--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেওবাৰে পুৱাই সামাজিক মাধ্যমত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ কিছুমান ছৱি ভাইৰেল হৈ পৰে। আগতে কাহানিও নেদেখা ছৱিসমূহ দেখি সকলো আচৰিত হৈ পৰে। ভালকৈ চাই দেখে যে এয়াতো বাজপেয়ী নহয়। তেন্তে বাজপেয়ীৰ দৰেই এয়া কোন?

আচলতে বাজপেয়ী নহয়, সেয়া অভিনেতা পংকজ ত্ৰিপাঠীহে। ভাৰতৰ প্ৰাক্তন প্রধানমন্ত্ৰীগৰাকীৰ জন্মদিন উপলক্ষে তেওঁ এই গেট আপ আৰু লুকত সামাজিক মাধ্যমত ধৰা দিয়ে।

পূৰ্বে ঘোষিত হৈছিল যে 'মেঁ অটল হুঁ’ নামেৰে বাজপেয়ীৰ এখনি বায়’পিক নিৰ্মা্ণ কৰা হ’ব। তাত 'মিৰ্জাপুৰ’ৰ কালিন ভায়াই বাজপেয়ীৰ ৰূপত অৱতীৰ্ণ হ’ব। দেওবাৰে বাজপেয়ীৰ ৯৭ সংখ্যক জন্মদিনতে বাজেপেয়ীৰ চৰিত্ৰত ত্ৰিপাঠিৰ ফাৰ্ষ্ট লুকটো প্ৰকাশ কৰে ছৱিৰ নিৰ্মাতাই।

ইনষ্টাগ্ৰামত বাজপেয়ীৰ লুকত কেইবাখনো ফটো শ্বেয়াৰ কৰে ত্ৰিপাঠিয়ে। বাজপেয়ীৰ এখন ফটোত লিখা আছে- প্রধানমন্ত্ৰী। আন এখনত লিখা আছে- কবি। দুয়োখন ছৱিতে বাজপেয়ীক কূটনীতিক আৰু ভদ্ৰলোক হিচাপে উল্লেখ কৰা হৈছে।

''মই জানো অটলজীৰ ব্যক্তিত্বক পৰ্দাত বাস্তৱায়িত কৰি তুলিবলৈ মোৰ অত্যন্ত পৰিশ্ৰম কৰিবলৈ প্ৰয়োজন হ’ব। উদ্যম আৰু মনৰ জোৰতে মই চৰিত্ৰটোৰ প্ৰতি সুবিচাৰ কৰিব পাৰিম বুলি বিশ্বাস কৰিছে।’’- ত্ৰিপাঠিয়ে ইনষ্টাগ্ৰামত এইদৰে লিখিছে।

উল্লেখ্য যে নেচনেল এৱাৰ্ড বিজয়ী পৰিচালক ৰবি যাদৱৰ ছৱিখনে ২০২৩ চনৰ ২৫ ডিচেম্বৰত মুক্তি লাভ কৰাৰ কথা। সেইদিনাখনেই বাজপেয়ীৰ জন্মদিনো। ছৱিখনক লৈ ইতিমধ্যেি বাজপেয়ীৰ গুণমুগ্ধসকলৰ মনত ব্যাপক উচ্ছাহ দেখা গৈছে। তেওঁলোকে অভিনেতা ত্ৰিপাঠিকো শুভকামনা জনাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু