--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেত্ৰী তথা প্ৰাক্তন মিছ ইউনিভাৰ্ছ সুস্মিতা সেন আজি অৰ্থাৎ ১৯ নৱেম্বৰত ৪৯ সংখ্যক জন্মদিন উদযাপন কৰিছে। সুস্মিতা সেনৰ জন্ম হৈছিল ১৯৭৫ চনৰ ১৯ ​​নৱেম্বৰত অন্ধ্ৰপ্ৰদেশৰ হায়দৰাবাদত। তেওঁৰ পিতৃ সুবীৰ সেন বায়ুসেনাৰ উইং কমাণ্ডাৰ আছিল। আনহাতে তেওঁৰ মাতৃ শুভৰা সেন আছিল গহনা ব্যৱসায়ী। সুস্মিতাই ১৯৯৪ চনত মিছ ইণ্ডিয়া প্ৰতিযোগিতাত অংশ লৈছিল। 

মিছ ইণ্ডিয়া প্ৰতিযোগিতাত তেওঁ প্ৰথম স্থান লাভ কৰিছিল। তাৰ পিছত ১৯৯৪ চনত তেওঁ মিছ ইউনিভাৰ্ছ নিৰ্বাচিত হয়। গতিকে অভিনেত্ৰী সুস্মিতা সেনৰ জন্মদিন উপলক্ষে তেওঁৰ জীৱনৰ সৈতে জড়িত কিছু আমোদজনক কথা জানো আহক ৷

Sushmita Sen Net Worth: From Earning 3-4 Crores Per Film To Owning A Swanky  Apartment In Mumbai, Aarya Actress Has Earned Herself An Uber-Luxurious  Lifestyle!

উল্লেখ্য যে সুস্মিতা সেনে ১৯৯৬ চনত মুক্তি পোৱা দস্তক ছবিৰ জৰিয়তে চিনেমাৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। কিন্তু এই ছবিখনে বিশেষ লাভ সংগ্ৰহ কৰিবলৈ সক্ষম নহ’ল। ইয়াৰ পিছত ১৯৯৭ চনত অভিনেত্ৰীগৰাকীয়ে ছানী দেউলৰ সৈতে কাম কৰাৰ সুযোগ লাভ কৰে আৰু এই ছবিখনো ফ্লপ বুলি প্ৰমাণিত হয়। ১৯৯৯ চনটো অভিনেত্ৰীগৰাকীৰ বাবে অতি উত্তম বছৰ। এই বৰ্ষত সুস্মিতা সেনৰ ছবি ‘বি বি নাম্বাৰ ৱান’ আৰু ‘ছিৰ্ফ টুম’ ছুপাৰহিট ছবি বুলি প্ৰমাণিত হ’ল। বি বি নম্বৰ ৱান ছবিখনৰ বাবে অভিনেত্ৰীগৰাকীয়ে শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে। 

Sushmita Sen suffers heart attack! Here's how you can prevent it |  HealthShots


২০০২ চনত সুস্মিতা সেনে মেঘনা গুলজাৰৰ সৈতে কাম কৰাৰ সুযোগ লাভ কৰে। অভিনেত্ৰী সুস্মিতা সেন মেঘনাৰ ছবি ‘ফিলহাল’ৰ অংশ হৈ পৰে। এইখনো আছিল মেঘনাৰ প্ৰথম পৰিচালনাৰ ছবি। এই ছবিখনত অভিনয় কৰা উৎকৃষ্ট অভিনয়ৰ বাবে পুনৰবাৰ ফিল্মফেয়াৰ বঁটাৰ বাবে মনোনীত হয় অভিনেত্ৰীগৰাকী। ইয়াৰ পিছত ২০০৪ চনত মুক্তি পোৱা ‘মেই হু না’ ছবিখন সুস্মিতাৰ চলচ্চিত্ৰ জীৱনৰ গুৰুত্বপূৰ্ণ ছবিসমূহৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হয়। এই ছবিখনত সুস্মিতাই প্ৰথমবাৰৰ বাবে শ্বাহৰুখ খানৰ সৈতে কাম কৰাৰ সুযোগ পাইছিল। এই ছবিখন ছুপাৰহিট বুলি প্ৰমাণিত হয় আৰু তাৰ পিছত ২০০৫ চনত অভিনেত্ৰীগৰাকীয়ে ছলমান খানৰ সৈতে ‘মেইনে প্যাৰ কিউ কিয়া’ৰ দৰে এখন ছুপাৰহিট ছবি দৰ্শককলৈ আগবঢ়াই। কিন্তু ইয়াৰ বাহিৰেও অভিনেত্ৰীগৰাকীয়ে আন বহু ছবিত কাম কৰিছিল, কিন্তু সেই ছবিবোৰে বক্স অফিচত ভাল ফলাফল দেখুৱাব পৰা নাছিল।

সুস্মিতাৰ প্ৰেম আৰু ব্যক্তিগত জীৱন

ভাৰতৰ প্ৰথম মিছ ইউনিভাৰ্ছ এতিয়াও কিয় অবিবাহিত এই প্ৰশ্ন প্ৰায়ে ভাৰতীয়ৰ মনলৈ আহে। এনে নহয় যে তেওঁ কেতিয়াওঁ প্ৰেমত পৰা নাই, তেওঁ বহুকেইজনৰ লগত ডেট কৰিছে কিন্তু মনে মিলা এজনকো নোপোৱাৰ বাবে তেওঁ বৰ্তমানলৈকে অবিবাহিত ৷ অভিনেতাগৰাকীয়ে ২০০৪ চনৰ পৰা ২০০৬ চনলৈ অভিনেতা ৰণদ্বীপ হুড্ডাৰ সৈতে সম্পৰ্কত আছিল । ২০১৮ ৰ পৰা ২০২১ চনলৈ মডেল ৰহমান শ্বলক ডেট কৰিছিল । ২০২১ ডিচেম্বৰত ইনষ্টাগ্ৰামত তেওঁৰ ব্ৰেকআপৰ কথা ঘোষণা কৰিছিল, কিন্তু তেওঁক এতিয়াও প্ৰায়ে ৰহমানৰ সৈতে বিভিন্ন অনুষ্ঠানত দেখা যায় ৷ ২০২২ চনত সেনে ব্যৱসায়ী আৰু আই পি এলৰ প্ৰতিষ্ঠাপক ললিত মোদীক ডেট কৰি আছিল । 
Sushmita Sen: The wisest decision I made at the age of 24 was to become a  mother | Bollywood News - The Indian Express

সুস্মিতাই ২০০০ চনত ২৪ বছৰ বয়সতে তেওঁৰ প্ৰথম কন্যা ৰেনীক তুলি লৈছিল, তাৰ পিছত ২০১০ চনত দ্বিতীয় কন্যা আলিছাহক তুলি লয় । সুস্মিতা দুগৰাকী কন্যাৰ অকলশৰীয়া মাতৃ । বিয়াৰ আগতে সন্তান তুলি লৈ সুস্মিতাই সমাজৰ ৰীতি-নীতি ভংগ কৰি বহুতো মহিলাক অনুপ্ৰাণিত কৰিছে । সুস্মিতাই কয়, “ৰেনী আৰু আলিছাহ মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ আশীৰ্বাদ । মই তেওঁলোকৰ পৰা বহুত শিকিবলৈ পাওঁ৷” বহুতো সাক্ষাৎকাৰত তেওঁ মাতৃত্বক এক সৰ্বশ্ৰেষ্ঠ অনুভূতি বুলি বৰ্ণনা কৰিছে ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement