--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টেষ্ট এটলাছৰ তথ্য অনুসৰি ২০২২ চনৰ শ্ৰেষ্ঠ খাদ্যৰ তালিকাত বিশ্বৰ ভিতৰত ভাৰতৰ স্থান পঞ্চম। উপাদান, ব্যঞ্জন আৰু পানীয়ৰ বাবে দৰ্শকৰ ভোটৰ ওপৰত ভিত্তি কৰি এই ৰেংকিং কৰা হয়। ইটালীৰ খাদ্যই প্ৰথম স্থান লাভ কৰে। দ্বিতীয় স্থানত গ্ৰীচ, তৃতীয় স্থানত স্পেইন আৰু চতুৰ্থ স্থানত আছে জাপান। এই ৰেটিঙত ভাৰতে ৪.৫৪ পইণ্ট লাভ কৰি পঞ্চম স্থানত আছে।

দেশৰ সৰ্বোত্তম ৰেটিং পোৱা খাদ্যসমূহৰ ভিতৰত আছে গৰম মছলা, মালাই, ঘী, মাখন, গাৰ্লিক নান, কিমা। এই তালিকাত মুঠ ৪৬০ টা বস্তু আছে। ৫০খন দেশক  লৈ এই তালিকাখন প্ৰস্তুত কৰা হৈছিল।

লগতে তালিকা অনুসৰি শ্ৰী ঠাকৰ ভোজনালয় (মুম্বাই), কাৰাভাল্লী (বেংগালুৰু), বুখাৰা (নতুন দিল্লী), ডুম পুখ্ত (নতুন দিল্লী), ক’ম’ৰিন আদিয়ে (গুৰুগ্ৰাম) ভাৰতীয় খাদ্য ৰেচিপিত শ্ৰেষ্ঠ ৰেষ্টুৰেণ্টৰ খিতাপ লাভ কৰিছে।

বিশ্বৰ শ্ৰেষ্ঠ খাদ্যৰ তালিকাখন

छवि
আমেৰিকা, তুৰস্ক, ফ্ৰান্স আৰু পেৰুৱেও শীৰ্ষ ১০ খন দেশৰ ভিতৰত স্থান লাভ কৰিছে।বিশ্বৰ শ্ৰেষ্ঠ খাদ্য তালিকাত ১১ নম্বৰ স্থানত আছে চীন।

ভাৰতীয় খাদ্যই বিশ্বৰ ভিতৰতে শীৰ্ষ ৫-ত স্থান লাভ কৰাত উৎফুল্লিত হৈ পৰিছে ভাৰতীয় লোকসকল। 

এই তালিকা প্ৰকাশ হোৱাৰ পাছত ৰেষ্টুৰেণ্টলৈ গৈ চাইনীজ খাদ্য বিচৰাসকলেও ভাৰতীয় খাদ্য বিচাৰিবলৈ ধৰিছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু