--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশ সলনি হৈছে, চিন্তা-চৰ্চা সলনি হৈছে আৰু এতিয়া কেৱল পুৰুষেই নহয় মহিলাসকলেও নতুন আদৰ্শ দাঙি ধৰিছে। ভাৰতৰ শক্তিশালী নাৰীৰ ভিতৰত অন্যতম নিৰ্মলা সীতাৰমণ। কেন্দ্ৰীয় চৰকাৰৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ আজি জন্মদিন। আজি ৬৩ বছৰত ভৰি দিলে সীতাৰমণে। অনেক নাৰীৰ বাবে প্ৰেৰণাৰ উৎস নিৰ্মলা সীতাৰমণ দেশৰ প্ৰথমগৰাকী মহিলা পূৰ্ণকালীন প্ৰতিৰক্ষা মন্ত্ৰীও আছিল। ইয়াৰ পূৰ্বে ১৯৭০ চনত এই গুৰুত্বপূৰ্ণ মন্ত্ৰালয়ৰ দায়িত্ব কেৱল ইন্দিৰা গান্ধীয়েহে গ্ৰহণ কৰিছিল। আপুনি জানি আচৰিত হ'ব যে বৰ্তমান দেশৰ বিত্তীয় বিভাগ চম্ভালি থকা নিৰ্মলা সীতাৰমণে ছেলছ গাৰ্ল হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।

১৯৫৯ চনৰ ১৮ আগষ্টত তামিলনাডুৰ মাদুৰাই জিলাত নিৰ্মলা সীতাৰমণৰ জন্ম হৈছিল। নিৰ্মলাৰ দেউতাকে ৰেলৱে বিভাগত চাকৰি কৰিছিল। ১৯৮০ চনত নিৰ্মলাই তামিলনাডুৰ তিৰুচিৰাপল্লীৰ সীতালক্ষ্মী ৰামাস্বামী মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পাছত তেওঁ দি্ল্লীৰ জে এন ইউত স্নাতকোত্তৰত নামভৰ্তি কৰিছিল। তাৰ পিছত তেওঁ টেক্সটাইল ট্ৰেডত এমফিল কৰিলে জেএনইউৰ পৰা। 

দিল্লীত অধ্যয়ন কৰি থকাৰ সময়তে তেওঁ অন্ধ্ৰ প্ৰদেশৰ পৰাকলা প্ৰভাকৰক লগ পাইছিল। দুয়োৰে মাজত প্ৰেম হয় আৰু ১৯৮৬ চনত দুয়োৰে বিবাহ হয়। বিবাহৰ পাছত নিৰ্মলা আৰু লণ্ডনলৈ গুচি যায়। সেই সময়ত প্ৰভাকৰে লণ্ডন স্কুল অৱ ইকনমিক্সৰ পৰা পি এইচ ডি কৰি আছিল। তাৰ পিছত নিৰ্মলাই হেবিটেট কোম্পানীত ছেল্‌চ গাৰ্ল হিচাপে যোগদান কৰে। ছেল্‌চ গাৰ্ল হিচাপে কিছুদিন কাম কৰাৰ পাছত তেওঁ সেই চাকৰি এৰি প্ৰাইচ ৱাটাৰহাউচ কুপাৰছত জ্যেষ্ঠ মেনেজাৰ হিচাপে যোগদান কৰে। তাৰ পিছত ১৯৯১ চনত নিৰ্মলা আৰু প্ৰভাকৰে পুনৰ ভাৰতলৈ আহি হায়দৰাবাদত বসতি স্থাপন কৰে।

দেশলৈ ঘূৰি অহাৰ পিছত নিৰ্মলাই শিক্ষা বিষয়ত কাম কৰিবলৈ আৰম্ভ কৰে। ইফালে তেওঁ ২০০৩ চনৰ পৰা ২০০৫ চনলৈ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ সদস্যও আছিল। তাৰপাছত ২০০৬ চনত তেওঁ বিজেপিত যোগদান কৰি ৰাজনৈতিক জীৱন আৰম্ভ কৰে। তেওঁৰ শাহুৱেক আৰু শহুৰেক দুয়োজনেই ইতিমধ্যে কংগ্ৰেছৰ বিধায়ক আছিল। ২০০৭ চনত স্বামীয়ে চিৰঞ্জীৱীৰ প্ৰজা ৰাজ্যম পাৰ্টীত যোগদান কৰে। কিন্তু কেইদিনমানৰ পাছত স্বামী পৰাকলা প্ৰভাকৰেও বিজেপিত যোগদান কৰে। ২০১৭ চনৰ ছেপ্টেম্বৰ মাহত তেওঁ প্ৰতিৰক্ষা মন্ত্ৰী হয়। ২০১৯ চনৰ ৩১ মে'ত নিৰ্মলা সীতাৰমণ দেশৰ বিত্তীয় মন্ত্ৰীৰ পদত অধিষ্ঠিত হয়। 

নিৰ্মলা সীতাৰমণে ছিম্পলকৈ থাকি ভালপায় আৰু তেওঁ বেছিভাগেই কপাহী শাৰী পিন্ধিবলৈ পছন্দ কৰে। ইয়াৰ লগতে তেওঁক সদায় ডিঙিত সোণৰ পাতল চেইন আৰু হাতত খাৰু পিন্ধা দেখা যায়।

নিৰ্মলা সীতাৰমণে প্ৰতিদিনে ৬ ঘন্টা শুৱে আৰু পুৱা ৭ বজাৰ পৰা তেওঁৰ দিনটো আৰম্ভ হয়। উঠি অহাৰ লগে লগে তেওঁৰ বাতৰি কাকত পঢ়াৰ অভ্যাস আছে আৰু তাই দৈনিক ৯ খন বাতৰি কাকত পঢ়ে যাৰ বাবে নিৰ্মলাৰ তিনি ঘণ্টা সময় লাগে।

নিৰ্মলা সীতাৰণৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনাৰে প্ৰাগ নিউজৰ ফালৰ পৰা জনালো অলেখ শুভকামনা।
FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰাগ নিউজৰ মুখ্য কাৰ্যালয়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
পৰ্ণ জগতত ভৰি দিয়া নাই অর্চিতা ফুকনে
অসমীয়া সাহিত্যৰ বিশ্বমুখী যাত্রা, 'বুঢ়ী আইৰ সাধু'ৰ ওড়িয়া সংস্কৰণ উন্মোচন
শুভাংশু শুক্লাৰ ওভতনি যাত্ৰা ; আজি পৃথিৱীত পদার্পণ কৰিব শুভাংশু শুক্লাই
কোটিৰ ঘৰৰ পৰা কোটিৰ বাহনলৈ! জানক অনন্ত আম্বানীৰ বিলাসীতাৰ কথা
৮৭ কোটি টকাত বিক্ৰী হ’ল এটা হেণ্ডবেগ! জানো আহক এই বেগৰ ৰহস্য
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে