--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিশ্ব প্ৰসিদ্ধ সোণপুৰ মেলাক এছিয়াৰ সৰ্ববৃহৎ পশু মেলা হিচাপে গণ্য কৰা হয়। এইবাৰ সোণপুৰ মেলাত এটা বিশেষ ঘোঁৰা আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। ইয়াৰোপৰি বহু মন্ত্ৰী-বিধায়কৰ ঘোঁৰাই সোণপুৰ মেলাৰ সৌন্দৰ্য্য বৃদ্ধি কৰিছে। সোণপুৰ মেলাত ৰাজধানী এক্সপ্ৰেছ চুলতান নামৰ এটা ঘোঁৰা ৰাইজৰ মাজত চৰ্চাৰ বিষয় হৈ পৰিছে। ৰাজধানী এক্সপ্ৰেছ চুলতান ঘোঁৰাক চাবলৈ ভিৰ কৰিছে ৰাইজে। 

দুবছৰ পূৰ্বে লুধিয়ানাৰ পৰা ৰাজধানী এক্সপ্ৰেছ চুলতান ঘোঁৰাক ৫ লাখ টকাত ক্ৰয় কৰিছিল পাটনাৰ বাসিন্দা অনিল যাদৱে। এই ঘোঁৰাটো ৰাজধানী এক্সপ্ৰেছৰ দৰে বেগেৰে দৌৰা বাবে এই নাম লাভ কৰে ঘোঁৰাটোৱে। বিহাৰৰ লগতে উত্তৰ প্ৰদেশতো এই ঘোঁৰাটোৱে নিজৰ মালিকক দৌৰত বিজয়ৰ সোৱাদ দিছে। এতিয়ালৈকে এই ঘোঁৰাটোৱে নিজৰ মালিকৰ বাবে ৩২টা পদক লাভ কৰিছে।

উল্লেখযেগ্য যে ৰাজধানী এক্সপ্ৰেছ চুলতান ঘোঁৰাটোৰ পৰিচৰ্যাৰ বাবে দিনে নিশাই ১০ জন লোকে কঠোৰ পৰিশ্ৰম কৰে। ঘোঁৰাটোৰ খাদ্যৰ তালিতাক আছে কাজু বাদাম, কিচমিচ, আলমণ্ড আৰু গাখীৰ  ঘোঁৰাটোৰ খাদ্যৰ বাবে প্ৰতিদিনে ৩০০০ টকা খৰচ হয় বুলি সদৰি কৰিছে। বৰ্তমান এই ঘোঁৰাটোৰ দাম ২০ লাখ টকা ধাৰ্য কৰিছে ঘোঁৰাটোৰ গৰাকীয়ে।

অনিল যাদৱে কয় যে তেওঁৰ এজন বন্ধুক লগ কৰিবলৈ লুধিয়ানালৈ যাওঁতে এই ঘোঁৰাটোৰ বিষয়ে জ্ঞাত হয়, তেওঁৰ বন্ধুজনে ঘোঁৰাটোৰ নাম চুলতান ৰাখিছিল। কিন্তু ইয়াৰ দৌৰ দেখি চুলতানৰ নামৰ আগত ৰাজধানী এক্সপ্ৰেছ যোগ কৰে। তেতিয়াৰ পৰা এই ঘোঁৰাটোৰ সম্পূৰ্ণ নাম ৰাজধানী এক্সপ্ৰেছ চুলতান হয়। সম্প্ৰতি এই ঘোঁৰাটোক সোণপুৰ মেলালৈ লৈ প্ৰদৰ্শনৰ বাবে আনা হৈছে বুলি সদৰি কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু