--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বৰ বিজ্ঞানীসকল সৌৰজগতৰ বাহিৰৰ গ্ৰহত বসবাসযোগ্য স্থান বিচৰাত ব্ৰতী হৈ পৰিছে।ইয়াৰ অৰ্থ হ’ল জীৱৰ বাবে বসবাসযোগ্য অঞ্চল। এই অঞ্চলটো পানীৰ তলত বা মাটিৰ পৃষ্ঠত হ’ব পাৰে। কিন্তু জীৱনৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ’ল পানীৰ উপস্থিতি।নাছাৰ মতে বিশ্বৰ ১৭ টা গ্ৰহত পানীৰ উপস্থিতি আছে আৰু এই পানী সাগৰৰ ৰূপত আছে।বহুত বহিঃগ্ৰহ আছে যাৰ পৃষ্ঠভাগ অতি ঠাণ্ডা।গ্ৰহসমূহৰ ভূপৃষ্ঠৰ তলত পানীৰ সাগৰ আছে। বহুতৰে তলত বৰফৰ সাগৰ আছে। যেনেকৈ বৃহস্পতিৰ উপগ্ৰহ ইউৰোপা আৰু শনিৰ উপগ্ৰহ এনচেলাডাছ। এই দুয়োটা উপগ্ৰহৰ ভূপৃষ্ঠৰ তলত এখন সাগৰ আছে। কিন্তু ওচৰৰ গ্ৰহবোৰৰ মহাকৰ্ষণীয় টান আৰু নিকটৱৰ্তী গ্ৰহটোৰ তাপৰ বাবে বৰফ গলি যায় বিজ্ঞানীসকলৰ মতে তাত উপস্থিত থকা জৈৱিক অণু জীৱৰ উৎপত্তি আৰু বৃদ্ধিৰ বাবে প্ৰয়োজনীয়। এই সাগৰসমূহৰ তলৰ পৃষ্ঠত হাইড্ৰ’থাৰ্মেল ভেণ্ট থাকে, য’ৰ পৰা এই জৈৱিক কণিকাবোৰে শক্তি আৰু পুষ্টি লাভ কৰে।


নাছাৰ গডাৰ্ড স্পেচ ফ্লাইট চেণ্টাৰৰ বিজ্ঞানী ড° লিন কুইকে কয় যে-“ আমাৰ বিশ্লেষণ অনুসৰি এই ১৭টা গ্ৰহত বৰফৰ মহাসাগৰ আছে। য'ত জীৱনৰ প্ৰতিটো সম্ভাৱনা আছে। এই মহাসাগৰসমূহে গ্ৰহটোৰ ভিতৰৰ পৰা তাপ লাভ কৰে। অৰ্থাৎ তেজস্ক্রিয় পদার্থৰ ধ্বংসৰ কাৰণে। লগতে সাগৰলৈ অহা আভ্যন্তৰীণ ঢৌৰ প্ৰবাহৰ দ্বাৰা তাপ যোগান ধৰা হয়।” গৱেষকসকলৰ মতে- এই ১৭টা গ্ৰহৰ আকাৰ প্ৰায় পৃথিৱীৰ সমান। ইয়াত যথেষ্ট পোহৰ, পানী আৰু শিল আছে। তেওঁলোকৰ প্ৰকৃত গঠন এতিয়াও নিৰ্ণয় কৰা হৈছে। কিন্তু আমি ইতিমধ্যে ইমানবোৰ কথাৰ তথ্য পাইছো। কিন্তু এই সকলোবোৰ গ্ৰহ পৃথিৱীতকৈয়ো ঠাণ্ডা। যিয়ে দেখুৱাইছে যে পৃষ্ঠৰ ওপৰত বা তলত বৰফৰ সাগৰ আছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু