--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অনুৰাগীৰ হৃদয় জিনাত পাকৈত শ্বাহৰুখ খান! আঠৰ পৰা আশীলৈকে সকলো বয়সৰ লোকে শ্বাহৰুখক লৈ পাগল হৈ পৰে। পৰ্দাতেই হওক বা পৰ্দাৰ বাহিৰতেই হওক, অগণন মহিলা অনুৰাগীৰ হৃদয়ৰ ৰজা কিং খান।

কিন্তু কেনেকৈ মহিলাসকলৰ প্ৰিয় হৈ পৰিল অভিনেতাজন? জনপ্ৰিয় চিনেমাৰ চৰিত্ৰ অধ্যয়ন কৰাসকলেও ইয়াৰ বহু কাৰণ চিনাক্ত কৰিছে। দেখা গৈছে যে শ্বাহৰুখৰ চৰিত্ৰসমূহে নাৰীক কেৱল সন্মান কৰাই নহয়, তেওঁলোকৰ অনুভৱকো মূল্য দিয়ে। শ্বাহৰুখৰ পৰ্দাৰ চৰিত্ৰসমূহ নাৰীৰ অতি ঘনিষ্ঠ ব্যক্তি হৈ পৰে। এক অৰ্থক চিনেমাত শ্বাহৰুখক নাৰী চৰিত্ৰসমূহৰ সুহৃদ বন্ধু হিচাপে দেখা 
যায়।

এই বিষয়টোক লৈ এবাৰ শ্বাহৰুখে নিজেই মুখ খুলিছিল। কৈছিল যে চিনেমাত এটা প্ৰেম কাহিনী তেতিয়াহে সফল হয় যেতিয়া ই নাৰীৰ অনুভৱ বা আৱেগক গুৰুত্ব দিয়ে অৰ্থাৎ ‘শক্তিশালী’ কৰে। ইয়াৰ দ্বাৰা তেওঁ কেৱল ‘মহিলা সবলীকৰণ’ৰ কথা কোৱা নাছিল, মহিলাৰ আৱেগ সবলীকৰণৰ কথাও কৈছিল। যেতিয়াই নাৰীৰ অনুভৱক মূল্য দিয়া হয়, তেতিয়াই অৰ্থপূৰ্ণ প্ৰেম কাহিনীবোৰ সফল হৈ উঠে।

এই ক্ষেত্ৰত শ্বাহৰুখ পৰ্দাৰ বাহিৰত নিজৰ ব্যক্তিগত জীৱনত এক নিদৰ্শন হৈ পৰিছে। তেওঁ নিজৰ চিনেমাৰ নায়িকাসকলৰ ব্যক্তিগত জীৱনৰ ওপৰতো খেয়াল ৰাখে। এবাৰ এটা অনুষ্ঠানত দেখা গৈছিল যে তেওঁৰ পত্নী গৌৰী খানে পৰিধান কৰা কাপোৰৰ এটা অংশ মাটিত পৰি আছিল। শ্বাহৰুখ নিজেই সেই পোছাকটো মাটিৰ পৰা তুলি দিছিল। আশে-পাশে মানুহৰো অভাৱ নাছিল। তেওঁলোকে এই কাম কৰিব পাৰিলেহেঁতেন, কিন্তু ছুপাৰষ্টাৰজনৰ বদান্যতা ইয়াতে দেখা পোৱা গ’ল। শ্বাহৰুখৰ এই কামে ভক্তসকলৰ হৃদয় জিনিছিল।

বহু দিনৰ আগতে এক সাক্ষাৎকাৰত তেওঁ নিজৰ দৰ্শন স্পষ্ট কৰি দিছিল। কৈছিল- ''কোনোবাই যদি মোক কয় যে মই গৌৰী আৰু কেৰিয়াৰৰ মাজৰ পৰা এটা বাছি ল’ব লাগিব, তেন্তে মই নিঃসংকোচে চিনেমাৰ কেৰিয়াৰ এৰি দিবলৈ ইচ্ছুক। তাইৰ বাবে মই সকলো কৰিব পাৰো, গৌৰী মোৰ বাবে সকলো।’’

১৯৯২ চনত এইদৰে কৈছিল শ্বাহৰুখে। সেই সময়ত ‘দীৱানা’ মুক্তি পোৱাৰ আগলৈকে তেওঁ ‘চামটকাৰ’, ‘দিল আছনা হায়’ বা ‘ৰাজু বন গয়া জেন্টলমেন’ৰ জৰিয়তে বলীউডত ধুমুহাৰ সৃষ্টি কৰিছিল। সফলতাৰ জখলাত থিয় হৈও তেওঁ কেৰিয়াৰতকৈ ব্যক্তিগত জীৱনক গুৰুত্ব দিছিল।

তিনিটা দশকৰ পাছতো  বিশেষ পৰিৱৰ্তন হোৱা নাই বলিউডৰ বাদশ্বাহৰ। সফলতাই তেওঁক ব্যক্তিগত জীৱনৰ পৰা আঁতৰাই ৰাখিব পৰা নাই। বৰঞ্চ দেশৰ অন্যতম সফল ব্যক্তি হোৱাৰ পিছতো শ্বাহৰুখ খানে এতিয়াও পৰিয়ালক আটাইতকৈ বেছি গুৰুত্ব দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ধিঙত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত লাভ কৰা ধন লৈ পলাল এগৰাকী মহিলা
দীপাৱলীৰ বতৰত জয়পুৰত দেশৰ সবাতোকৈ দামী মিঠাই
বালিত পোত গ'ল পঞ্জাবৰ ৩ লাখ হেক্টৰ কৃষিভূমি
''ট্ৰিবিউট টু জুবিন গাৰ্গ: দ্য গ'ল্ডেন ভইচ''- প্ৰাণৰ শিল্পী জুবিন গাৰ্গক  TSeries-এ জনালে শ্ৰদ্ধাঞ্জলি
ব্ৰাহ্ম’ছ মিছাইলেৰে ভাৰতৰ টাৰ্গেটত সমগ্ৰ পাকিস্তান ; পাকিস্তানক হুংকাৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ
আফগানিস্তান ক্ৰিকেট ব'ৰ্ডৰ কঠোৰ পদক্ষেপ ; আগন্তুক ত্ৰিদেশীয় টি-২০ শৃংখলা বাতিল
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ ছাল আৰু অংগ-প্ৰত্যংগ উদ্ধাৰ! আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকাৰ
শুই থকা স্বামীৰ দেহত গৰম তেল ঢালিলে পত্নীয়ে, তাৰপাছত ঢালিলে জলকীয়া গুড়ি! পত্নীৰ বৰ্বৰতাই স্তম্ভিত কৰিছে সকলোকে
আই চি চি মহিলা বিশ্ব কাপত ক্রমশঃ দ্বিতীয়টো পৰাজয়ৰ সন্মুখীন ভাৰতৰ
গোলকগঞ্জত ট্ৰাকসহ ১৬ টা গোনা ম'হ জব্দ; চালক আৰু হেণ্ডিমেনক আটক