--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আশাহত কৰিলে টীম ইণ্ডিয়াই৷ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ প্ৰথম ইনিংছত তাচপাতৰ তুৰুপৰ দৰে খহি পৰে টীম ইণ্ডিয়াৰ বেটিং লাইনআপ৷ অষ্ট্ৰেলিয়াৰ বেগী বলাৰসকলৰ বিৰুদ্ধে ব্যৰ্থ হয় ৰোহিত শৰ্মা- বিৰাট কোহলী৷

প্ৰথম ইনিংছত অষ্ট্ৰেলিয়াই সংগ্ৰহ কৰা ৪৬৯ ৰাণৰ প্ৰত্যুত্তৰত ভাৰতে ইনিংছ আৰম্ভ কৰিবলৈ আহিয়েই উজুটি খায়৷ ৫ অভাৰৰ পাছতে পেট কামিন্সৰ বলত এলবিডব্লিউ হৈ পেভিলিয়নমুখী হয় অধিনায়ক ৰোহিত শ্ৰমা৷ তেওঁ কৰে মাত্ৰ ১৫ ৰাণ৷ তাৰ পাছৰ অভাৰটোত স্কট বলেণ্ডে শুভমান গীলৰ খুটি তচনচ কৰে৷ ‘ক্ৰিকেটৰ ৰাজপুত্ৰ’ হিচাপে আখ্যা পোৱা গীলে কৰে মাত্ৰ ১৩ ৰাণ৷

অপেনাৰদ্বয় ব্যৰ্থ হোৱাৰ পাছতে আহে টেষ্ট ক্ৰিকেটৰ বিশেষজ্ঞ চেতেশ্বৰ পুজাৰা৷ পূজাৰাক কেমেৰণ গ্ৰীনে ১৪ ৰাণ কৰি থকা অৱস্থাত পেভিলিয়নৰ বাট দেখুৱায়৷ আশাহত কৰে বিৰাট কোহলীয়েও৷ মিচেল ষ্টাৰ্কৰ চিকাৰ হয় কোহলী (১৪)৷

দলৰ মিডল অৰ্ডাৰত এইদৰে অষ্ট্ৰেলিয়াৰ বেগী বলাৰসকলে পৰাক্ৰম দেখুৱাৰ পিছত ইনিংছ চম্ভালিবলৈ চেষ্টা কৰে আজিংক্য ৰাহানে আৰু ৰবীন্দ্ৰ জাডেজাই৷ জাডেজাই ৫১ টা বলত ৪৮ ৰাণ কৰি আউট হলেও বাতৰি লিখাৰ পৰলৈকে শ্ৰীকৰ ভাৰতৰ স’তে ৰাহানেই ক্ৰিজত বৰ্তী আছে৷ বৰ্তমানলৈকে ৰাহানেই ৭১ বলত ২৯ ৰাণ কৰি আছে৷

বাতৰি লিখাৰ পৰলৈকে ভাৰতে ৩৭ অভাৰত পাঁচটা উইকেট হেৰুৱায় সংগ্ৰহ কৰিছে ১৪৭ ৰাণ৷ অষ্ট্ৰেলিয়াৰ আটাইকেওজন বলাৰেই এটাকৈ উইকেট লাভ কৰিছে৷

ইয়াৰ পূৰ্বে প্ৰথম ইনিংছত অষ্ট্ৰেলিয়াই আটাইকেওটা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ৪৬৯ ৰাণ৷ দলটোৰ এই দূৰ্দান্ত স্থিতিৰ মূলতে হৈছে ষ্টিভ স্মিথ আৰু ট্ৰেভিছ হেডৰ দূৰ্দান্ত শতক৷ স্মিথে ২৬৮ টা বলৰ সন্মুখিন হৈ ১২১ ৰাণ কৰাৰ বিপৰীতে হেডে কৰে ১৭৪ টা বলত ১৬৩ ৰাণ৷ উইকেটকীপাৰ এলেক্স কেৰীয়েও ৪৮ ৰাণৰ বৰঙণি আগবঢ়ায়৷

ভাৰতৰ হৈ দূৰ্দান্ত বলিং কৰি মহম্মদ চিৰাজে লাভ কৰে চাৰিটা উইকেট৷ শ্বাৰদুল ঠাকুৰে লাভ কৰে দুটা উইকেট৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু