--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সাত মহলীয়া এটা আজৱ ঘৰ। ঠিক চৰাইৰ বাহৰ দৰে। বাঁহ, কাঠৰ তক্তা, লাঠিৰে এজন কৃষকে ১০ বছৰ ধৰি সেই ঘৰটো অলপ অলপকৈ সাজিছিল। নিজৰ ভাতৃসকলৰ বাবে সাজিছিল ঘৰটো। কিন্তু তেওঁলোক কেতিয়াও সেই ঘৰলৈ নাহিল। কেনেকৈ আহিব? সিহঁত যে মৰি গৈছে!

কৃষকজনৰ নাম হু গুৱাংঝৌ। তেওঁৰ বয়স ৫৫ বছৰ। চীনৰ স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি তেওঁ ১০ বছৰ ধৰি সাতমহলীয়া ঘৰটো নিৰ্মাণ কৰিছিল। তেওঁৰ আশা যে এদিন নিজৰ সকলো ভাতৃ একেলগে তাত উপস্থিত হ’ব।

চীনৰ সংবাদ মাধ্যমৰ তথ্য অনুসৰি গুৱাংঝোৱে অকল মাটি, শিল আৰু কাঠেৰে নিৰ্মাণ কৰিছিল এই ভৱনটো। প্ৰতিদিনে সি সকলোবোৰ ৰাস্তাৰ পৰা সংগ্ৰহ কৰিছিল। ইয়াৰ পিছত তেওঁ তাৰে ঘৰ সাজিছিল।

গুৱাংঝোৱে চীনৰ ছানডঙৰ লিংকু কাউন্টিত এই ঘৰটো নিৰ্মাণ কৰিছিল। পাঁচ বছৰ ধৰি ঘৰৰ ভেটি নিৰ্মাণ কৰিছিল। বাকী তিনি বছৰ এটাৰ পিছত এটা মহলা সাজিছিল।

ঘৰটোৰ দ্বিতীয় মহলা নিৰ্মাণৰ পিছত গুৰুতৰভাৱে অসুস্থ হৈ পৰে গুৱাংঝো। ইয়াৰ পিছত সুস্থ হৈ পুনৰ ঘৰতে কাম কৰিবলৈ ধৰিলে।

স্থানীয় লোকে জনোৱা মতে, খেতিৰ উপৰিও গুৱাংঝোৱে নিজৰ সৰু চকাযুক্ত গাড়ীৰে ৰাজপথত ঘূৰি ফুৰিছিল। তেওঁ ইটা, মাটি, শিল - ঘৰৰ ​​মূল সামগ্ৰী সংগ্ৰহ কৰিছিল।


গুৱাংঝুৱে কাৰ বাবে আজৱ  ঘৰটো সাজিছিল? স্থানীয় সূত্ৰ অনুসৰি তেওঁ নিজৰ ভাতৃদ্বয়ৰ বাবে এটা ঘৰ সাজিছিল। কমেও ১০ বছৰ আগতে মৃত্যু হৈছে তেওঁলোক।

বহুদিনৰ আগতে গুৱাংঝুৰ দুজন ভাতৃয়ে চহৰত চাকৰি বিচাৰি গৈছিল। টকা উপাৰ্জন কৰাৰ পিছত ঘূৰি আহি ঘৰ সজাৰ পৰিকল্পনা কৰিছিল। একেটা ঘৰতে বিয়া বাৰু পাতি তিনিওজন ভাতৃ একলগে থাকিব।

কিন্তু ভাতৃ দুজন কেতিয়াও ঘূৰি নাহিল। দুৰ্ঘটনাত মৃত্যু হয় দুয়োৰে। অৱশ্যে গুৱাংঝোৱে সেই কথা মানি ল’ব বিচৰা নাছিল। গুৱাংঝোৱে দাবী কৰে যে তেওঁৰ ভাতৃদ্বয় ঘূৰি আহিবই। সকলোৱে একেলগে থাকিব। সেইবাবেই দুখীয়া খেতিয়কজনে সেই ঘৰটো সাজিবলৈ ধৰিলে।

চীনৰ সংবাদ মাধ্যমে দাবী কৰিছে যে গুৱাংঝোৰ মানসিক সমস্যা আছে। তেওঁ যি ভাবে তাকেই কৰে। কাৰো কথা নুশুনে। গুৱাংঝোৰ ঘৰটোৰ ওপৰত প্ৰশাসনে আপত্তি কৰে। বাৰে বাৰে ভাঙি পেলাবলৈ কৈছিল। কাৰণ তেওঁ ঘৰটো সাজিবলৈ কোনো অনুমতি লোৱা নাছিল। যদিও প্ৰশাসনে সেই ঘৰটো ভাঙি পেলোৱা নাছিল।

গুৱাংঝোৱে প্ৰশাসনৰ কথা নুশুনিলে। সময় পালেই ঘৰখন আৰু মজবুত কৰি তোলাৰ কামত নামিল। গুৱাংঝোৱে ঘৰ নিৰ্মাণ কৰিয়ে দিনটো কটায়। তেওঁ এতিয়া খেতিও নকৰে। বৰঞ্চ চৰকাৰী ৰাজসাহায্যৰে জীৱন নিৰ্বাহ কৰে। চীন চৰকাৰে প্ৰতি তিনিমাহৰ মূৰে মূৰে ৰাজসাহায্য দিয়ে।

তেওঁ নিজে বনোৱা ঘৰটোত কেইবাদিনো বাস কৰ আছিল। কিন্তু গাঁৱৰ প্ৰশাসনে ঘৰটো ভাঙি যাব পাৰে বুলি উদ্বেগ প্ৰকাশ কৰে। সেইবাবেই তাৰ বাবে এটা নতুন ঘৰ সাজি দিলে। এতিয়া তাতে গুৱাংঝু থাকে।

গুৱাংঝুৰ এই সাতমহলীয়া ভৱনটো ক্ৰমান্বয়ে জনসাধাৰণৰ মাজত জনপ্ৰিয় হৈ উঠিছিল। ইয়াক চাবলৈ প্ৰায়ে পৰ্যটকৰ ভিৰ হয়। পৰ্যটকসকল আহি মাটি, কাঠ, শিলেৰে এনে সাতমহলীয়া ঘৰ দেখি আচৰিত হৈ পৰে। এই সন্দৰ্ভত চীনৰ ছ’চিয়েল মিডিয়াত চৰ্চাৰ সৃষ্টি হৈছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ