--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাটাৰত অনুষ্ঠিত বিশ্বকাপত মৰক্কোৱে ইটোৰ পিছত সিটো কাণ্ড সংঘটিত কৰিছিল। ছেমি ফাইনেলত স্পেইন আৰু পৰ্তুগালৰ দৰে দল পৰাস্ত কৰে। বিশ্বকাপৰ পাছতো মৰক্কোৰ কাণ্ড অব্যাহত আছে। এইবাৰ প্ৰদৰ্শনীমূলক খেলত ব্ৰাজিলক পৰাস্ত কৰে। শনিবাৰে নিশা আশ্ৰাফ হাকিমিৰ মৰক্কোৱে ২-১ গ’লত জয়লাভ কৰে ব্ৰাজিলৰ বিৰুদ্ধে। পাঁচবাৰৰ বিশ্ব চেম্পিয়ন ব্ৰাজিলক পৰাস্ত কৰি তেওঁলোকে আচৰিত কৰি তুলিলে।

মৰক্কোৰ টেংগিয়াৰ চহৰৰ ইবন বাটুটা ষ্টেডিয়ামত ৬৫ হাজাৰ দৰ্শক উপস্থিত থাকে খেলখন চাবলৈ। ব্ৰাজিলৰ দৰে প্ৰতিদ্বন্দ্বী থকাৰ পিছতো মৰক্কো ঘৰত মাটিত বিচলিত নহ’ল৷ আক্ৰমণাত্মক ফুটবল খেলে। বিশ্বকাপৰ পিছত প্ৰথমবাৰৰ বাবে ঘৰুৱা মাটিত মৰক্কোৱে মেচ খেলে। আৰম্ভণিতে ব্ৰাজিলে বিৰোধীৰ আক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ সংগ্ৰাম কৰিছিল। ই দুয়োটা দলৰ ফুটবলাৰৰ মাজত অশান্তি আৰু ৰোমাঞ্চকৰ মুহূৰ্তৰো সৃষ্টি কৰে।

২৯ মিনিটৰ পাছত চ’ফিয়েন ব’ফাল-এ এটা ডাঙৰ গ’ল দি মৰক্কোক আগুৱাই লৈ যায়। বিশ্বকাপতো তেওঁ প্ৰতিখন মেচতে দূৰ্দান্ত খেল খেলিছিল।  ৬৭ মিনিটত ব্ৰাজিলে সমতা স্থাপন কৰে। ব্ৰাজিলৰ কেচেমিৰ’ই গ’লটো দিয়ে।

কিন্তু মৰক্কোৱে মনে মনে বহি নাথাকিল। ৭৯ মিনিটত আব্দেলহামিদ ছাবিৰীয়ে দিয়ে মৰক্কোৰ হৈ আনটো গ’ল৷ ব্ৰাজিলে সমতা স্থাপন কৰিবলৈ সক্ষম নহ’ল৷ ফলত জয়ী হয় মৰক্কো আৰু সৃষ্টি কৰিলে ফুটবল জগতত আন এটা চাঞ্চল্যজনক ঘটনা৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু