ্ৰাম শাখাত স্বৰ্ণ পদক অৰ্জন কৰে ঘাংঘাছে৷ মংগোলিয়ান প্ৰতিদ্বন্দী গৰাকীৰ বিৰুদ্ধে ৫-০ ব্যৱধানত জয় লাভ কৰে তেওঁ।

উল্লেখ্য যে, কেৰিয়াৰত আজি প্ৰথমবাৰৰ বাবে বিশ্ব চেম্পিয়নশ্বিপৰ ফাইনেলত অৱতীৰ্ণ হৈছিল ঘাংঘাছ। আক্ৰমণাত্মক দৃষ্টিভংগীৰে মেচৰ আৰম্ভণি ঘটোৱা নিতু ঘাংঘাছে প্ৰথমৰে পৰাই আধিপত্য বিস্তাৰ কৰে প্ৰতিপক্ষৰ ওপৰত। এই স্বৰ্ণ জয়েৰে নিতু বিশ্ব চেম্পিয়নশ্বিপত স্বৰ্ণ জয় কৰা দেশৰ ষষ্ঠগৰাকী মহিলা বক্সাৰ ৰূপে পৰিগণিত হয়।

চলিত প্ৰতিযোগিতাখনত এয়া ভাৰতৰ প্ৰথমটো স্বৰ্ণজয়। লক্ষণীয়ভাৱে দেশৰ আন তিনিগৰাকী বক্সাৰেও অৱতীৰ্ণ হ’ব স্বৰ্ণ জয়ৰ যুঁজত। ইতিমধ্যে ৮১ কিলোগ্ৰাম শাখাত চীনৰ লীনা ৱাঙৰ বিৰুদ্ধে ৰিঙত নামিছে ছ’ইটী ব’ৰা৷ আনহাতে দেওবাৰে স্বৰ্ণ জয়ৰ লক্ষ্যৰে যুঁজত নামিব নিখাত জাৰিন আৰু অসমৰ লাভলিনা বৰগোহাঁই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
নগ'লেও হ'ব শ্ব'ৰুম, এতিয়াৰ পৰা আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক!
লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজে কঁপালে ডিব্ৰুগড়ৰ ৰাজপথ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?