--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লিভাৰত চৰ্বি জমা হোৱাটো বহুতো গুৰুতৰ ৰোগ আৰম্ভ হোৱাৰ লক্ষণ হ’ব পাৰে। লিভাৰত চৰ্বি জমা হলে তাক ফেটি লিভাৰ বুলি কোৱা হয়। ফেটি লিভাৰ দুই প্ৰকাৰৰ। এলক’হলিক আৰু নন এলক’হলিক। এলক’হলিক ফেটি লিভাৰ অত্যধিক মদ্যপানৰ ফলত হয়। নন এলক’হলিক ফেটি লিভাৰ বেয়া জীৱনশৈলী, মেদবহুলতা আৰু মধুমেহ ৰোগৰ বাবে হয়।

লিভাৰ শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগসমূহত অন্তৰ্ভুক্ত। তেজ ফিল্টাৰ কৰা, চৰ্বি ৰাহি কৰা আৰু মলি আঁতৰোৱা প্ৰক্ৰিয়াত ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। 

সেয়ে লিভাৰৰ ৰোগ হ’লে শৰীৰটো বিভিন্ন ৰোগত আক্ৰান্ত হয়। ষ্টেজ বৃদ্ধিৰ লগে লগে ফেটি লিভাৰ কেন্সাৰ, চিৰ’ছিছ আদিতো আক্ৰান্ত হ’ব পাৰে। 

ফেটি লিভাৰ হোৱাৰ লক্ষণ

১) ভৰি আৰু গোৰোহা ফুলা: ফেটি লিভাৰ হ’লে ভৰিৰ চাৰিওফালে থকা কলাত তৰল পদাৰ্থ জমা হয়, যাৰ ফলত ফুলি উঠে।

২) পেট ফুলা: লিভাৰৰ ৰোগত পেটত পানী জমা হ’বলৈ আৰম্ভ কৰে, যাৰ ফলত পেট ফুলাৰ সমস্যা হয়। ইয়াক চিৰ’ছিছ আৰু কেন্সাৰ বুলিও চিনাক্ত কৰা হৈছে।

৪) তলুৱা ফুলা: ভৰি আৰু গোৰোহা ফুলাৰ উপৰিও তলুৱাও ফুলে। 

৫) মুখখন ফুলা আৰু হাত ফুলাঃ মুখখন যদি হঠাতে ফুলি যায় আৰু হাতখনো ফুলি যায় তেন্তে ই ফেটি লিভাৰ হোৱাৰ লক্ষণ


নিয়ন্ত্ৰণ কৰাৰ উপায়

যদি আপুনি ফেটি লিভাৰৰ গুৰুতৰ পৰিণতিৰ পৰা হাত সাৰিব বিচাৰে তেন্তে আপোনাৰ ওজন নিয়ন্ত্ৰণ কৰক। ইয়াৰ বাবে প্ৰতিদিনে কমেও ৩০ মিনিট ব্যায়াম কৰিব লাগে। কম চৰ্বিযুক্ত খাদ্য গ্ৰহণ কৰক। কাৰ্বহাইড্ৰেট সমৃদ্ধ খাদ্য ভাত, আলু, ৰুটি আদি খাব কিন্তু কম পৰিমাণে খাব। ফ্ৰুক্ট’জ সমৃদ্ধ ৰস আৰু কাৰ্বনেটেড পানীয় বেছিকৈ সেৱন নকৰিব। ইয়াৰ বাহিৰেও মদ আৰু ধূমপান সেৱন নকৰিব।

স্বীকাৰোক্তিঃ প্ৰিয় পাঠক, আমাৰ প্ৰতিবেদন পঢ়াৰ বাবে ধন্যবাদ। এই খবৰটো কেৱল আপোনালোকক সজাগ কৰাৰ উদ্দেশ্যে লিখা হৈছে। আমি এই প্ৰতিবেদনত ঘৰুৱা উপায় আৰু সাধাৰণ তথ্যৰ সহায় লৈছো। যদি আপুনি যিকোনো ঠাইতে আপোনাৰ স্বাস্থ্যৰ সৈতে জড়িত কিবা পঢ়ে, তেন্তে গ্ৰহণ কৰাৰ আগতে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ লওক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ