--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা বছৰ কাটাৰত অনুষ্ঠিত হোৱা বিশ্বকাপত আৰ্জেণ্টিনাই জয়লাভ কৰিছিল। লিয়নেল মেছিয়ে বিশ্বকাপৰ পাছত দেশৰ হৈ যোৱা বৃহস্পতিবাৰে নিশা প্ৰথমখন মেচ খেলে। পানামাৰ বিৰুদ্ধে খেলা মেচখন চাবলৈ ষ্টেডিয়ামত আছিল ৮৩ হাজাৰ দৰ্শক। সহজেই জয়ী হয় আৰ্জেণ্টিনা৷

কিন্তু শেহতীয়াকৈ প্ৰকাশ পোৱা ফিফাৰ ৰেংকিঙত এতিয়াও দ্বিতীয় স্থানত আছে আৰ্জেণ্টিনা। শীৰ্ষত আছে কাটাৰত অনুষ্ঠিত বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত বাহিৰ হোৱা ব্ৰাজিল। ব্ৰাজিলৰ পইণ্ট ১৮৪০.৭৭। আৰ্জেণ্টিনাৰ পইণ্ট ১৮৩৮.৩৮।

পূৰ্বতে ফিফাই ৰেংকিঙৰ ক্ষেত্ৰত এটা নিৰ্দিষ্ট প্ৰক্ৰিয়া অনুসৰণ কৰিছিল। সেই অনুসৰি দলৰ স্থান নিৰ্ধাৰণ কৰা হয়। দলসমূহৰ জয় আৰু পৰাজয়ৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি পইণ্ট প্ৰদান কৰা হৈছিল। এটা নিম্ন ৰেংকিঙৰ দলে উচ্চ ৰেংকিঙৰ দল এটাক পৰাস্ত কৰিলে অধিক পইণ্ট লাভ কৰে।

কিন্তু পাঁচ বছৰৰ আগতে ফিফাই পইণ্ট প্ৰদানৰ এই প্ৰক্ৰিয়াটো সলনি কৰিছিল। এতিয়া দলৰ মুঠ পইণ্টৰ ওপৰত জয়ৰ পইণ্ট যোগ কৰা হৈছে। অৰ্থাৎ কোনো দলে পৰাস্ত হ’লে পইণ্ট কমি যাব, আৰু কোনো দলে জয়ী হ’লে পইণ্ট বাঢ়িব। ২০২১ চনৰ কোপা আমেৰিকা আৰু ২০২২-১ বিশ্বকাপৰ সময়ত ব্ৰাজিলে প্ৰথম স্থান লাভ কৰিছিল। ইয়াৰ পিছত বহু দিন পথাৰত প্ৰৱেশ কৰা নাছিল। গতিকে পইণ্ট হ্ৰাস কৰাৰ কোনো সম্ভাৱনা নাছিল।

পানামাৰ বিৰুদ্ধে আৰ্জেণ্টিনাৰ জয়ত মেতি বাহিনীৰৰ পইণ্ট বৃদ্ধি পায়। ২৬ মাৰ্চত মৰক্কোৰ বিৰুদ্ধে খেলিব ব্ৰাজিলে। অনাগত দিনত আৰ্জেণ্টিনাই ফিফা ৰেংকিঙত ব্ৰাজিলক পৰাস্ত কৰাৰ সুযোগ লাভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ