--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সাত মহলীয়া এটা আজৱ ঘৰ। ঠিক চৰাইৰ বাহৰ দৰে। বাঁহ, কাঠৰ তক্তা, লাঠিৰে এজন কৃষকে ১০ বছৰ ধৰি সেই ঘৰটো অলপ অলপকৈ সাজিছিল। নিজৰ ভাতৃসকলৰ বাবে সাজিছিল ঘৰটো। কিন্তু তেওঁলোক কেতিয়াও সেই ঘৰলৈ নাহিল। কেনেকৈ আহিব? সিহঁত যে মৰি গৈছে!

কৃষকজনৰ নাম হু গুৱাংঝৌ। তেওঁৰ বয়স ৫৫ বছৰ। চীনৰ স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি তেওঁ ১০ বছৰ ধৰি সাতমহলীয়া ঘৰটো নিৰ্মাণ কৰিছিল। তেওঁৰ আশা যে এদিন নিজৰ সকলো ভাতৃ একেলগে তাত উপস্থিত হ’ব।

চীনৰ সংবাদ মাধ্যমৰ তথ্য অনুসৰি গুৱাংঝোৱে অকল মাটি, শিল আৰু কাঠেৰে নিৰ্মাণ কৰিছিল এই ভৱনটো। প্ৰতিদিনে সি সকলোবোৰ ৰাস্তাৰ পৰা সংগ্ৰহ কৰিছিল। ইয়াৰ পিছত তেওঁ তাৰে ঘৰ সাজিছিল।

গুৱাংঝোৱে চীনৰ ছানডঙৰ লিংকু কাউন্টিত এই ঘৰটো নিৰ্মাণ কৰিছিল। পাঁচ বছৰ ধৰি ঘৰৰ ভেটি নিৰ্মাণ কৰিছিল। বাকী তিনি বছৰ এটাৰ পিছত এটা মহলা সাজিছিল।

ঘৰটোৰ দ্বিতীয় মহলা নিৰ্মাণৰ পিছত গুৰুতৰভাৱে অসুস্থ হৈ পৰে গুৱাংঝো। ইয়াৰ পিছত সুস্থ হৈ পুনৰ ঘৰতে কাম কৰিবলৈ ধৰিলে।

স্থানীয় লোকে জনোৱা মতে, খেতিৰ উপৰিও গুৱাংঝোৱে নিজৰ সৰু চকাযুক্ত গাড়ীৰে ৰাজপথত ঘূৰি ফুৰিছিল। তেওঁ ইটা, মাটি, শিল - ঘৰৰ ​​মূল সামগ্ৰী সংগ্ৰহ কৰিছিল।


গুৱাংঝুৱে কাৰ বাবে আজৱ  ঘৰটো সাজিছিল? স্থানীয় সূত্ৰ অনুসৰি তেওঁ নিজৰ ভাতৃদ্বয়ৰ বাবে এটা ঘৰ সাজিছিল। কমেও ১০ বছৰ আগতে মৃত্যু হৈছে তেওঁলোক।

বহুদিনৰ আগতে গুৱাংঝুৰ দুজন ভাতৃয়ে চহৰত চাকৰি বিচাৰি গৈছিল। টকা উপাৰ্জন কৰাৰ পিছত ঘূৰি আহি ঘৰ সজাৰ পৰিকল্পনা কৰিছিল। একেটা ঘৰতে বিয়া বাৰু পাতি তিনিওজন ভাতৃ একলগে থাকিব।

কিন্তু ভাতৃ দুজন কেতিয়াও ঘূৰি নাহিল। দুৰ্ঘটনাত মৃত্যু হয় দুয়োৰে। অৱশ্যে গুৱাংঝোৱে সেই কথা মানি ল’ব বিচৰা নাছিল। গুৱাংঝোৱে দাবী কৰে যে তেওঁৰ ভাতৃদ্বয় ঘূৰি আহিবই। সকলোৱে একেলগে থাকিব। সেইবাবেই দুখীয়া খেতিয়কজনে সেই ঘৰটো সাজিবলৈ ধৰিলে।

চীনৰ সংবাদ মাধ্যমে দাবী কৰিছে যে গুৱাংঝোৰ মানসিক সমস্যা আছে। তেওঁ যি ভাবে তাকেই কৰে। কাৰো কথা নুশুনে। গুৱাংঝোৰ ঘৰটোৰ ওপৰত প্ৰশাসনে আপত্তি কৰে। বাৰে বাৰে ভাঙি পেলাবলৈ কৈছিল। কাৰণ তেওঁ ঘৰটো সাজিবলৈ কোনো অনুমতি লোৱা নাছিল। যদিও প্ৰশাসনে সেই ঘৰটো ভাঙি পেলোৱা নাছিল।

গুৱাংঝোৱে প্ৰশাসনৰ কথা নুশুনিলে। সময় পালেই ঘৰখন আৰু মজবুত কৰি তোলাৰ কামত নামিল। গুৱাংঝোৱে ঘৰ নিৰ্মাণ কৰিয়ে দিনটো কটায়। তেওঁ এতিয়া খেতিও নকৰে। বৰঞ্চ চৰকাৰী ৰাজসাহায্যৰে জীৱন নিৰ্বাহ কৰে। চীন চৰকাৰে প্ৰতি তিনিমাহৰ মূৰে মূৰে ৰাজসাহায্য দিয়ে।

তেওঁ নিজে বনোৱা ঘৰটোত কেইবাদিনো বাস কৰ আছিল। কিন্তু গাঁৱৰ প্ৰশাসনে ঘৰটো ভাঙি যাব পাৰে বুলি উদ্বেগ প্ৰকাশ কৰে। সেইবাবেই তাৰ বাবে এটা নতুন ঘৰ সাজি দিলে। এতিয়া তাতে গুৱাংঝু থাকে।

গুৱাংঝুৰ এই সাতমহলীয়া ভৱনটো ক্ৰমান্বয়ে জনসাধাৰণৰ মাজত জনপ্ৰিয় হৈ উঠিছিল। ইয়াক চাবলৈ প্ৰায়ে পৰ্যটকৰ ভিৰ হয়। পৰ্যটকসকল আহি মাটি, কাঠ, শিলেৰে এনে সাতমহলীয়া ঘৰ দেখি আচৰিত হৈ পৰে। এই সন্দৰ্ভত চীনৰ ছ’চিয়েল মিডিয়াত চৰ্চাৰ সৃষ্টি হৈছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
চুলিৰ সমস্যা দূৰ কৰে এল’ভেৰাই; কেনেদৰে কৰিব ব্যৱহাৰ?
নগাঁৱত দুই চিলনী চোৰে পইচাৰ বেগ টানি নিবলৈ খোজোতেই দুৰ্ঘটনাত পতিত পিতা-পুত্ৰী
আজি গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডৰ অন্তিম গ্রুপ মেচ
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ