--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছালৰ কৰ্কট ৰোগৰ  আটাইতকৈ মাৰাত্মক প্ৰকাৰ  হৈছে  মেলানোমা৷ ইয়াৰ  বিৰুদ্ধে বিশ্বৰ প্ৰথম  এমআৰএনএ ভেকছিনৰ এক গুৰুত্বপূৰ্ণ পৰীক্ষণ আৰম্ভ হ’ল৷ যোৱা আগষ্ট মাহত  মূৰৰ ছালত  মেলানোমা সৃষ্টি হোৱা  ৫২ বছৰীয়া ষ্টিভ ইয়ং হৈছে  ভেকছিন গ্ৰহণ কৰা  প্ৰথমগৰাকী ব্যক্তি৷  ইটো এই ভেকছিন  ৰোগ প্ৰতিৰোধ প্ৰণালীকশক্তিশালী কৰি   কৰ্কট ৰোগৰ কোষ চিনাক্ত আৰু ধ্বংস কৰিব পৰাকৈ প্ৰস্তুত কৰা হৈছে।  আশা কৰা হৈছে যে এই ভেকছিন গ্ৰহণ কৰিলে পিছলৈ পুনৰ ছালৰ কৰ্কট ৰোগ ঘূৰি নাহে। জেব, এমআৰএনএ-৪১৫৭  (ভি৯৪০) নামৰ ছালৰ কৰ্কট ৰোগৰ ভেকছিন বিধ কোভিড ভেকছিনৰ দৰে একে প্ৰযুক্তি ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হৈছে৷   ইউনিভাৰ্চিটি কলেজ লণ্ডন হস্পিটেলছৰ (ইউচিএলএইচ) চিকিৎসকে এই ভেকছিনৰ বিকাশত প্ৰধান ভূমিকা গ্ৰহণ কৰিছে৷  

 ভেকছিন বিধে শৰীৰক প্ৰ'টিন বা এণ্টিবডী তৈয়াৰ কৰিবলৈ নিৰ্দেশ দি কাম কৰেআৰু  কৰ্কট কোষবোৰত পোৱা মাৰ্কাৰ বা এণ্টিজেনক আক্ৰমণ কৰে। ইউচিএলএইচৰ গৱেষক  ডাঃ হিথাৰ শ্ব'য়ে কয়  যে এই ভেকছিনে জেবৰ মেলানোমা থকা লোকসকলক আৰোগ্য কৰাৰ সম্ভাৱনা আছে আৰু অন্যান্য কৰ্কট ৰোগ - হাঁওফাঁও, মূত্ৰাশয় আৰু বৃক্কৰ টিউমাৰৰ ক্ষেত্ৰতো ভেকছিন বিধে কাম দিব পাৰে৷ সেয়াও পৰীক্ষা কৰা হৈছে৷

ছালৰ কৰ্কট ৰোগ  মেলানোমাৰ সচৰাচৰ লক্ষণবোৰৰ ভিতৰত আছে: ছালত সৃষ্টি হোৱা  তিল বা সৰু টেমুনা যি বাঢ়ি যায় বা সময়ৰ লগে লগে সলনি হোৱা যেন লাগে। চাব লাগিব তিলটোৰ অসম আকৃতি আছে নেকি?, তিলটোৰ কাষবোৰ অস্পষ্ট নে দাগযুক্ত? তিলটোৰ ৰং আন তিলতকৈ বেলেগ নেকি? তিলটোৰ ৰং সলনি হৈ থাকিলে এয়া ছালৰ কৰ্কট ৰোগৰ সক্ষণ হ’ব পাৰে৷   টেমুনা বা তিলটো দেহত থকা  আনবোৰতকৈ ডাঙৰ নেকি? খজুৱতি ,  ৰক্তক্ষৰণ  আদি হয় নেকি? এনেবোৰ লক্ষণ থাকিলেই  ছালৰ  কৰ্কট ৰোগ নহ'বও পাৰে৷ এইক্ষেত্ৰত সঠিক পৰীক্ষা কৰাটো গুৰুত্বপূৰ্ণ। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ