--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অনুৰাগীৰ হৃদয় জিনাত পাকৈত শ্বাহৰুখ খান! আঠৰ পৰা আশীলৈকে সকলো বয়সৰ লোকে শ্বাহৰুখক লৈ পাগল হৈ পৰে। পৰ্দাতেই হওক বা পৰ্দাৰ বাহিৰতেই হওক, অগণন মহিলা অনুৰাগীৰ হৃদয়ৰ ৰজা কিং খান।

কিন্তু কেনেকৈ মহিলাসকলৰ প্ৰিয় হৈ পৰিল অভিনেতাজন? জনপ্ৰিয় চিনেমাৰ চৰিত্ৰ অধ্যয়ন কৰাসকলেও ইয়াৰ বহু কাৰণ চিনাক্ত কৰিছে। দেখা গৈছে যে শ্বাহৰুখৰ চৰিত্ৰসমূহে নাৰীক কেৱল সন্মান কৰাই নহয়, তেওঁলোকৰ অনুভৱকো মূল্য দিয়ে। শ্বাহৰুখৰ পৰ্দাৰ চৰিত্ৰসমূহ নাৰীৰ অতি ঘনিষ্ঠ ব্যক্তি হৈ পৰে। এক অৰ্থক চিনেমাত শ্বাহৰুখক নাৰী চৰিত্ৰসমূহৰ সুহৃদ বন্ধু হিচাপে দেখা 
যায়।

এই বিষয়টোক লৈ এবাৰ শ্বাহৰুখে নিজেই মুখ খুলিছিল। কৈছিল যে চিনেমাত এটা প্ৰেম কাহিনী তেতিয়াহে সফল হয় যেতিয়া ই নাৰীৰ অনুভৱ বা আৱেগক গুৰুত্ব দিয়ে অৰ্থাৎ ‘শক্তিশালী’ কৰে। ইয়াৰ দ্বাৰা তেওঁ কেৱল ‘মহিলা সবলীকৰণ’ৰ কথা কোৱা নাছিল, মহিলাৰ আৱেগ সবলীকৰণৰ কথাও কৈছিল। যেতিয়াই নাৰীৰ অনুভৱক মূল্য দিয়া হয়, তেতিয়াই অৰ্থপূৰ্ণ প্ৰেম কাহিনীবোৰ সফল হৈ উঠে।

এই ক্ষেত্ৰত শ্বাহৰুখ পৰ্দাৰ বাহিৰত নিজৰ ব্যক্তিগত জীৱনত এক নিদৰ্শন হৈ পৰিছে। তেওঁ নিজৰ চিনেমাৰ নায়িকাসকলৰ ব্যক্তিগত জীৱনৰ ওপৰতো খেয়াল ৰাখে। এবাৰ এটা অনুষ্ঠানত দেখা গৈছিল যে তেওঁৰ পত্নী গৌৰী খানে পৰিধান কৰা কাপোৰৰ এটা অংশ মাটিত পৰি আছিল। শ্বাহৰুখ নিজেই সেই পোছাকটো মাটিৰ পৰা তুলি দিছিল। আশে-পাশে মানুহৰো অভাৱ নাছিল। তেওঁলোকে এই কাম কৰিব পাৰিলেহেঁতেন, কিন্তু ছুপাৰষ্টাৰজনৰ বদান্যতা ইয়াতে দেখা পোৱা গ’ল। শ্বাহৰুখৰ এই কামে ভক্তসকলৰ হৃদয় জিনিছিল।

বহু দিনৰ আগতে এক সাক্ষাৎকাৰত তেওঁ নিজৰ দৰ্শন স্পষ্ট কৰি দিছিল। কৈছিল- ''কোনোবাই যদি মোক কয় যে মই গৌৰী আৰু কেৰিয়াৰৰ মাজৰ পৰা এটা বাছি ল’ব লাগিব, তেন্তে মই নিঃসংকোচে চিনেমাৰ কেৰিয়াৰ এৰি দিবলৈ ইচ্ছুক। তাইৰ বাবে মই সকলো কৰিব পাৰো, গৌৰী মোৰ বাবে সকলো।’’

১৯৯২ চনত এইদৰে কৈছিল শ্বাহৰুখে। সেই সময়ত ‘দীৱানা’ মুক্তি পোৱাৰ আগলৈকে তেওঁ ‘চামটকাৰ’, ‘দিল আছনা হায়’ বা ‘ৰাজু বন গয়া জেন্টলমেন’ৰ জৰিয়তে বলীউডত ধুমুহাৰ সৃষ্টি কৰিছিল। সফলতাৰ জখলাত থিয় হৈও তেওঁ কেৰিয়াৰতকৈ ব্যক্তিগত জীৱনক গুৰুত্ব দিছিল।

তিনিটা দশকৰ পাছতো  বিশেষ পৰিৱৰ্তন হোৱা নাই বলিউডৰ বাদশ্বাহৰ। সফলতাই তেওঁক ব্যক্তিগত জীৱনৰ পৰা আঁতৰাই ৰাখিব পৰা নাই। বৰঞ্চ দেশৰ অন্যতম সফল ব্যক্তি হোৱাৰ পিছতো শ্বাহৰুখ খানে এতিয়াও পৰিয়ালক আটাইতকৈ বেছি গুৰুত্ব দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুকালমুৱাত শোকৰ বন্যা! নাগাৰা নামৰ পাঠিকা প্ৰতীক্ষা বৰ্মনৰ চৰম সিদ্ধান্ত
জৰ্জিনা ৰ’ড্ৰিগেজৰ সৈতে বিবাহপাশত আবদ্ধ ‘CR7’
ৰাম মন্দিৰৰ দান চুৰি প্ৰসংগ; ১৭ আগষ্টত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
চুলিৰ সমস্যা দূৰ কৰে এল’ভেৰাই; কেনেদৰে কৰিব ব্যৱহাৰ?
নগাঁৱত দুই চিলনী চোৰে পইচাৰ বেগ টানি নিবলৈ খোজোতেই দুৰ্ঘটনাত পতিত পিতা-পুত্ৰী
আজি গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডৰ অন্তিম গ্রুপ মেচ
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ