--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : কমেডিয়ান কপিল শৰ্মা আৰু বলীউডৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰৰ মাজত চলিছে কিছু মতানৈক্যৰ৷ শেহতীয়া বাতৰি অনুসৰি, অভিনেতাজন কপিল শৰ্মাৰ ওপৰত অত্যন্ত অসন্তুষ্টি প্ৰকাশ কৰিছে৷ কাৰণ প্ৰখ্যাত কৌতুক অভিনেতাজনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে অক্ষয় কুমাৰৰ সাক্ষাৎকাৰৰ সময়ত কৰা এটা কৌতুক প্ৰচাৰ কৰি তেওঁৰ বিশ্বাস ভংগ কৰিছিল। ইয়াৰ এটা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পাছতে অক্ষয়ে কপিল আৰু তেওঁৰ দলৰ পৰা এই সন্দৰ্ভত স্পষ্টিকৰণ বিচাৰিছে। ইয়াৰ পাছতে অভিনেতাগৰাকীয়ে তেওঁৰ আহিবলগীয়া ছবি 'বচ্চন পাণ্ডে'ক তেওঁৰ অনুষ্ঠান 'দ্য কপিল শৰ্মা শ্ব'ত প্ৰচাৰ কৰিবলৈ অস্বীকাৰ কৰিছে বুলি জানিব পৰা গৈছে। মন কৰিবলগীয়া যে, অভিনেতাজন নিঃসন্দেহে কপিল শৰ্মাৰ অনুষ্ঠানটোৰ নিয়মীয়া দৰ্শনাৰ্থী। সূত্ৰ অনুসৰি, অক্ষয় এটা ক্লিপক লৈ কৌতুক অভিনেতাজনৰ ওপৰত অসন্তুষ্ট। অক্ষয় আৰু চাৰা আলী খানৰ আহিবলগা ছবি 'আত্ৰাংগী ৰে' প্ৰচাৰৰ বাবে অনুষ্ঠানত উপস্থিত হৈছিল। অনুষ্ঠানৰ মাজতে কপিলে অক্ষয়ক 'বিখ্যাত চেলিব্ৰিটি'ৰ সৈতে তেওঁৰ সাক্ষাৎকাৰৰ বিষয়ে প্ৰশ্ন কৰিছিল। ইয়াত, কপিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে অক্ষয়ৰ বিখ্যাত সাক্ষাৎকাৰত এক কৌতুক কৰিছিল, য'ত তেওঁ প্ৰধানমন্ত্ৰীক সুধিছিল যে তেওঁ 'আম খোৱা' কেনেদৰে ভাল পায়। প্ৰতিবেদন অনুসৰি অনুষ্ঠানটোৰ পাছত অক্ষয়ে কপিল আৰু তেওঁৰ দলক ক্লিপটো প্ৰচাৰ নকৰিবলৈ অনুৰোধ কৰিছিল। হিন্দুস্তান টাইমছৰ প্ৰতিবেদন অনুসৰি, অভিনেতাজন ইণ্টাৰনেটত লিক হোৱা এটা ক্লিপক লৈ বিৰক্তি প্ৰকাশ কৰি বিশ্বাস ভংগ কৰিছে বুলি উল্লেখ কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু