--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবিশ্বৰ সৰ্বাধিক প্ৰদূষিত চহৰৰ তালিকাত এইবাৰো ভাৰতৰ ৰাজধানী চহৰ দিল্লী শীৰ্ষত আছে৷ তালিকাত এইবাৰ দ্বিতীয় স্থানলৈ উধাই গৈছে কলকাতা চহৰে৷ বিশ্বৰ প্ৰদূষিত চহৰৰ সৰ্বাধিক সংখ্যকেই ভাৰতত থকাৰ কথাই দেশ খনক কিদৰে প্ৰদূষণে এপিনৰ পৰা গ্ৰাস কৰি নিছে সেয়া স্পষ্ট হৈ পৰিছে৷ 

শেহতীয়াকৈ হেল্থ ইফেক্টছ ইনষ্টিটিউটৰ (এইচইআই) অধীনস্থ  ষ্টেট অফ গ্লোবেল এয়াৰ ইনিছিয়েটিভে বিশ্বৰ প্ৰদূষিত  চহৰসমূহৰ বায়ু প্ৰদূষণ আৰু স্বাস্থ্যৰ ওপৰত ইয়াৰ প্ৰভাৱ সম্পৰ্কীয় এখন    প্ৰতিবেদন প্ৰকাশ কৰিছে৷ প্ৰতিবেদন  অনুসৰি দিল্লী আৰু কলকাতাত  গড় বাৰ্ষিক জনসংখ্যাৰ তুলনাত অ’জনৰ পৰিমাণ  পিএম ২.৫  হৈছে৷ প্ৰদূষণৰ ক্ষেত্ৰত বিশ্বৰ দুখন আটাইতকৈ প্ৰদূষিত চহৰ হিচাবে সেয়ে দিল্লী আৰু কলকাতাই তালিকাৰ শীৰ্ষত আৰোহণ কৰিছে। 

বিশ্বৰ প্ৰদূষিত চহৰৰ তালিকাত মায়ানগৰী মুম্বাই ১৪ সংখ্যক  স্থানত আছে। বায়ুমণ্ডলত প্ৰদূষণ সৃষ্টিকাৰী প্ৰদূষকৰ মাত্ৰা পিএম ২.৫ বিভিন্ন  ৰোগৰ সৃষ্টিৰ বাবে বিপজ্জনক হৈ উঠিব পাৰে৷ প্ৰতিবেদন খনত প্ৰকাশ পোৱা অনুসৰি বিশ্বৰ জনবহুল চহৰ বেইজিঙত প্ৰতি ১০০,০০০ গৰাকী লোকৰ ভিতৰত লোকত ১২৪ গৰাকীৰ প্ৰদূষণজনিত কাৰণত মৃত্যু হয়।  প্ৰদূষণজনিত মৃত্যুৰ ক্ষেত্ৰত দিল্লী ষষ্ঠ স্থানত আছে৷ দিল্লীত ১০০,০০০ গৰাকী লোকৰ ভিতৰত ১০৬ গৰাকী লোকে প্ৰদূষণ জনিত কাৰণত মৃত্যুক সাৱটি লয়৷ 

কলকাতাত এই সংখ্যা ৯৯ আৰু প্ৰদূষণজনিত মৃত্যুৰ ক্ষেত্ৰত কলকাতা সৈতেঅষ্টম স্থানত আছে৷ বিশ্বৰ আটাইতকৈ প্ৰদূষিত ২০ খন  চহৰৰ ভিতৰত পাঁচখন চীনৰ৷ শেহতীয়া অধ্যয়নটোৱে বিশ্বৰ  মুঠ ৭,০০০ খন চহৰ সামৰি লৈছিল৷ উক্ত চহৰ মূহৰ মাজৰ পৰা আকৌ  ১০৩ খন জনবহুল চহৰ  আৰু ছয়টা বিশেষ অঞ্চলক প্ৰতিবেদন প্ৰকাশৰ বাবে বাচি লোৱা হৈছিল৷ 

উল্লেখ্য বিশ্বৰ বহু চহৰৰ বায়ুত প্ৰদূষণ সৃষ্টিকাৰী পদাৰ্থৰ অত্যাধিক্যত চিন্তিত হৈ পৰিছে বিশ্ব স্বাস্থ্য সংস্থা৷ কাৰণ প্ৰদূষণ বৃদ্ধি মানেই শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ লগতে কৰ্কটৰ দৰে ভয়াৱহ ৰোগত মানুহ আক্ৰান্ত হোৱাৰ আশংকা বৃদ্ধি পায়৷ শেহতীয়া প্ৰতিবেদনত প্ৰকাশ পোৱা মতে  দিল্লীৰ গড় পিএম ২.৫   প্ৰতি ঘন মিটাৰত ১১০  মাইক্ৰ'গ্ৰাম হৈছে৷ এই পৰিমাণ  বিশ্ব স্বাস্থ্য সংস্থাই সুৰক্ষিত বুলি চিহ্নিত কৰা পৰিমাণতকৈ ২২ গুণ বেছি। কলকাতাত প্ৰতি ঘন মিটাৰত গড়ে ৮৪ মাইক্ৰ'গ্ৰাম প্ৰদূষক পদাৰ্থ পোৱা গৈছে৷ আনহাতে  ছাংহাইত প্ৰদূষণ সৃষ্টিকাৰী নাইট্ৰ’জেন অক্সাইডৰ পৰিমাণ হৈছে  প্ৰতি ঘন মিটাৰত ৪১.৬ মাইক্ৰ'গ্ৰাম ৷

ছাংহাইৰ পিছতে থকা চহৰ ৰাছিয়াৰ মস্কো (প্ৰতি ঘন মিটাৰত ৪০.২ মাইক্ৰ'গ্ৰাম)।  বিশ্ব স্বাস্থ্য সংস্থাই নিৰ্ধাৰণ কৰা  নাইট্ৰ’জেন অক্সাইডৰ পৰিমাণ হৈছে বায়ুৰ প্ৰতি ঘন মিটাৰত ১০ মাইক্ৰ'গ্ৰাম। প্ৰতিবেদনত কোৱা হৈছে যে বৰ্ধিত প্ৰদূষণে বিশ্বৰ কমেও ২.৬  বিলিয়ন লোকক প্ৰভাৱান্বিত কৰিছে।  অধ্যয়নটোত লগতে কোৱা হৈছে যে ২০১৯ চনত দিল্লীত ২৯,৯০০ গৰাকী লোকৰ প্ৰদূষণজনিত কাৰণত  মৃত্যু ঘটিছিল৷ ২০১৯ চনত সেই সংখ্যা কলকাতাত আছিল ২১,৩৮০;  মুম্বাইত ১৬,০২০।  

বেইজিঙত ২০১৯ চনত প্ৰদূষণৰ বাবে  ২৬,২৭০ গৰাকী লোকৰ মৃত্যু ঘটিছিল৷। প্ৰতিবেদন খন প্ৰস্তুত কৰোতে ২০১০ চনৰ পৰা ২০১৯ চনলৈ প্ৰদূষণ সম্পৰ্কীয় তথ্য বিশ্লেষণ কৰা হৈছিল৷ যান-বাহনৰৰ আধিক্য, কল-কাৰখানাত সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ নকৰা, অত্যধিক কাৰ্বনৰ নিৰ্গমণ আদিৰ বাবেই বিশ্বত প্ৰদূষণে এতিয়া ভয়ংকৰ ৰূপ ধাৰণ কৰিছে৷ প্ৰদূষণৰ ফলত সমাজৰ মূলতঃ বেছি বয়সৰ লোকসকল বেছিকৈ ক্ষতিগ্ৰস্ত হয় বুলি প্ৰতিবেদন খনত কোৱা হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement