--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুজৰাট টাইটানছৰ দ্ৰুত বলাৰ যশ দয়ালে যোৱা দুসপ্তাহ ধৰি তেওঁৰ দলৰ প্লেয়িং-১১ত স্থান লাভ কৰিবলৈ সক্ষম হোৱা নাই। ইয়াকেলৈ বিভিন্ন জনৰ মাজত আলোচনা চলি আছে৷ হাৰ্ডিক পাণ্ডিয়াই এই বিষয়ে এটা আচৰিত কথা প্ৰকাশ কৰিছে।

গুজৰাট টাইটানছৰ দ্ৰুত বলাৰ যশ দয়ালে ৯ এপ্ৰিলত কলকাতা বনাম গুজৰাটৰ খেলত একেৰাহে পাঁচটা বলত পাঁচটা ছয় দিছিল। কেকেআৰক জয়ৰ বাবে শেষৰ ৫ টা বলত ২৮ ৰাণৰ প্ৰয়োজন আছিল ৷ কেকেআৰৰ খেলুৱৈ  ৰিংকু সিঙে যশ দয়ালৰ ৫ টা বলত একেৰাহে পাঁচটা ছয় মাৰিছিল। এই খেলখনৰ পিছৰে পৰাই যশ দয়াল গুজৰাটৰ প্লেয়িং-১১ৰ পৰা বাহিৰ হৈছে। যেতিয়া অধিনায়ক হাৰ্দিক পাণ্ডিয়াক ইয়াৰ কাৰণ সোধা হৈছিল, তেওঁ এক আশ্চৰ্যজনক উত্তৰ দিছে৷ 

সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত হাৰ্ডিকে কয় যে  যশৰ প্ৰত্যাৱৰ্তনৰ বিষয়ে এতিয়াই একো কথা ক'ব নোৱাৰি। তেওঁ বৰ্তমান অসুস্থ। তেওঁৰ শৰীৰৰ ওজন  সাতৰ পৰা আঠ কিলোগ্ৰাম  হ্ৰাস পাইছে। তেওঁ ভাইৰেল জ্বৰত আক্ৰান্ত হৈছিল। তেওঁৰ অৱস্থা এনে হৈ থকা নাই যে তেওঁ এতিয়াই খেলপথাৰলৈ ঘূৰি  যাব পাৰিব। মই ভাবো তেওঁ ঘূৰি আহিবলৈ এতিয়াও বহু সময়  বাকী আছে।

হাৰ্দিকৰ বক্তব্যৰ আগতে এইবুলি ধাৰণা  কৰা হৈছিল যে চাপৰৰ সন্মুখীন হ'ব নোৱাৰাৰ বাবেই যশক গুজৰাটৰ প্লেয়িং-১১ৰ পৰা বাদ দিয়া হৈছে। এই ছিজনত তেওঁৰ প্ৰদৰ্শন মুঠেও ভাল নাছিল। তেওঁ আই পি এল ২০২৩ ৰ তিনিওখন খেলত খেলিছিল ৷ কিন্তু তেওঁ এটাও উইকেট লাভ কৰিব নোৱাৰিলে।  কেকেআৰৰ বিৰুদ্ধে খেলখনৰ অন্তিম অভাৰত তেওঁ যিদৰে ৰিংকু সিঙৰ বেটৰ প্ৰহাৰৰ সন্মুখীন হ’ল সেয়া তেওঁৰ হয়তো আজীৱন মনত থাকিব৷  সেয়া নিশ্চয় তেওঁৰ কেৰিয়াৰৰ আটাইতকৈ বেয়া মুহূৰ্ত আছিল।

২৫ বছৰীয়া খেলুৱৈ গৰাকীয়ে যোৱা ছিজনত গুজৰাট টাইটানছৰ বাবে এজন গুৰুত্বপূৰ্ণ বলাৰ হিচাপে প্ৰমাণিত হৈছিল। যশে আই পি এল ২০২২ ত ৯ খন খেলত ১১ টা উইকেট দখল কৰিছিল। অৱশ্য এইবাৰ তেওঁ বাৰুকৈয়ে বিফল হৈছে৷ 









FOLLOW US F
POPULAR
FEATURE
TRENDY
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ তাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে