--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্ব সাহিত্যৰ পৰা আঁতৰি গ’ল এজন তাৰকা। ৯৪ বছৰ বয়সত চেক ঔপন্যাসিক মিলান কুণ্ডেৰাৰ মৃত্যু হৈছে।  চেকোস্লোভাকিয়াৰ ব্ৰনোৰ মিলান কুণ্ডেৰা লাইব্ৰেৰীৰ মুখপাত্ৰ আন্না ম্ৰাজোভাই তেওঁৰ মৃত্যুৰ খবৰ ঘোষণা কৰে। দীৰ্ঘদিন ধৰি তেওঁ বাৰ্ধক্যৰ বিভিন্ন ৰোগত ভুগি আছিল।

১৯২৯ চনত জন্মগ্ৰহণ কৰা কুণ্ডেৰাই কবিতা, নাটক, ৰচনাকে ধৰি সাহিত্যৰ প্ৰায় সকলো শাখাতে অৰিহণা যোগাইছে। অৱশ্যে তেওঁৰ খ্যাতি মূলতঃ ঔপন্যাসিক বা চুটিগল্পকাৰ হিচাপে। কুণ্ডেৰাৰ জন্ম হৈছিল চেকোস্লোভাকিয়াৰ ব্ৰনোত। তেওঁৰ পিতৃ লুডভিক কুণ্ডেৰা আছিল এজন প্ৰখ্যাত পিয়ানোবাদক আৰু সংগীতজ্ঞ। কুণ্ডেৰাই পিতৃৰ হাতেৰেই শিল্প জগতত প্ৰৱেশ কৰিছিল। প্ৰথম অৱস্থাত তেওঁ সংগীতৰ শিক্ষা লাভ কৰিছিল যদিও পিছলৈ তেওঁ লিখাৰ ক্ষেত্ৰত হৃদয় ঢালি দিছিল।

১৯৪৮ চনত কুণ্ডেৰে কমিউনিষ্ট পাৰ্টিত যোগদান কৰে। কিন্তু ১৯৫০ চনত কমিউনিষ্ট বিৰোধী কাৰ্যকলাপৰ বাবে তেওঁক দলৰ পৰা বহিষ্কাৰ কৰা হয়। সেই সময়ত মিলানে প্ৰাগত পঢ়ি আছিল। স্নাতক হোৱাৰ পিছত তেওঁ সেই চহৰতে শিক্ষক হিচাপে নিযুক্তি লাভ কৰে। ১৯৫৬ চনত তেওঁক কমিউনিষ্ট পাৰ্টিৰ সদস্য হিচাপে পুনৰ নিযুক্তি দিয়া হয় যদিও ১৯৭০ চনত পুনৰ বহিষ্কাৰ কৰা হয়।

১৯৭৫ চনত দেশৰ পৰা বহিষ্কাৰ হোৱাত ফ্ৰান্সত থাকিবলৈ আৰম্ভ কৰে। ১৯৮১ চনত তেওঁ ফ্ৰান্সৰ নাগৰিকত্বও লাভ কৰে। যদিও পিছলৈ তেওঁৰ চেক নাগৰিকত্ব ঘূৰাই দিয়া হৈছিল, কুণ্ডেৰাই নিজকে ফৰাচী লেখক বুলি পৰিচয় দিবলৈ পছন্দ কৰিছিল।


মিলন কুণ্ডেৰাৰ সাহিত্যই এক বেলেগ পথ গ্ৰহণ কৰে। যদিও তেওঁৰ প্ৰাৰম্ভিক লেখাবোৰ ৰাজনৈতিক অভাৰটনৰ দ্বাৰা চিহ্নিত আছিল, পিছলৈ তেওঁ সেই ধাৰাটোৰ পৰা আঁতৰি আহি ইউৰোপীয় নৱজাগৰণৰ সাহিত্যিক উত্তৰাধিকাৰক আগবঢ়াই নিছিল। ১৮৮৪ চনত যেতিয়া ‘The Unbearable Lightness of Being’ উপন্যাসখন প্ৰকাশ পাইছিল, তেতিয়া সাহিত্য মহলত আলোড়নৰ সৃষ্টি হৈছিল। কুণ্ডেৰা ‘দাৰ্শনিক লেখক’ হিচাপে পৰিচিত হ’বলৈ ধৰিলে।

তেওঁৰ পূৰ্বৰ গ্ৰন্থ ‘দ্যা বুক অফ লাফটাৰ এন্ড ফৰগেটিং’ৰ পৰাই ৰেনেছাঁ যুগৰ লেখক চাৰ্ভান্টেছ, জিওভানি বকাচিঅ’ বা ৰাবেলেছৰ প্ৰভাৱ স্পষ্ট হৈ পৰিছিল। সেই কথা তেওঁ নিজেই স্বীকাৰ কৰে। কাৰ্যতঃ কুণ্ডেৰাৰ লেখাবোৰত ‘অমৰত্ব’, ‘পৰিচয়’ বা ‘অজ্ঞানতা’ উপন্যাসত তেওঁ এই মনোভাৱ আৰু দৰ্শনক আৰু আগুৱাই লৈ গৈছিল।

কুণ্ডেৰাৰ লেখাত স্বৈৰাচাৰী বা স্বেচ্ছাচাৰী ক্ষমতাৰ বিৰুদ্ধে বাৰে বাৰে হোৱা প্ৰতিবাদৰ প্ৰতিধ্বনি ঘটিছে। কিন্তু সেই প্ৰতিবাদ কেতিয়াও জোৰেৰে কৰা নাছিল। তেওঁৰ সাহিত্যৰ জৰিয়তে কোনো ‘বাৰ্তা’ দিবলৈ তেওঁ ভাল নাপাইছিল। সূক্ষ্ম ৰসবোধ, তির্যক কথনভঙ্গি আৰু এক আপাত-নির্লিপ্তিই তেওঁক সকলো পৃথক কৰি তুলিছিল। তেওঁৰ এই বিশেষ দৰ্শন আৰু মনোভাৱে একবিংশ শতিকাৰ বিশ্ব সাহিত্যৰ এক বৃহৎ অংশক বিশেষভাৱে প্ৰভাৱিত কৰিছিল।

দীৰ্ঘজীৱনত বহু বিতৰ্কৰ সৈতে জড়িত হৈ পৰিছে কুণ্ডেৰা। ২০০৮ চনত চেকোস্লোভাকিয়াৰ কমিউনিষ্ট চৰকাৰৰ বাবে চোৰাংচোৱাগিৰি কৰাৰো অভিযোগ উত্থাপন হৈছিল। কিন্তু তেওঁৰ লেখাৰ দৰেই এই সকলোবোৰ অভিযোগ তেওঁ কটুক্তিৰে খাৰিজ কৰে। ২০১৯ চনত তেওঁক চেকোস্লোভাকিয়াৰ নাগৰিকত্ব ঘূৰাই দিয়া হয়। তেওঁৰ গৃহ চহৰ ব্ৰনোত মিলান কুণ্ডেৰা পুথিভঁৰাল স্থাপন কৰা হৈছিল।

কুণ্ডেৰাই জীৱনত বহু বঁটা লাভ কৰিছে। ১৯৮৫ চনত তেওঁ জেৰুজালেম বঁটা লাভ কৰে। ১৯৮৭ চনত তেওঁ ‘আৰ্ট অৱ নভেল’ ৰচনাখনৰ বাবে ইউৰোপীয় সাহিত্যৰ বাবে অষ্ট্ৰিয়ান ৰাজ্যিক বঁটা লাভ কৰে। ২০২০ চনত তেওঁক তেওঁৰ দেশ চেকোস্লোভাকিয়াই ফ্ৰান্স কাফকা বঁটাৰে সন্মানিত কৰে। ১৯৮৮ চনত তেওঁৰ উপন্যাস ‘The Unbearable Lightness of Being’ হলিউডত চিত্ৰগ্ৰহণ কৰা হয়।







FOLLOW US F
POPULAR
FEATURE
TRENDY
উন্নত হৈছে চীন-ভাৰতৰ সম্পৰ্ক
বাঁহ গছত বগলীৰ বিয়লি মেল, নাৰায়ণপুৰত এজাক বগলীয়ে দৃষ্টি কাঢ়িছে বাটৰুৱাৰ
বিপদত অনলাইন গেমিং কোম্পানী! গৃহমন্ত্ৰীক প্ৰস্তাৱিত নিষেধাজ্ঞাৰ সন্দৰ্ভত হস্তক্ষেপৰ আহ্বান
এখন কিতাপে কৰিব নোৱাৰা কামো একোখন বিশেষ ফটোৱে কৰিব পাৰে
দিল্লীৰ দৰিয়াগঞ্জত অঘটন,অট্টালিকা খহি ৩ জন লোকৰ মৃত্যু
চতিয়া দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
পুৰুষৰ বেশত ভগ্নীৰ শহুৰেকৰ ঘৰত প্ৰৱেশ কৰি ডেৰ কোটিৰো অধিক টকাৰ গহনা লুটি নিলে যুৱতীয়ে
বৃক্কৰ ৰোগত আক্ৰান্ত মেধাৱী ছাত্ৰী পূজা দাস!  আৰ্থিক সাহায্য বিচাৰি আকুল আহ্বান পৰিয়ালৰ
বিগত আঠ বছৰত উত্তৰ প্ৰদেশৰ কৃষি খণ্ডই ৰচিলে ইতিহাসঃমুখ্যমন্ত্ৰী যোগী
ডিফু জিলা কাৰাগাৰত এজন হাজোতীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত