--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছালৰ কৰ্কট ৰোগৰ  আটাইতকৈ মাৰাত্মক প্ৰকাৰ  হৈছে  মেলানোমা৷ ইয়াৰ  বিৰুদ্ধে বিশ্বৰ প্ৰথম  এমআৰএনএ ভেকছিনৰ এক গুৰুত্বপূৰ্ণ পৰীক্ষণ আৰম্ভ হ’ল৷ যোৱা আগষ্ট মাহত  মূৰৰ ছালত  মেলানোমা সৃষ্টি হোৱা  ৫২ বছৰীয়া ষ্টিভ ইয়ং হৈছে  ভেকছিন গ্ৰহণ কৰা  প্ৰথমগৰাকী ব্যক্তি৷  ইটো এই ভেকছিন  ৰোগ প্ৰতিৰোধ প্ৰণালীকশক্তিশালী কৰি   কৰ্কট ৰোগৰ কোষ চিনাক্ত আৰু ধ্বংস কৰিব পৰাকৈ প্ৰস্তুত কৰা হৈছে।  আশা কৰা হৈছে যে এই ভেকছিন গ্ৰহণ কৰিলে পিছলৈ পুনৰ ছালৰ কৰ্কট ৰোগ ঘূৰি নাহে। জেব, এমআৰএনএ-৪১৫৭  (ভি৯৪০) নামৰ ছালৰ কৰ্কট ৰোগৰ ভেকছিন বিধ কোভিড ভেকছিনৰ দৰে একে প্ৰযুক্তি ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হৈছে৷   ইউনিভাৰ্চিটি কলেজ লণ্ডন হস্পিটেলছৰ (ইউচিএলএইচ) চিকিৎসকে এই ভেকছিনৰ বিকাশত প্ৰধান ভূমিকা গ্ৰহণ কৰিছে৷  

 ভেকছিন বিধে শৰীৰক প্ৰ'টিন বা এণ্টিবডী তৈয়াৰ কৰিবলৈ নিৰ্দেশ দি কাম কৰেআৰু  কৰ্কট কোষবোৰত পোৱা মাৰ্কাৰ বা এণ্টিজেনক আক্ৰমণ কৰে। ইউচিএলএইচৰ গৱেষক  ডাঃ হিথাৰ শ্ব'য়ে কয়  যে এই ভেকছিনে জেবৰ মেলানোমা থকা লোকসকলক আৰোগ্য কৰাৰ সম্ভাৱনা আছে আৰু অন্যান্য কৰ্কট ৰোগ - হাঁওফাঁও, মূত্ৰাশয় আৰু বৃক্কৰ টিউমাৰৰ ক্ষেত্ৰতো ভেকছিন বিধে কাম দিব পাৰে৷ সেয়াও পৰীক্ষা কৰা হৈছে৷

ছালৰ কৰ্কট ৰোগ  মেলানোমাৰ সচৰাচৰ লক্ষণবোৰৰ ভিতৰত আছে: ছালত সৃষ্টি হোৱা  তিল বা সৰু টেমুনা যি বাঢ়ি যায় বা সময়ৰ লগে লগে সলনি হোৱা যেন লাগে। চাব লাগিব তিলটোৰ অসম আকৃতি আছে নেকি?, তিলটোৰ কাষবোৰ অস্পষ্ট নে দাগযুক্ত? তিলটোৰ ৰং আন তিলতকৈ বেলেগ নেকি? তিলটোৰ ৰং সলনি হৈ থাকিলে এয়া ছালৰ কৰ্কট ৰোগৰ সক্ষণ হ’ব পাৰে৷   টেমুনা বা তিলটো দেহত থকা  আনবোৰতকৈ ডাঙৰ নেকি? খজুৱতি ,  ৰক্তক্ষৰণ  আদি হয় নেকি? এনেবোৰ লক্ষণ থাকিলেই  ছালৰ  কৰ্কট ৰোগ নহ'বও পাৰে৷ এইক্ষেত্ৰত সঠিক পৰীক্ষা কৰাটো গুৰুত্বপূৰ্ণ। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বেংক চলাবলৈ অতি প্ৰয়োজনীয় স্থানীয় ভাষা ! কি কি ক'লে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?
ৰাজনৈতিক কাৰ্যত ব্যৱহাৰ কৰাত ব্রাজিলৰ মডেল লাৰিছাৰ ক্ষোভ,  'ভোট চুৰি'ক লৈ ৰাহুলে প্ৰদৰ্শন কৰা ফটোৰ প্ৰসংগ
আহমেদাবাদত টি-২০ বিশ্ব কাপৰ ফাইনেল, মেচ অনুষ্ঠিত হ'ব দিল্লী-কলকাতা- চেন্নাই- মুম্বাইসহ ৫ স্থানত
জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনৰ
৫ বিধায়কৰ ভৱিষ্যৎ অনিশ্চিত, আধা কংগ্রেছী-আধা বিজেপি হোৱাৰ পৰিণতি
লণ্ডনত বৃন্দাৱনী বস্ত্ৰ অসমলৈ অনাৰ চুক্তি কৰিব মুখ্যমন্ত্ৰীয়ে, তিনিদিনীয়া কাৰ্যসূচীৰে ১৫ নৱেম্বৰত ৰাওনা হ'ব ড° শৰ্মা
কুজীডাঁহত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ এশ বছৰীয়া জয়ন্তীৰ ব্যাপক প্ৰস্ততি; জুবিন গাৰ্গৰ নামত উছৰ্গা কৰা হৈছে সমূহ কাৰ্যসূচী
মুখ্যমন্ত্ৰীক সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ স্মাৰকপত্ৰ প্ৰদান
গোসাঁইগাঁও আৰ এন বি অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ গাফিলতিত প্ৰসূতিৰ মৃত্যু
প্ৰাণৰ শিল্পীগৰাকীৰ বাবেই তেজপুৰত টিকট নাপাই ডিমা হাছাওলৈ ঢাপলি মেলিলে ৭ অনুৰাগীয়ে
ডিব্ৰুগড়ত সাহিত্যিক নগেন শইকীয়াক অসম সাহিত্য সভাৰ সন্মান জ্ঞাপন; সাহিত্যিকগৰাকীৰ চকুত চকুলো
অন্ধ্ৰপ্ৰদেশৰ ভেংকটেশ্বৰ স্বামী মন্দিৰত পদপিষ্ট হৈ ১০ ভক্তৰ শোকাৱহ মৃত্যু
চিনেমা হলৰ অভাৱঃ 'ৰৈ ৰৈ বিনালে' চোৱাৰ পৰা বঞ্চিত মাজুলীবাসী
ঢাকাত স্থাপন আই এছ আইৰ ঘাটি, ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিবলৈ পাকিস্তানক বাংলাদেশৰ ভূমি ব্যৱহাৰৰ অনুমতি