--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শ্বাহৰুখৰ ‘পাঠান’ ছবিয়ে বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছে। মাত্ৰ ৭ দিনতে পাঠানে লাভ কৰে ৬৫৪ কোটি টকা। সকলো অভিলেখ ভংগ কৰি এতিয়া বলীউডৰ সৰ্বাধিক হিট ছবি হিচাপে পৰিগণিত হৈছে পাঠান। কিন্তু নতুন খবৰটো হ’ল এইবাৰ পাঠান আহি আছে অ’টিটিলৈ। সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি এই ছবিখন আমাজন প্ৰাইমত দেখা যাব। তথ্য অনুসৰি এশ কোটি টকাত আমাজনে এই ছবিখন ক্ৰয় কৰিছে।

প্ৰসংগক্ৰমে শ্বাহৰুখ খানৰ কামবেক চিনেমাখনৰ হাতত আছে বহু অভিলেখ। বন্ধৰ দিনত মুক্তি নোপোৱাৰ পাছতো বক্স অফিচত ই এক বৃহৎ মুকলি লাভ কৰিছিল। প্ৰথম দিনাৰ ‘পাঠান’ৰ আয় ১০৬ কোটি টকা। ইয়াৰে ‘পাঠানে’ দেশত মুঠ ৫৭ কোটি টকাৰ ব্যৱসায় কৰিছে। ইয়াৰে ৫৫ কোটি টকা হিন্দী সংস্কৰণৰ জৰিয়তে উপাৰ্জন কৰা হৈছে। আৰু ডাবিং সংস্কৰণে ২ কোটি টকা উপাৰ্জন কৰিলে। 'পাথান'ৰ দ্বিতীয় দিন অৰ্থাৎ গণতন্ত্ৰ দিৱস আৰু সৰস্বতী পূজা দিৱসত শ্বাহৰুখৰ কামবেক ছবিখনে ১১৩.৬০ কোটি টকা উপাৰ্জন কৰে।

তৃতীয়  আৰু চতুৰ্থ দিনতো অব্যাহত আছে ‘পাঠান’ৰ সফলতাৰ ধাৰা। চাৰিদিনত কিং খানৰ ছবিখনে ভাৰতত ২৬৫ কোটি টকা উপাৰ্জন কৰে। বহিঃৰাজ্যৰ এই চাৰিদিনত ‘পাথান’ৰ আয় ১৬৪ কোটি টকা। অৰ্থাৎ শ্বাহৰুখৰ ছবিখনে চাৰিদিনত ৪২৯ কোটি টকাৰ ব্যৱসায় কৰিছে। পঞ্চম দিনা পাঁচশ কোটি পাৰ হোৱাৰ সম্ভাৱনা প্ৰবল।

যশ ৰাজৰ বেনাৰত নিৰ্মিত প্ৰথম দিনাই সৰ্বাধিক উপাৰ্জন কৰা প্ৰথমখন ছবি ‘পাঠান’। প্ৰথম আৰু দ্বিতীয় দিনা সৰ্বাধিক উপাৰ্জন লাভ কৰা শ্বাহৰুখ খানৰ প্ৰথমখন ছবি। দীপিকা পাডুকন আৰু জন আব্ৰাহামৰ প্ৰথমখন ছবি, যিখন ছবিয়ে মুক্তিৰ দিনা আৰু তাৰ পিছদিনা ইমান বৃহৎ পৰিমাণৰ উপাৰ্জন কৰিছিল। অনাগত সপ্তাহতো এই সফলতাৰ ধাৰা অব্যাহত থকাৰ সম্ভাৱনা আছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু