--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আৰম্ভণি সুন্দৰ নহ’লেও বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ প্ৰথম দিনা সন্তোষজনক স্থিতিত উপনিত হৈছে অষ্ট্ৰেলিয়া। প্রথম দিনৰ খেলা শেষ হ’বলৈ বেছি সময় নাই। বাতৰি লিখাৰ পৰলৈকে অষ্ট্ৰেলিয়াই ৮০ অভাৰত ৩টা উইকেট হেৰুৱাই ৩০১ ৰাণ সংগ্ৰহ কৰিছে।

কেংগাৰু বাহিনীৰ এই স্থিতিৰ মূলতে হ’ল মিডল অৰ্ডাৰ বেটাৰদ্বয় ট্ৰেভিছ হেড আৰু স্টিভ স্মিথৰ দূৰ্দান্ত বেটিং। ১০৬ টা বলতে হেডে শতৰাণ অৰ্জন কৰে। মাৰমুখী হেডক  সুন্দৰ সহযোগিতা আগবঢ়ায় স্মিথেও মন্থৰ গতিৰে শতৰাণৰ দিশলৈ অগ্ৰসৰ হৈছে।

দ্যা অভেলত হোৱা এই মেচখনৰ সেউজ পিটচলৈ লক্ষ্য ৰাখি টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মাই টছত জিকি বলিং কৰাৰ সিদ্ধান্ত লয়। খেলপথাৰ আৰু পৰিৱেশলৈ চাই ভাৰতে চাৰিজন পেচাৰ খেলাৰ সিদ্ধান্ত লয়। ৰবিচন্দ্ৰন অশ্বিন আউট। দলৰ একমাত্ৰ স্পিনাৰ ৰবীন্দ্ৰ জাডেজা। শ্ৰীকৰ ভাৰতে উইকেটৰ ৰক্ষক হিচাপে খেলি আছে।

আৰম্ভণিতেই দূৰ্দান্ত সফলতা লাভ কৰে মহম্মদ ছিৰাজে। শূণ্য ৰাণতে আউট কৰে অপেনাৰ ওছমান খাৱাজাক। ব্যৰ্থ হয় মাৰনাছ লাবুচানেও। মহম্মদৰ ছামীৰ বলত ২৬ ৰাণ কৰি আউট হয় তেওঁ। লাবুচানেৰ পাছত ছাৰদুল ঠাকুৰৰ বলত আউট হয় অপেনাৰ ডেভিড ৱাৰ্ণাৰ। ৱাৰ্ণাৰে ৪৩ ৰাণৰ বৰঙণি যোগায়।

কিন্তু ট্ৰেভিছ হেড আৰু স্টিভ স্মিথে ক্ৰিজলৈ অহাৰ পাছতে সকলো সলনি হৈ যায়। দীৰ্ঘসময় ধৰি মিডল অৰ্ডাৰৰ যুঁটিটো ভাঙিবলৈ চেষ্টা কৰি আছে টীম ইণ্ডিয়াৰ বেগী বলাৰসকলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে