--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশ সলনি হৈছে, চিন্তা-চৰ্চা সলনি হৈছে আৰু এতিয়া কেৱল পুৰুষেই নহয় মহিলাসকলেও নতুন আদৰ্শ দাঙি ধৰিছে। ভাৰতৰ শক্তিশালী নাৰীৰ ভিতৰত অন্যতম নিৰ্মলা সীতাৰমণ। কেন্দ্ৰীয় চৰকাৰৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ আজি জন্মদিন। আজি ৬৩ বছৰত ভৰি দিলে সীতাৰমণে। অনেক নাৰীৰ বাবে প্ৰেৰণাৰ উৎস নিৰ্মলা সীতাৰমণ দেশৰ প্ৰথমগৰাকী মহিলা পূৰ্ণকালীন প্ৰতিৰক্ষা মন্ত্ৰীও আছিল। ইয়াৰ পূৰ্বে ১৯৭০ চনত এই গুৰুত্বপূৰ্ণ মন্ত্ৰালয়ৰ দায়িত্ব কেৱল ইন্দিৰা গান্ধীয়েহে গ্ৰহণ কৰিছিল। আপুনি জানি আচৰিত হ'ব যে বৰ্তমান দেশৰ বিত্তীয় বিভাগ চম্ভালি থকা নিৰ্মলা সীতাৰমণে ছেলছ গাৰ্ল হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।

১৯৫৯ চনৰ ১৮ আগষ্টত তামিলনাডুৰ মাদুৰাই জিলাত নিৰ্মলা সীতাৰমণৰ জন্ম হৈছিল। নিৰ্মলাৰ দেউতাকে ৰেলৱে বিভাগত চাকৰি কৰিছিল। ১৯৮০ চনত নিৰ্মলাই তামিলনাডুৰ তিৰুচিৰাপল্লীৰ সীতালক্ষ্মী ৰামাস্বামী মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পাছত তেওঁ দি্ল্লীৰ জে এন ইউত স্নাতকোত্তৰত নামভৰ্তি কৰিছিল। তাৰ পিছত তেওঁ টেক্সটাইল ট্ৰেডত এমফিল কৰিলে জেএনইউৰ পৰা। 

দিল্লীত অধ্যয়ন কৰি থকাৰ সময়তে তেওঁ অন্ধ্ৰ প্ৰদেশৰ পৰাকলা প্ৰভাকৰক লগ পাইছিল। দুয়োৰে মাজত প্ৰেম হয় আৰু ১৯৮৬ চনত দুয়োৰে বিবাহ হয়। বিবাহৰ পাছত নিৰ্মলা আৰু লণ্ডনলৈ গুচি যায়। সেই সময়ত প্ৰভাকৰে লণ্ডন স্কুল অৱ ইকনমিক্সৰ পৰা পি এইচ ডি কৰি আছিল। তাৰ পিছত নিৰ্মলাই হেবিটেট কোম্পানীত ছেল্‌চ গাৰ্ল হিচাপে যোগদান কৰে। ছেল্‌চ গাৰ্ল হিচাপে কিছুদিন কাম কৰাৰ পাছত তেওঁ সেই চাকৰি এৰি প্ৰাইচ ৱাটাৰহাউচ কুপাৰছত জ্যেষ্ঠ মেনেজাৰ হিচাপে যোগদান কৰে। তাৰ পিছত ১৯৯১ চনত নিৰ্মলা আৰু প্ৰভাকৰে পুনৰ ভাৰতলৈ আহি হায়দৰাবাদত বসতি স্থাপন কৰে।

দেশলৈ ঘূৰি অহাৰ পিছত নিৰ্মলাই শিক্ষা বিষয়ত কাম কৰিবলৈ আৰম্ভ কৰে। ইফালে তেওঁ ২০০৩ চনৰ পৰা ২০০৫ চনলৈ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ সদস্যও আছিল। তাৰপাছত ২০০৬ চনত তেওঁ বিজেপিত যোগদান কৰি ৰাজনৈতিক জীৱন আৰম্ভ কৰে। তেওঁৰ শাহুৱেক আৰু শহুৰেক দুয়োজনেই ইতিমধ্যে কংগ্ৰেছৰ বিধায়ক আছিল। ২০০৭ চনত স্বামীয়ে চিৰঞ্জীৱীৰ প্ৰজা ৰাজ্যম পাৰ্টীত যোগদান কৰে। কিন্তু কেইদিনমানৰ পাছত স্বামী পৰাকলা প্ৰভাকৰেও বিজেপিত যোগদান কৰে। ২০১৭ চনৰ ছেপ্টেম্বৰ মাহত তেওঁ প্ৰতিৰক্ষা মন্ত্ৰী হয়। ২০১৯ চনৰ ৩১ মে'ত নিৰ্মলা সীতাৰমণ দেশৰ বিত্তীয় মন্ত্ৰীৰ পদত অধিষ্ঠিত হয়। 

নিৰ্মলা সীতাৰমণে ছিম্পলকৈ থাকি ভালপায় আৰু তেওঁ বেছিভাগেই কপাহী শাৰী পিন্ধিবলৈ পছন্দ কৰে। ইয়াৰ লগতে তেওঁক সদায় ডিঙিত সোণৰ পাতল চেইন আৰু হাতত খাৰু পিন্ধা দেখা যায়।

নিৰ্মলা সীতাৰমণে প্ৰতিদিনে ৬ ঘন্টা শুৱে আৰু পুৱা ৭ বজাৰ পৰা তেওঁৰ দিনটো আৰম্ভ হয়। উঠি অহাৰ লগে লগে তেওঁৰ বাতৰি কাকত পঢ়াৰ অভ্যাস আছে আৰু তাই দৈনিক ৯ খন বাতৰি কাকত পঢ়ে যাৰ বাবে নিৰ্মলাৰ তিনি ঘণ্টা সময় লাগে।

নিৰ্মলা সীতাৰণৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনাৰে প্ৰাগ নিউজৰ ফালৰ পৰা জনালো অলেখ শুভকামনা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement