--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য কেন্দ্ৰই ভাৰতৰ পৰিকল্পিত তালিকাত (টেন্টেটিভ লিষ্ট) মুম্বাইৰ প্ৰাক-ঐতিহাসিক তেলেংগানাৰ মুদুমলৰ তীক্ষ্ণাগ্র মহাপ্রস্তৰ আৰু মধ্য প্রদেশ-উত্তৰ প্ৰদেশৰ ৰাজপ্রাসাদ-দুৰ্গকে ধৰি ছটা ক্ষেত্ৰ অন্তর্ভুক্ত কৰিছে। 

সোমবাৰে কেন্দ্ৰীয় সাংস্কৃতিক আৰু পৰ্যটন মন্ত্রী গজেন্দ্ৰ সিং শেখাৱটে এই কথা জনায়। এই তালিকাত অন্তর্ভুক্ত হোৱা আনবোৰ ক্ষেত্ৰ হৈছে ছট্টিশগড়ৰ কাংগেৰ উপত্যকা ৰাষ্ট্ৰীয় উদ্যান, মৌর্য পথত থকা অশোকৰ ঘোষিত নীতি থকা ক্ষেত্ৰবোৰ (কেইবাখনো ৰাজ্যত), চৌষষ্টি যোগিনী মন্দিৰ (কেইবাখনো ৰাজ্য) আৰু উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্যত থকা গুপ্ত মন্দিৰ। 

যোৱা ৭ মাৰ্চত অন্তর্ভুক্ত কৰা এই ছটা নতুন ক্ষেত্ৰৰ সৈতে ভাৰতৰ পৰিকল্পিত তালিকাত এতিয়া ৬২টা ক্ষেত্র আছে। ইফালে ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ তালিকাত বৰ্তমানলৈকে ভাৰতৰ মুঠ ৪৩টা সম্পদ অন্তৰ্ভুক্ত হৈছে। ইয়াৰে ৩৫টা 'সাংস্কৃতিক', ৭টা 'প্রাকৃতিক' আৰু এটা 'মিশ্রিত' শ্ৰেণীৰ।


উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
বানে সৃষ্টি কৰা সমস্যা দূৰ কৰিবলৈ ‘অসম বান-সহায় সেতু’ নিৰ্মাণ যুৱ উদ্যোগী প্ৰীতম ৰঞ্জন ডেকাৰ
শীঘ্ৰেই মুকলি হ’ব হৰমুজ প্রণালী; ইৰান-ওমানৰ মাজত বুজাবুজি
অসম প্ৰিমিয়াৰ লীগ: নগাঁও ৰেঞ্জাৰ্চৰ বিৰুদ্ধে ৭০ ৰানৰ বৃহৎ বিজয় সাব্যস্ত বৰপেটা ব্ৰেভছৰ
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ