--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লিভাৰত চৰ্বি জমা হোৱাটো বহুতো গুৰুতৰ ৰোগ আৰম্ভ হোৱাৰ লক্ষণ হ’ব পাৰে। লিভাৰত চৰ্বি জমা হলে তাক ফেটি লিভাৰ বুলি কোৱা হয়। ফেটি লিভাৰ দুই প্ৰকাৰৰ। এলক’হলিক আৰু নন এলক’হলিক। এলক’হলিক ফেটি লিভাৰ অত্যধিক মদ্যপানৰ ফলত হয়। নন এলক’হলিক ফেটি লিভাৰ বেয়া জীৱনশৈলী, মেদবহুলতা আৰু মধুমেহ ৰোগৰ বাবে হয়।

লিভাৰ শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগসমূহত অন্তৰ্ভুক্ত। তেজ ফিল্টাৰ কৰা, চৰ্বি ৰাহি কৰা আৰু মলি আঁতৰোৱা প্ৰক্ৰিয়াত ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। 

সেয়ে লিভাৰৰ ৰোগ হ’লে শৰীৰটো বিভিন্ন ৰোগত আক্ৰান্ত হয়। ষ্টেজ বৃদ্ধিৰ লগে লগে ফেটি লিভাৰ কেন্সাৰ, চিৰ’ছিছ আদিতো আক্ৰান্ত হ’ব পাৰে। 

ফেটি লিভাৰ হোৱাৰ লক্ষণ

১) ভৰি আৰু গোৰোহা ফুলা: ফেটি লিভাৰ হ’লে ভৰিৰ চাৰিওফালে থকা কলাত তৰল পদাৰ্থ জমা হয়, যাৰ ফলত ফুলি উঠে।

২) পেট ফুলা: লিভাৰৰ ৰোগত পেটত পানী জমা হ’বলৈ আৰম্ভ কৰে, যাৰ ফলত পেট ফুলাৰ সমস্যা হয়। ইয়াক চিৰ’ছিছ আৰু কেন্সাৰ বুলিও চিনাক্ত কৰা হৈছে।

৪) তলুৱা ফুলা: ভৰি আৰু গোৰোহা ফুলাৰ উপৰিও তলুৱাও ফুলে। 

৫) মুখখন ফুলা আৰু হাত ফুলাঃ মুখখন যদি হঠাতে ফুলি যায় আৰু হাতখনো ফুলি যায় তেন্তে ই ফেটি লিভাৰ হোৱাৰ লক্ষণ


নিয়ন্ত্ৰণ কৰাৰ উপায়

যদি আপুনি ফেটি লিভাৰৰ গুৰুতৰ পৰিণতিৰ পৰা হাত সাৰিব বিচাৰে তেন্তে আপোনাৰ ওজন নিয়ন্ত্ৰণ কৰক। ইয়াৰ বাবে প্ৰতিদিনে কমেও ৩০ মিনিট ব্যায়াম কৰিব লাগে। কম চৰ্বিযুক্ত খাদ্য গ্ৰহণ কৰক। কাৰ্বহাইড্ৰেট সমৃদ্ধ খাদ্য ভাত, আলু, ৰুটি আদি খাব কিন্তু কম পৰিমাণে খাব। ফ্ৰুক্ট’জ সমৃদ্ধ ৰস আৰু কাৰ্বনেটেড পানীয় বেছিকৈ সেৱন নকৰিব। ইয়াৰ বাহিৰেও মদ আৰু ধূমপান সেৱন নকৰিব।

স্বীকাৰোক্তিঃ প্ৰিয় পাঠক, আমাৰ প্ৰতিবেদন পঢ়াৰ বাবে ধন্যবাদ। এই খবৰটো কেৱল আপোনালোকক সজাগ কৰাৰ উদ্দেশ্যে লিখা হৈছে। আমি এই প্ৰতিবেদনত ঘৰুৱা উপায় আৰু সাধাৰণ তথ্যৰ সহায় লৈছো। যদি আপুনি যিকোনো ঠাইতে আপোনাৰ স্বাস্থ্যৰ সৈতে জড়িত কিবা পঢ়ে, তেন্তে গ্ৰহণ কৰাৰ আগতে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ লওক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বেংক চলাবলৈ অতি প্ৰয়োজনীয় স্থানীয় ভাষা ! কি কি ক'লে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?
ৰাজনৈতিক কাৰ্যত ব্যৱহাৰ কৰাত ব্রাজিলৰ মডেল লাৰিছাৰ ক্ষোভ,  'ভোট চুৰি'ক লৈ ৰাহুলে প্ৰদৰ্শন কৰা ফটোৰ প্ৰসংগ
আহমেদাবাদত টি-২০ বিশ্ব কাপৰ ফাইনেল, মেচ অনুষ্ঠিত হ'ব দিল্লী-কলকাতা- চেন্নাই- মুম্বাইসহ ৫ স্থানত
জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনৰ
৫ বিধায়কৰ ভৱিষ্যৎ অনিশ্চিত, আধা কংগ্রেছী-আধা বিজেপি হোৱাৰ পৰিণতি
লণ্ডনত বৃন্দাৱনী বস্ত্ৰ অসমলৈ অনাৰ চুক্তি কৰিব মুখ্যমন্ত্ৰীয়ে, তিনিদিনীয়া কাৰ্যসূচীৰে ১৫ নৱেম্বৰত ৰাওনা হ'ব ড° শৰ্মা
কুজীডাঁহত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ এশ বছৰীয়া জয়ন্তীৰ ব্যাপক প্ৰস্ততি; জুবিন গাৰ্গৰ নামত উছৰ্গা কৰা হৈছে সমূহ কাৰ্যসূচী
মুখ্যমন্ত্ৰীক সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ স্মাৰকপত্ৰ প্ৰদান
গোসাঁইগাঁও আৰ এন বি অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ গাফিলতিত প্ৰসূতিৰ মৃত্যু
প্ৰাণৰ শিল্পীগৰাকীৰ বাবেই তেজপুৰত টিকট নাপাই ডিমা হাছাওলৈ ঢাপলি মেলিলে ৭ অনুৰাগীয়ে
ডিব্ৰুগড়ত সাহিত্যিক নগেন শইকীয়াক অসম সাহিত্য সভাৰ সন্মান জ্ঞাপন; সাহিত্যিকগৰাকীৰ চকুত চকুলো
অন্ধ্ৰপ্ৰদেশৰ ভেংকটেশ্বৰ স্বামী মন্দিৰত পদপিষ্ট হৈ ১০ ভক্তৰ শোকাৱহ মৃত্যু
চিনেমা হলৰ অভাৱঃ 'ৰৈ ৰৈ বিনালে' চোৱাৰ পৰা বঞ্চিত মাজুলীবাসী
ঢাকাত স্থাপন আই এছ আইৰ ঘাটি, ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিবলৈ পাকিস্তানক বাংলাদেশৰ ভূমি ব্যৱহাৰৰ অনুমতি