--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিশ্ব প্ৰসিদ্ধ সোণপুৰ মেলাক এছিয়াৰ সৰ্ববৃহৎ পশু মেলা হিচাপে গণ্য কৰা হয়। এইবাৰ সোণপুৰ মেলাত এটা বিশেষ ঘোঁৰা আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। ইয়াৰোপৰি বহু মন্ত্ৰী-বিধায়কৰ ঘোঁৰাই সোণপুৰ মেলাৰ সৌন্দৰ্য্য বৃদ্ধি কৰিছে। সোণপুৰ মেলাত ৰাজধানী এক্সপ্ৰেছ চুলতান নামৰ এটা ঘোঁৰা ৰাইজৰ মাজত চৰ্চাৰ বিষয় হৈ পৰিছে। ৰাজধানী এক্সপ্ৰেছ চুলতান ঘোঁৰাক চাবলৈ ভিৰ কৰিছে ৰাইজে। 

দুবছৰ পূৰ্বে লুধিয়ানাৰ পৰা ৰাজধানী এক্সপ্ৰেছ চুলতান ঘোঁৰাক ৫ লাখ টকাত ক্ৰয় কৰিছিল পাটনাৰ বাসিন্দা অনিল যাদৱে। এই ঘোঁৰাটো ৰাজধানী এক্সপ্ৰেছৰ দৰে বেগেৰে দৌৰা বাবে এই নাম লাভ কৰে ঘোঁৰাটোৱে। বিহাৰৰ লগতে উত্তৰ প্ৰদেশতো এই ঘোঁৰাটোৱে নিজৰ মালিকক দৌৰত বিজয়ৰ সোৱাদ দিছে। এতিয়ালৈকে এই ঘোঁৰাটোৱে নিজৰ মালিকৰ বাবে ৩২টা পদক লাভ কৰিছে।

উল্লেখযেগ্য যে ৰাজধানী এক্সপ্ৰেছ চুলতান ঘোঁৰাটোৰ পৰিচৰ্যাৰ বাবে দিনে নিশাই ১০ জন লোকে কঠোৰ পৰিশ্ৰম কৰে। ঘোঁৰাটোৰ খাদ্যৰ তালিতাক আছে কাজু বাদাম, কিচমিচ, আলমণ্ড আৰু গাখীৰ  ঘোঁৰাটোৰ খাদ্যৰ বাবে প্ৰতিদিনে ৩০০০ টকা খৰচ হয় বুলি সদৰি কৰিছে। বৰ্তমান এই ঘোঁৰাটোৰ দাম ২০ লাখ টকা ধাৰ্য কৰিছে ঘোঁৰাটোৰ গৰাকীয়ে।

অনিল যাদৱে কয় যে তেওঁৰ এজন বন্ধুক লগ কৰিবলৈ লুধিয়ানালৈ যাওঁতে এই ঘোঁৰাটোৰ বিষয়ে জ্ঞাত হয়, তেওঁৰ বন্ধুজনে ঘোঁৰাটোৰ নাম চুলতান ৰাখিছিল। কিন্তু ইয়াৰ দৌৰ দেখি চুলতানৰ নামৰ আগত ৰাজধানী এক্সপ্ৰেছ যোগ কৰে। তেতিয়াৰ পৰা এই ঘোঁৰাটোৰ সম্পূৰ্ণ নাম ৰাজধানী এক্সপ্ৰেছ চুলতান হয়। সম্প্ৰতি এই ঘোঁৰাটোক সোণপুৰ মেলালৈ লৈ প্ৰদৰ্শনৰ বাবে আনা হৈছে বুলি সদৰি কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু