--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শ্বাহৰুখৰ ‘পাঠান’ ছবিয়ে বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছে। মাত্ৰ ৭ দিনতে পাঠানে লাভ কৰে ৬৫৪ কোটি টকা। সকলো অভিলেখ ভংগ কৰি এতিয়া বলীউডৰ সৰ্বাধিক হিট ছবি হিচাপে পৰিগণিত হৈছে পাঠান। কিন্তু নতুন খবৰটো হ’ল এইবাৰ পাঠান আহি আছে অ’টিটিলৈ। সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি এই ছবিখন আমাজন প্ৰাইমত দেখা যাব। তথ্য অনুসৰি এশ কোটি টকাত আমাজনে এই ছবিখন ক্ৰয় কৰিছে।

প্ৰসংগক্ৰমে শ্বাহৰুখ খানৰ কামবেক চিনেমাখনৰ হাতত আছে বহু অভিলেখ। বন্ধৰ দিনত মুক্তি নোপোৱাৰ পাছতো বক্স অফিচত ই এক বৃহৎ মুকলি লাভ কৰিছিল। প্ৰথম দিনাৰ ‘পাঠান’ৰ আয় ১০৬ কোটি টকা। ইয়াৰে ‘পাঠানে’ দেশত মুঠ ৫৭ কোটি টকাৰ ব্যৱসায় কৰিছে। ইয়াৰে ৫৫ কোটি টকা হিন্দী সংস্কৰণৰ জৰিয়তে উপাৰ্জন কৰা হৈছে। আৰু ডাবিং সংস্কৰণে ২ কোটি টকা উপাৰ্জন কৰিলে। 'পাথান'ৰ দ্বিতীয় দিন অৰ্থাৎ গণতন্ত্ৰ দিৱস আৰু সৰস্বতী পূজা দিৱসত শ্বাহৰুখৰ কামবেক ছবিখনে ১১৩.৬০ কোটি টকা উপাৰ্জন কৰে।

তৃতীয়  আৰু চতুৰ্থ দিনতো অব্যাহত আছে ‘পাঠান’ৰ সফলতাৰ ধাৰা। চাৰিদিনত কিং খানৰ ছবিখনে ভাৰতত ২৬৫ কোটি টকা উপাৰ্জন কৰে। বহিঃৰাজ্যৰ এই চাৰিদিনত ‘পাথান’ৰ আয় ১৬৪ কোটি টকা। অৰ্থাৎ শ্বাহৰুখৰ ছবিখনে চাৰিদিনত ৪২৯ কোটি টকাৰ ব্যৱসায় কৰিছে। পঞ্চম দিনা পাঁচশ কোটি পাৰ হোৱাৰ সম্ভাৱনা প্ৰবল।

যশ ৰাজৰ বেনাৰত নিৰ্মিত প্ৰথম দিনাই সৰ্বাধিক উপাৰ্জন কৰা প্ৰথমখন ছবি ‘পাঠান’। প্ৰথম আৰু দ্বিতীয় দিনা সৰ্বাধিক উপাৰ্জন লাভ কৰা শ্বাহৰুখ খানৰ প্ৰথমখন ছবি। দীপিকা পাডুকন আৰু জন আব্ৰাহামৰ প্ৰথমখন ছবি, যিখন ছবিয়ে মুক্তিৰ দিনা আৰু তাৰ পিছদিনা ইমান বৃহৎ পৰিমাণৰ উপাৰ্জন কৰিছিল। অনাগত সপ্তাহতো এই সফলতাৰ ধাৰা অব্যাহত থকাৰ সম্ভাৱনা আছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক