--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেওবাৰে পুৱাই সামাজিক মাধ্যমত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ কিছুমান ছৱি ভাইৰেল হৈ পৰে। আগতে কাহানিও নেদেখা ছৱিসমূহ দেখি সকলো আচৰিত হৈ পৰে। ভালকৈ চাই দেখে যে এয়াতো বাজপেয়ী নহয়। তেন্তে বাজপেয়ীৰ দৰেই এয়া কোন?

আচলতে বাজপেয়ী নহয়, সেয়া অভিনেতা পংকজ ত্ৰিপাঠীহে। ভাৰতৰ প্ৰাক্তন প্রধানমন্ত্ৰীগৰাকীৰ জন্মদিন উপলক্ষে তেওঁ এই গেট আপ আৰু লুকত সামাজিক মাধ্যমত ধৰা দিয়ে।

পূৰ্বে ঘোষিত হৈছিল যে 'মেঁ অটল হুঁ’ নামেৰে বাজপেয়ীৰ এখনি বায়’পিক নিৰ্মা্ণ কৰা হ’ব। তাত 'মিৰ্জাপুৰ’ৰ কালিন ভায়াই বাজপেয়ীৰ ৰূপত অৱতীৰ্ণ হ’ব। দেওবাৰে বাজপেয়ীৰ ৯৭ সংখ্যক জন্মদিনতে বাজেপেয়ীৰ চৰিত্ৰত ত্ৰিপাঠিৰ ফাৰ্ষ্ট লুকটো প্ৰকাশ কৰে ছৱিৰ নিৰ্মাতাই।

ইনষ্টাগ্ৰামত বাজপেয়ীৰ লুকত কেইবাখনো ফটো শ্বেয়াৰ কৰে ত্ৰিপাঠিয়ে। বাজপেয়ীৰ এখন ফটোত লিখা আছে- প্রধানমন্ত্ৰী। আন এখনত লিখা আছে- কবি। দুয়োখন ছৱিতে বাজপেয়ীক কূটনীতিক আৰু ভদ্ৰলোক হিচাপে উল্লেখ কৰা হৈছে।

''মই জানো অটলজীৰ ব্যক্তিত্বক পৰ্দাত বাস্তৱায়িত কৰি তুলিবলৈ মোৰ অত্যন্ত পৰিশ্ৰম কৰিবলৈ প্ৰয়োজন হ’ব। উদ্যম আৰু মনৰ জোৰতে মই চৰিত্ৰটোৰ প্ৰতি সুবিচাৰ কৰিব পাৰিম বুলি বিশ্বাস কৰিছে।’’- ত্ৰিপাঠিয়ে ইনষ্টাগ্ৰামত এইদৰে লিখিছে।

উল্লেখ্য যে নেচনেল এৱাৰ্ড বিজয়ী পৰিচালক ৰবি যাদৱৰ ছৱিখনে ২০২৩ চনৰ ২৫ ডিচেম্বৰত মুক্তি লাভ কৰাৰ কথা। সেইদিনাখনেই বাজপেয়ীৰ জন্মদিনো। ছৱিখনক লৈ ইতিমধ্যেি বাজপেয়ীৰ গুণমুগ্ধসকলৰ মনত ব্যাপক উচ্ছাহ দেখা গৈছে। তেওঁলোকে অভিনেতা ত্ৰিপাঠিকো শুভকামনা জনাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক