--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্ৰুতি মধুৰ আৰু দৰদী কণ্ঠত তেওঁ হিন্দী আৰু বিভিন্ন ভাষাত হাজাৰোধিক গান গাইছে। এয়া জনা যায় যে ভাৰতীয় গায়িকা অলকা য়াগনিকে প্ৰায় ১,০০০ চলচ্চিত্ৰৰ গানত কণ্ঠদান কৰিছে।

সময়ৰ সোঁতত সাংগীতিক যাত্ৰা  হয়তো কিছু স্তিমিত হৈছে । তথাপি, অলকা য়াগনিকৰ জোৱাৰ কমি যোৱা নাই। আনকি ২০২২ চনতো মানুহে তেওঁৰ গান তামাম শুনি আছে। অন্ততঃ ইউটিউবৰ তথ্যই সেইটোৱেই কয়।

সংগীতৰ শেহতীয়া চাঞ্চল্য বিটিএছ, ব্লেক পিংক আৰু টেইলৰ চুইফ্টতকৈও ২০২২ চনত ইউটিউবত ৫৬ বছৰীয়া অলকা য়াগনিকৰ গান শ্ৰোতাই অধিক শুনিছে।

তাতেই হৈছে এক বিশ্ব ৰেকৰ্ড। গিনিছ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ মতে বিশ্বজুৰি প্ৰতিদিনে অলকাৰ গড়ে ৪২ নিযুত গান শুনা গৈছে। ২০২২ চনত তেওঁৰ গানবোৰ ১৫.৩ বিলিয়ন বাৰ ষ্ট্ৰিমিং হৈছিল।

অলকাৰ পিছত আছে পুয়েৰ্টো ৰিকোৰ বেড বানি। তেওঁৰ গানবোৰ ১৪.৭ বিলিয়ন বাৰ শুনা গৈছে। গিনিজ ৱৰ্ল্ড ৰেকৰ্ডে অলকাক বলীউডৰ ‘আইকনিক ভইচ’ বুলি অভিহিত কৰিছে।

শীৰ্ষ পাঁচজনৰ ভিতৰত বাকী তিনিজন ভাৰতীয়। তেওঁলোক হৈছে উদিত নাৰায়ণ, অৰিজিৎ সিং আৰু কুমাৰ চানু। তেওঁলোকৰ গানবোৰ ক্ৰমান্বয়ে ১০.৮ বিলিয়ন বাৰ, ১০.৭ বিলিয়ন আৰু ৯.০৯ বিলিয়ন বাৰ শুনা গৈছে।

আনহাতে, বিটিএছ-ৰ গানবোৰ ৭.৯৫ বিলিয়ন বাৰ ষ্ট্ৰিমিং হৈছে। ব্লেক পিংক ৭.০৩ বিলিয়ন আৰু টেইলৰ চুইফ্টৰ গান ৪.৩৩ বিলিয়ন বাৰ শুনা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক