--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আশাহত কৰিলে টীম ইণ্ডিয়াই৷ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ প্ৰথম ইনিংছত তাচপাতৰ তুৰুপৰ দৰে খহি পৰে টীম ইণ্ডিয়াৰ বেটিং লাইনআপ৷ অষ্ট্ৰেলিয়াৰ বেগী বলাৰসকলৰ বিৰুদ্ধে ব্যৰ্থ হয় ৰোহিত শৰ্মা- বিৰাট কোহলী৷

প্ৰথম ইনিংছত অষ্ট্ৰেলিয়াই সংগ্ৰহ কৰা ৪৬৯ ৰাণৰ প্ৰত্যুত্তৰত ভাৰতে ইনিংছ আৰম্ভ কৰিবলৈ আহিয়েই উজুটি খায়৷ ৫ অভাৰৰ পাছতে পেট কামিন্সৰ বলত এলবিডব্লিউ হৈ পেভিলিয়নমুখী হয় অধিনায়ক ৰোহিত শ্ৰমা৷ তেওঁ কৰে মাত্ৰ ১৫ ৰাণ৷ তাৰ পাছৰ অভাৰটোত স্কট বলেণ্ডে শুভমান গীলৰ খুটি তচনচ কৰে৷ ‘ক্ৰিকেটৰ ৰাজপুত্ৰ’ হিচাপে আখ্যা পোৱা গীলে কৰে মাত্ৰ ১৩ ৰাণ৷

অপেনাৰদ্বয় ব্যৰ্থ হোৱাৰ পাছতে আহে টেষ্ট ক্ৰিকেটৰ বিশেষজ্ঞ চেতেশ্বৰ পুজাৰা৷ পূজাৰাক কেমেৰণ গ্ৰীনে ১৪ ৰাণ কৰি থকা অৱস্থাত পেভিলিয়নৰ বাট দেখুৱায়৷ আশাহত কৰে বিৰাট কোহলীয়েও৷ মিচেল ষ্টাৰ্কৰ চিকাৰ হয় কোহলী (১৪)৷

দলৰ মিডল অৰ্ডাৰত এইদৰে অষ্ট্ৰেলিয়াৰ বেগী বলাৰসকলে পৰাক্ৰম দেখুৱাৰ পিছত ইনিংছ চম্ভালিবলৈ চেষ্টা কৰে আজিংক্য ৰাহানে আৰু ৰবীন্দ্ৰ জাডেজাই৷ জাডেজাই ৫১ টা বলত ৪৮ ৰাণ কৰি আউট হলেও বাতৰি লিখাৰ পৰলৈকে শ্ৰীকৰ ভাৰতৰ স’তে ৰাহানেই ক্ৰিজত বৰ্তী আছে৷ বৰ্তমানলৈকে ৰাহানেই ৭১ বলত ২৯ ৰাণ কৰি আছে৷

বাতৰি লিখাৰ পৰলৈকে ভাৰতে ৩৭ অভাৰত পাঁচটা উইকেট হেৰুৱায় সংগ্ৰহ কৰিছে ১৪৭ ৰাণ৷ অষ্ট্ৰেলিয়াৰ আটাইকেওজন বলাৰেই এটাকৈ উইকেট লাভ কৰিছে৷

ইয়াৰ পূৰ্বে প্ৰথম ইনিংছত অষ্ট্ৰেলিয়াই আটাইকেওটা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ৪৬৯ ৰাণ৷ দলটোৰ এই দূৰ্দান্ত স্থিতিৰ মূলতে হৈছে ষ্টিভ স্মিথ আৰু ট্ৰেভিছ হেডৰ দূৰ্দান্ত শতক৷ স্মিথে ২৬৮ টা বলৰ সন্মুখিন হৈ ১২১ ৰাণ কৰাৰ বিপৰীতে হেডে কৰে ১৭৪ টা বলত ১৬৩ ৰাণ৷ উইকেটকীপাৰ এলেক্স কেৰীয়েও ৪৮ ৰাণৰ বৰঙণি আগবঢ়ায়৷

ভাৰতৰ হৈ দূৰ্দান্ত বলিং কৰি মহম্মদ চিৰাজে লাভ কৰে চাৰিটা উইকেট৷ শ্বাৰদুল ঠাকুৰে লাভ কৰে দুটা উইকেট৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে