--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দূৰদৰ্শনৰ জনপ্ৰিয় ধাৰ্মিক ধাৰাবাহিক, বি আৰ চোপ্ৰা নিবেদিত মহাভাৰতত ভীমৰ চৰিত্ৰত অভিনয় কৰা অভিনেতা প্ৰবীণ কুমাৰ সৱতীৰ মৃত্যু হৈছে। দীৰ্ঘদিন ধৰি ৰোগৰ সৈতে যুঁজি থকা প্ৰবীণ কুমাৰ সৱতীয়ে ৭৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। প্ৰবীণ কুমাৰ সৱতীয়ে কেৱল অভিনয় জগততে নহয় ক্ৰীড়া জগততো সুনাম অৰ্জন কৰিছিল। পঞ্জাৱৰ পৰা মুম্বাইলৈ অহা প্ৰবীণ কুমাৰে বলীউডৰ বহুতো চলচ্চিত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। চলচ্চিত্ৰসমূহত তেওঁক প্ৰায়ে খলনায়কৰ চৰিত্ৰত দেখা গৈছিল। ক্ৰীড়াৰ পৰা অভিনয়লৈকে প্ৰবীণ কুমাৰে সদায় তেওঁৰ ১০০ শতাংশ উজাৰি দিবলৈ চেষ্টা কৰিছিল আৰু প্ৰতিবাৰেই তেওঁ সফলতা লাভ কৰিছিল। প্ৰবীণ কুমাৰ সৱতী জনসাধাৰণৰ মাজত ভীম নামেৰে বিখ্যাত আছিল আৰু মানুহে তেওঁক বহুত ভাল পাইছিল। জানিব পৰা মতে প্ৰবীণ কুমাৰ সৱতী আৰ্থিক সংকটৰ সন্মুখীন হৈছিল আৰু তেওঁ দীৰ্ঘদিন ধৰি অসুস্থ আছিল। ৰোগ আৰু আৰ্থিক সংকটত তেওঁৰ জীৱনৰ শেষৰচোৱা সময় জুৰুলা হৈ পৰিছিল। অভিনয়লৈ অহাৰ আগতে প্ৰবীণ কুমাৰ এজন খেলুৱৈ আছিল। তেওঁ এছিয়ান আৰু কমনৱেলথ গেমছত পদক জিকি দেশলৈ সুনাম কঢ়িয়াই আনিছিল। তেওঁক অৰ্জুন বঁটাৰে সন্মানিত কৰা হৈছিল। ক্ৰীড়া জগতত সুনাম অৰ্জন কৰাৰ পাছত তেওঁ সীমান্ত সুৰক্ষা বাহিনীত (বিএছএফ) চাকৰিও লাভ কৰে। ইয়াৰে কেইবছৰমান পাছত প্ৰবীণ কুমাৰ সৱতীয়ে অভিনয়ৰ পৃথিৱীত ভৰি দিছিল আৰু তাৰ পিছত তেওঁ কেতিয়াও পিছলৈ ঘূৰি চোৱা নাছিল। প্ৰবীণ কুমাৰে পিঠিৰ বিষৰ বাবে ক্ৰীড়া জগতক বিদায় জনাইছিল। প্ৰবীণ কুমাৰ সৱতীয়ে কম সময়ৰ ভিতৰতে সৰু আৰু ডাঙৰ পৰ্দাৰ দৰ্শকৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰিছিল। অভিনেতাজনৰ মৃত্যুত সাংস্কৃতিক মহলত পৰিছে গভীৰ শোকৰ ছাঁ। আৰু পঢ়কঃ লতাজীয়ে ইনষ্টাগ্ৰামত মাত্ৰ ৬ জন ব্যক্তিক ফ’ল’ কৰিছিল! কোন তেওঁলোক?

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু