--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বৰ বিজ্ঞানীসকল সৌৰজগতৰ বাহিৰৰ গ্ৰহত বসবাসযোগ্য স্থান বিচৰাত ব্ৰতী হৈ পৰিছে।ইয়াৰ অৰ্থ হ’ল জীৱৰ বাবে বসবাসযোগ্য অঞ্চল। এই অঞ্চলটো পানীৰ তলত বা মাটিৰ পৃষ্ঠত হ’ব পাৰে। কিন্তু জীৱনৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ’ল পানীৰ উপস্থিতি।নাছাৰ মতে বিশ্বৰ ১৭ টা গ্ৰহত পানীৰ উপস্থিতি আছে আৰু এই পানী সাগৰৰ ৰূপত আছে।বহুত বহিঃগ্ৰহ আছে যাৰ পৃষ্ঠভাগ অতি ঠাণ্ডা।গ্ৰহসমূহৰ ভূপৃষ্ঠৰ তলত পানীৰ সাগৰ আছে। বহুতৰে তলত বৰফৰ সাগৰ আছে। যেনেকৈ বৃহস্পতিৰ উপগ্ৰহ ইউৰোপা আৰু শনিৰ উপগ্ৰহ এনচেলাডাছ। এই দুয়োটা উপগ্ৰহৰ ভূপৃষ্ঠৰ তলত এখন সাগৰ আছে। কিন্তু ওচৰৰ গ্ৰহবোৰৰ মহাকৰ্ষণীয় টান আৰু নিকটৱৰ্তী গ্ৰহটোৰ তাপৰ বাবে বৰফ গলি যায় বিজ্ঞানীসকলৰ মতে তাত উপস্থিত থকা জৈৱিক অণু জীৱৰ উৎপত্তি আৰু বৃদ্ধিৰ বাবে প্ৰয়োজনীয়। এই সাগৰসমূহৰ তলৰ পৃষ্ঠত হাইড্ৰ’থাৰ্মেল ভেণ্ট থাকে, য’ৰ পৰা এই জৈৱিক কণিকাবোৰে শক্তি আৰু পুষ্টি লাভ কৰে।


নাছাৰ গডাৰ্ড স্পেচ ফ্লাইট চেণ্টাৰৰ বিজ্ঞানী ড° লিন কুইকে কয় যে-“ আমাৰ বিশ্লেষণ অনুসৰি এই ১৭টা গ্ৰহত বৰফৰ মহাসাগৰ আছে। য'ত জীৱনৰ প্ৰতিটো সম্ভাৱনা আছে। এই মহাসাগৰসমূহে গ্ৰহটোৰ ভিতৰৰ পৰা তাপ লাভ কৰে। অৰ্থাৎ তেজস্ক্রিয় পদার্থৰ ধ্বংসৰ কাৰণে। লগতে সাগৰলৈ অহা আভ্যন্তৰীণ ঢৌৰ প্ৰবাহৰ দ্বাৰা তাপ যোগান ধৰা হয়।” গৱেষকসকলৰ মতে- এই ১৭টা গ্ৰহৰ আকাৰ প্ৰায় পৃথিৱীৰ সমান। ইয়াত যথেষ্ট পোহৰ, পানী আৰু শিল আছে। তেওঁলোকৰ প্ৰকৃত গঠন এতিয়াও নিৰ্ণয় কৰা হৈছে। কিন্তু আমি ইতিমধ্যে ইমানবোৰ কথাৰ তথ্য পাইছো। কিন্তু এই সকলোবোৰ গ্ৰহ পৃথিৱীতকৈয়ো ঠাণ্ডা। যিয়ে দেখুৱাইছে যে পৃষ্ঠৰ ওপৰত বা তলত বৰফৰ সাগৰ আছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক