--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিজৰ কন্যা আৰু ভগ্নীক সুৰাপায়ীৰ লগত বিয়া নিদিবলৈ আহ্বান জনাইছে কেন্দ্ৰীয় গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী কৌশল কিশোৰে। মদ্যপান কৰা ডাঙৰ বিষয়াতকৈ ৰিক্সাচালক বা মজদুৰ এজনেই ভাল দৰা বুলি কয় কৌশল কিশোৰে। শনিবাৰে লাম্ভুৱা বিধানসভা সমষ্টিত নিচামুক্তকৰণ সম্পৰ্কীয় এক কাৰ্যসূচীত ভাষণ দি কিশোৰে কয়, “এজন সুৰাপায়ীৰ আয়ুস অতি কম।”

নিজৰ ব্যক্তিগত অভিজ্ঞতাৰ উদ্ধৃতি দি তেওঁ কয়, "মই সাংসদ হিচাপে আৰু মোৰ পত্নীয়ে বিধায়ক হিচাপে আমাৰ পুত্ৰৰ জীৱন ৰক্ষা কৰিব নোৱাৰিলোঁ যেতিয়া সাধাৰণ জনতাই কেনেকৈ কৰিব। তেওঁ কয়, ‘মোৰ ল’ৰা আকাশ কিশোৰ বন্ধু-বান্ধৱীৰ সৈতে মদ খোৱাৰ প্ৰতি আসক্ত আছিল। তেওঁক ডি-এডিকচন চেণ্টাৰত ভৰ্তি কৰা হৈছিল। বেয়া অভ্যাস ত্যাগ কৰিব বুলি ভাবি ছমাহৰ পাছত তেওঁৰ বিয়া পাতিও দিয়া হ’ল। অৱশ্যে বিয়াৰ পাছত পুনৰ মদ্যপান কৰিবলৈ আৰম্ভ কৰে আৰু শেষত মোৰ ল'ৰাটোৰ মৃত্যু হয়। ২০১৯ চনত আকাশৰ মৃত্যুৰ সময়ত আকাশৰ পুত্ৰৰ বয়স মাত্ৰ দুবছৰহে আছিল।

কৌশল কিশোৰে সভাত লগতে কয় যে “মই মোৰ পুত্ৰক বচাব নোৱাৰিলোঁ, যাৰ বাবে তেওঁৰ পত্নী আৰু আমাৰ বোৱাৰী বিধৱা হৈ পৰিল। আমাৰ কন্যা আৰু ভগ্নীসকলক ইয়াৰ পৰা বচাব লাগিব।" মন্ত্ৰীগৰাকীয়ে কয় যে, "স্বাধীনতা আন্দোলনত ৯০ বছৰৰ ভিতৰত ব্ৰিটিছৰ সৈতে যুঁজি ৬.৩২ লাখ লোকে প্ৰাণ আহুতি দিছিল, আনহাতে প্ৰতি বছৰে প্ৰায় ২০ লাখ লোকৰ মৃত্যু হয় ড্ৰাগছ আসক্তিৰ বাবে।"

উত্তৰ প্ৰদেশৰ মোহনলালগঞ্জ লোকসভা সমষ্টিৰ সাংসদগৰাকীয়ে লগতে কয় যে প্ৰায় ৮০ শতাংশ কৰ্কট ৰোগত মৃত্যু হোৱা লোক ধঁপাত আৰু চিগাৰেটৰ প্ৰতি আসক্ত। তেওঁ ৰাইজ আৰু অন্যান্য সংগঠনসমূহক নিচামুক্ত কাৰ্যসূচীৰ অংশ হ’বলৈ আৰু নিজৰ পৰিয়ালক বচাবলৈ আহ্বান জনায়। জিলাখনক ড্ৰাগছমুক্ত কৰাৰ উদ্দেশ্যে সকলো বিদ্যালয়তে ড্ৰাগছ মুক্ত অভিযান আৰম্ভ কৰাৰ লগতে শিশুসকলক পুৱাৰ প্ৰাৰ্থনাৰ সময়ত এই বিষয়ে সজাগ কৰা উচিত বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে।











FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু