--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দূৰদৰ্শনৰ জনপ্ৰিয় ধাৰ্মিক ধাৰাবাহিক, বি আৰ চোপ্ৰা নিবেদিত মহাভাৰতত ভীমৰ চৰিত্ৰত অভিনয় কৰা অভিনেতা প্ৰবীণ কুমাৰ সৱতীৰ মৃত্যু হৈছে। দীৰ্ঘদিন ধৰি ৰোগৰ সৈতে যুঁজি থকা প্ৰবীণ কুমাৰ সৱতীয়ে ৭৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। প্ৰবীণ কুমাৰ সৱতীয়ে কেৱল অভিনয় জগততে নহয় ক্ৰীড়া জগততো সুনাম অৰ্জন কৰিছিল। পঞ্জাৱৰ পৰা মুম্বাইলৈ অহা প্ৰবীণ কুমাৰে বলীউডৰ বহুতো চলচ্চিত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। চলচ্চিত্ৰসমূহত তেওঁক প্ৰায়ে খলনায়কৰ চৰিত্ৰত দেখা গৈছিল। ক্ৰীড়াৰ পৰা অভিনয়লৈকে প্ৰবীণ কুমাৰে সদায় তেওঁৰ ১০০ শতাংশ উজাৰি দিবলৈ চেষ্টা কৰিছিল আৰু প্ৰতিবাৰেই তেওঁ সফলতা লাভ কৰিছিল। প্ৰবীণ কুমাৰ সৱতী জনসাধাৰণৰ মাজত ভীম নামেৰে বিখ্যাত আছিল আৰু মানুহে তেওঁক বহুত ভাল পাইছিল। জানিব পৰা মতে প্ৰবীণ কুমাৰ সৱতী আৰ্থিক সংকটৰ সন্মুখীন হৈছিল আৰু তেওঁ দীৰ্ঘদিন ধৰি অসুস্থ আছিল। ৰোগ আৰু আৰ্থিক সংকটত তেওঁৰ জীৱনৰ শেষৰচোৱা সময় জুৰুলা হৈ পৰিছিল। অভিনয়লৈ অহাৰ আগতে প্ৰবীণ কুমাৰ এজন খেলুৱৈ আছিল। তেওঁ এছিয়ান আৰু কমনৱেলথ গেমছত পদক জিকি দেশলৈ সুনাম কঢ়িয়াই আনিছিল। তেওঁক অৰ্জুন বঁটাৰে সন্মানিত কৰা হৈছিল। ক্ৰীড়া জগতত সুনাম অৰ্জন কৰাৰ পাছত তেওঁ সীমান্ত সুৰক্ষা বাহিনীত (বিএছএফ) চাকৰিও লাভ কৰে। ইয়াৰে কেইবছৰমান পাছত প্ৰবীণ কুমাৰ সৱতীয়ে অভিনয়ৰ পৃথিৱীত ভৰি দিছিল আৰু তাৰ পিছত তেওঁ কেতিয়াও পিছলৈ ঘূৰি চোৱা নাছিল। প্ৰবীণ কুমাৰে পিঠিৰ বিষৰ বাবে ক্ৰীড়া জগতক বিদায় জনাইছিল। প্ৰবীণ কুমাৰ সৱতীয়ে কম সময়ৰ ভিতৰতে সৰু আৰু ডাঙৰ পৰ্দাৰ দৰ্শকৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰিছিল। অভিনেতাজনৰ মৃত্যুত সাংস্কৃতিক মহলত পৰিছে গভীৰ শোকৰ ছাঁ। আৰু পঢ়কঃ লতাজীয়ে ইনষ্টাগ্ৰামত মাত্ৰ ৬ জন ব্যক্তিক ফ’ল’ কৰিছিল! কোন তেওঁলোক?

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু