--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা বছৰ কাটাৰত অনুষ্ঠিত হোৱা বিশ্বকাপত আৰ্জেণ্টিনাই জয়লাভ কৰিছিল। লিয়নেল মেছিয়ে বিশ্বকাপৰ পাছত দেশৰ হৈ যোৱা বৃহস্পতিবাৰে নিশা প্ৰথমখন মেচ খেলে। পানামাৰ বিৰুদ্ধে খেলা মেচখন চাবলৈ ষ্টেডিয়ামত আছিল ৮৩ হাজাৰ দৰ্শক। সহজেই জয়ী হয় আৰ্জেণ্টিনা৷

কিন্তু শেহতীয়াকৈ প্ৰকাশ পোৱা ফিফাৰ ৰেংকিঙত এতিয়াও দ্বিতীয় স্থানত আছে আৰ্জেণ্টিনা। শীৰ্ষত আছে কাটাৰত অনুষ্ঠিত বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত বাহিৰ হোৱা ব্ৰাজিল। ব্ৰাজিলৰ পইণ্ট ১৮৪০.৭৭। আৰ্জেণ্টিনাৰ পইণ্ট ১৮৩৮.৩৮।

পূৰ্বতে ফিফাই ৰেংকিঙৰ ক্ষেত্ৰত এটা নিৰ্দিষ্ট প্ৰক্ৰিয়া অনুসৰণ কৰিছিল। সেই অনুসৰি দলৰ স্থান নিৰ্ধাৰণ কৰা হয়। দলসমূহৰ জয় আৰু পৰাজয়ৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি পইণ্ট প্ৰদান কৰা হৈছিল। এটা নিম্ন ৰেংকিঙৰ দলে উচ্চ ৰেংকিঙৰ দল এটাক পৰাস্ত কৰিলে অধিক পইণ্ট লাভ কৰে।

কিন্তু পাঁচ বছৰৰ আগতে ফিফাই পইণ্ট প্ৰদানৰ এই প্ৰক্ৰিয়াটো সলনি কৰিছিল। এতিয়া দলৰ মুঠ পইণ্টৰ ওপৰত জয়ৰ পইণ্ট যোগ কৰা হৈছে। অৰ্থাৎ কোনো দলে পৰাস্ত হ’লে পইণ্ট কমি যাব, আৰু কোনো দলে জয়ী হ’লে পইণ্ট বাঢ়িব। ২০২১ চনৰ কোপা আমেৰিকা আৰু ২০২২-১ বিশ্বকাপৰ সময়ত ব্ৰাজিলে প্ৰথম স্থান লাভ কৰিছিল। ইয়াৰ পিছত বহু দিন পথাৰত প্ৰৱেশ কৰা নাছিল। গতিকে পইণ্ট হ্ৰাস কৰাৰ কোনো সম্ভাৱনা নাছিল।

পানামাৰ বিৰুদ্ধে আৰ্জেণ্টিনাৰ জয়ত মেতি বাহিনীৰৰ পইণ্ট বৃদ্ধি পায়। ২৬ মাৰ্চত মৰক্কোৰ বিৰুদ্ধে খেলিব ব্ৰাজিলে। অনাগত দিনত আৰ্জেণ্টিনাই ফিফা ৰেংকিঙত ব্ৰাজিলক পৰাস্ত কৰাৰ সুযোগ লাভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু