--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আৰম্ভণি সুন্দৰ নহ’লেও বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ প্ৰথম দিনা সন্তোষজনক স্থিতিত উপনিত হৈছে অষ্ট্ৰেলিয়া। প্রথম দিনৰ খেলা শেষ হ’বলৈ বেছি সময় নাই। বাতৰি লিখাৰ পৰলৈকে অষ্ট্ৰেলিয়াই ৮০ অভাৰত ৩টা উইকেট হেৰুৱাই ৩০১ ৰাণ সংগ্ৰহ কৰিছে।

কেংগাৰু বাহিনীৰ এই স্থিতিৰ মূলতে হ’ল মিডল অৰ্ডাৰ বেটাৰদ্বয় ট্ৰেভিছ হেড আৰু স্টিভ স্মিথৰ দূৰ্দান্ত বেটিং। ১০৬ টা বলতে হেডে শতৰাণ অৰ্জন কৰে। মাৰমুখী হেডক  সুন্দৰ সহযোগিতা আগবঢ়ায় স্মিথেও মন্থৰ গতিৰে শতৰাণৰ দিশলৈ অগ্ৰসৰ হৈছে।

দ্যা অভেলত হোৱা এই মেচখনৰ সেউজ পিটচলৈ লক্ষ্য ৰাখি টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মাই টছত জিকি বলিং কৰাৰ সিদ্ধান্ত লয়। খেলপথাৰ আৰু পৰিৱেশলৈ চাই ভাৰতে চাৰিজন পেচাৰ খেলাৰ সিদ্ধান্ত লয়। ৰবিচন্দ্ৰন অশ্বিন আউট। দলৰ একমাত্ৰ স্পিনাৰ ৰবীন্দ্ৰ জাডেজা। শ্ৰীকৰ ভাৰতে উইকেটৰ ৰক্ষক হিচাপে খেলি আছে।

আৰম্ভণিতেই দূৰ্দান্ত সফলতা লাভ কৰে মহম্মদ ছিৰাজে। শূণ্য ৰাণতে আউট কৰে অপেনাৰ ওছমান খাৱাজাক। ব্যৰ্থ হয় মাৰনাছ লাবুচানেও। মহম্মদৰ ছামীৰ বলত ২৬ ৰাণ কৰি আউট হয় তেওঁ। লাবুচানেৰ পাছত ছাৰদুল ঠাকুৰৰ বলত আউট হয় অপেনাৰ ডেভিড ৱাৰ্ণাৰ। ৱাৰ্ণাৰে ৪৩ ৰাণৰ বৰঙণি যোগায়।

কিন্তু ট্ৰেভিছ হেড আৰু স্টিভ স্মিথে ক্ৰিজলৈ অহাৰ পাছতে সকলো সলনি হৈ যায়। দীৰ্ঘসময় ধৰি মিডল অৰ্ডাৰৰ যুঁটিটো ভাঙিবলৈ চেষ্টা কৰি আছে টীম ইণ্ডিয়াৰ বেগী বলাৰসকলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু