--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুজৰাট টাইটানছৰ দ্ৰুত বলাৰ যশ দয়ালে যোৱা দুসপ্তাহ ধৰি তেওঁৰ দলৰ প্লেয়িং-১১ত স্থান লাভ কৰিবলৈ সক্ষম হোৱা নাই। ইয়াকেলৈ বিভিন্ন জনৰ মাজত আলোচনা চলি আছে৷ হাৰ্ডিক পাণ্ডিয়াই এই বিষয়ে এটা আচৰিত কথা প্ৰকাশ কৰিছে।

গুজৰাট টাইটানছৰ দ্ৰুত বলাৰ যশ দয়ালে ৯ এপ্ৰিলত কলকাতা বনাম গুজৰাটৰ খেলত একেৰাহে পাঁচটা বলত পাঁচটা ছয় দিছিল। কেকেআৰক জয়ৰ বাবে শেষৰ ৫ টা বলত ২৮ ৰাণৰ প্ৰয়োজন আছিল ৷ কেকেআৰৰ খেলুৱৈ  ৰিংকু সিঙে যশ দয়ালৰ ৫ টা বলত একেৰাহে পাঁচটা ছয় মাৰিছিল। এই খেলখনৰ পিছৰে পৰাই যশ দয়াল গুজৰাটৰ প্লেয়িং-১১ৰ পৰা বাহিৰ হৈছে। যেতিয়া অধিনায়ক হাৰ্দিক পাণ্ডিয়াক ইয়াৰ কাৰণ সোধা হৈছিল, তেওঁ এক আশ্চৰ্যজনক উত্তৰ দিছে৷ 

সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত হাৰ্ডিকে কয় যে  যশৰ প্ৰত্যাৱৰ্তনৰ বিষয়ে এতিয়াই একো কথা ক'ব নোৱাৰি। তেওঁ বৰ্তমান অসুস্থ। তেওঁৰ শৰীৰৰ ওজন  সাতৰ পৰা আঠ কিলোগ্ৰাম  হ্ৰাস পাইছে। তেওঁ ভাইৰেল জ্বৰত আক্ৰান্ত হৈছিল। তেওঁৰ অৱস্থা এনে হৈ থকা নাই যে তেওঁ এতিয়াই খেলপথাৰলৈ ঘূৰি  যাব পাৰিব। মই ভাবো তেওঁ ঘূৰি আহিবলৈ এতিয়াও বহু সময়  বাকী আছে।

হাৰ্দিকৰ বক্তব্যৰ আগতে এইবুলি ধাৰণা  কৰা হৈছিল যে চাপৰৰ সন্মুখীন হ'ব নোৱাৰাৰ বাবেই যশক গুজৰাটৰ প্লেয়িং-১১ৰ পৰা বাদ দিয়া হৈছে। এই ছিজনত তেওঁৰ প্ৰদৰ্শন মুঠেও ভাল নাছিল। তেওঁ আই পি এল ২০২৩ ৰ তিনিওখন খেলত খেলিছিল ৷ কিন্তু তেওঁ এটাও উইকেট লাভ কৰিব নোৱাৰিলে।  কেকেআৰৰ বিৰুদ্ধে খেলখনৰ অন্তিম অভাৰত তেওঁ যিদৰে ৰিংকু সিঙৰ বেটৰ প্ৰহাৰৰ সন্মুখীন হ’ল সেয়া তেওঁৰ হয়তো আজীৱন মনত থাকিব৷  সেয়া নিশ্চয় তেওঁৰ কেৰিয়াৰৰ আটাইতকৈ বেয়া মুহূৰ্ত আছিল।

২৫ বছৰীয়া খেলুৱৈ গৰাকীয়ে যোৱা ছিজনত গুজৰাট টাইটানছৰ বাবে এজন গুৰুত্বপূৰ্ণ বলাৰ হিচাপে প্ৰমাণিত হৈছিল। যশে আই পি এল ২০২২ ত ৯ খন খেলত ১১ টা উইকেট দখল কৰিছিল। অৱশ্য এইবাৰ তেওঁ বাৰুকৈয়ে বিফল হৈছে৷ 









FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ