--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাটাৰত অনুষ্ঠিত বিশ্বকাপত মৰক্কোৱে ইটোৰ পিছত সিটো কাণ্ড সংঘটিত কৰিছিল। ছেমি ফাইনেলত স্পেইন আৰু পৰ্তুগালৰ দৰে দল পৰাস্ত কৰে। বিশ্বকাপৰ পাছতো মৰক্কোৰ কাণ্ড অব্যাহত আছে। এইবাৰ প্ৰদৰ্শনীমূলক খেলত ব্ৰাজিলক পৰাস্ত কৰে। শনিবাৰে নিশা আশ্ৰাফ হাকিমিৰ মৰক্কোৱে ২-১ গ’লত জয়লাভ কৰে ব্ৰাজিলৰ বিৰুদ্ধে। পাঁচবাৰৰ বিশ্ব চেম্পিয়ন ব্ৰাজিলক পৰাস্ত কৰি তেওঁলোকে আচৰিত কৰি তুলিলে।

মৰক্কোৰ টেংগিয়াৰ চহৰৰ ইবন বাটুটা ষ্টেডিয়ামত ৬৫ হাজাৰ দৰ্শক উপস্থিত থাকে খেলখন চাবলৈ। ব্ৰাজিলৰ দৰে প্ৰতিদ্বন্দ্বী থকাৰ পিছতো মৰক্কো ঘৰত মাটিত বিচলিত নহ’ল৷ আক্ৰমণাত্মক ফুটবল খেলে। বিশ্বকাপৰ পিছত প্ৰথমবাৰৰ বাবে ঘৰুৱা মাটিত মৰক্কোৱে মেচ খেলে। আৰম্ভণিতে ব্ৰাজিলে বিৰোধীৰ আক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ সংগ্ৰাম কৰিছিল। ই দুয়োটা দলৰ ফুটবলাৰৰ মাজত অশান্তি আৰু ৰোমাঞ্চকৰ মুহূৰ্তৰো সৃষ্টি কৰে।

২৯ মিনিটৰ পাছত চ’ফিয়েন ব’ফাল-এ এটা ডাঙৰ গ’ল দি মৰক্কোক আগুৱাই লৈ যায়। বিশ্বকাপতো তেওঁ প্ৰতিখন মেচতে দূৰ্দান্ত খেল খেলিছিল।  ৬৭ মিনিটত ব্ৰাজিলে সমতা স্থাপন কৰে। ব্ৰাজিলৰ কেচেমিৰ’ই গ’লটো দিয়ে।

কিন্তু মৰক্কোৱে মনে মনে বহি নাথাকিল। ৭৯ মিনিটত আব্দেলহামিদ ছাবিৰীয়ে দিয়ে মৰক্কোৰ হৈ আনটো গ’ল৷ ব্ৰাজিলে সমতা স্থাপন কৰিবলৈ সক্ষম নহ’ল৷ ফলত জয়ী হয় মৰক্কো আৰু সৃষ্টি কৰিলে ফুটবল জগতত আন এটা চাঞ্চল্যজনক ঘটনা৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ